ETV Bharat / bharat

কোভিড-১৯ঃ দেশৰ বৃহত্তম পৃথক আছুতীয়া কক্ষৰ নিয়ন্ত্ৰণৰ দায়িত্ব স্থলসেনাক

author img

By

Published : Apr 20, 2020, 12:59 PM IST

দিল্লীৰ নীৰেলাস্থিত দেশৰ বৃহত্তম পৃথক আছুতীয়া কক্ষ (quarantine centre)ৰ দায়িত্ব অৰ্পন কৰা হৈছে ভাৰতীয় স্থলসেনাক । এতিয়াৰে পৰা স্থলসেনাৰ এটি ৪০ জনীয়া স্বাস্থ্যকৰ্মীৰ দলে এই কেন্দ্ৰটোত থকা লোকসকলক পৰিচৰ্যা কৰিব ।

আছুতীয়া কক্ষৰ নিয়ন্ত্ৰণৰ দায়িত্ব স্থলসেনাক

নিউজ ডেস্ক, ২০ এপ্ৰিলঃ দেশৰ বৃহত্তম কোভিড-১৯ পৃথক আছুতীয়া কক্ষৰ দায়িত্ব প্ৰদান কৰা হৈছে ভাৰতীয় স্থলসেনাক । নতুন দিল্লীৰ নাৰেলাস্থিত এই কেন্দ্ৰটোত নিজামুদ্দিনত অংশগ্ৰহণ কৰা ৯৩২ গৰাকী টবলিগি জামাতীক ৰখা হৈছে । স্থলসেনাৰ ৪০জনীয়া এটা দলক এই স্থানৰ নিৰীক্ষণ তথা পৰিচৰ্যাৰ দায়িত্ব প্ৰদান কৰা হৈছে ।

দিল্লী চৰকাৰে স্থাপন কৰা এই কেন্দ্ৰটোত দিনৰ ভাগত পৰিচৰ্যাৰ দায়িত্ব লাভ কৰিছে স্থলসেনাই । বিগত ১ এপ্ৰিলৰ পৰাই কেন্দ্ৰটোত অসামৰিক স্বাস্থ্যকৰ্মীসকলক আংশিকভাৱে সহায় কৰি আহিছে স্থলসেনাই । কিন্তু ১৬ এপ্ৰিলৰ পৰা সম্পূৰ্ণৰূপে কেন্দ্ৰটোৰ দায়িত্ব লাভ কৰে স্থলসেনাই । স্থলসেনাৰ দলটোত ৬ গৰাকী চিকিৎসক, ১৮গৰাকী পেৰামেডিক কৰ্মীৰ লগতে বাকীসকলে স্বেচ্ছাই কেন্দ্ৰটোত সেৱা আগবঢ়াৱলৈ আগবাঢ়ি আহে । ৰাতিপুৱা ৮ বজাৰ পৰা ৰাতি ৮ বজালৈ কেন্দ্ৰটোত স্বাস্থ্যসেৱা প্ৰদান কৰিব সেনাৰ দলটোৱে ।

লগতে পঢ়কঃ লকডাউনৰ মাজতে সাধুক গনহত্যাঃ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী ফাডনাভিজৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.