নিউজ ডেস্ক, 15 মে': ছিকিমত হিমস্খলনৰ ফলত নিহত হয় ভাৰতীয় সেনাৰ লেফটেনেন্ট কৰ্ণেলকে ধৰি দুজন সৈনিক । বৃহস্পতিবাৰে উত্তৰ ছিকিমৰ লুগনাক লা অঞ্চলত পুৱা 11.30 বজাত এই ঘটনা সংঘটিত হোৱা বুলি প্ৰকাশ পাইছে ।
মুগুথাং অঞ্চলত পৰা বৰফ মুকলি কৰি থাকোতেই হিমস্খলন সংঘটিত হয় বুলি জানিব পৰা গৈছে ।
এই হিমস্খলনত আহত হৈছে কেবাগৰাকীও সৈনিক । কামাণ্ডিং অফিছাৰকে ধৰি তিনিগৰাকী বিষয়া, 2 জন IC, 12 জন JCO আৰু 23 গৰাকী জোৱান ইয়াৰ ফলত কম বেছি পৰিমানে আঘাতপ্ৰাপ্ত হৈছে । আনহাতে নিহত সেনা দুগৰাকী 18 জনীয়া পেট্ৰলিং দল এটাৰ অন্তৰ্গত আছিল বুলি জানিব পৰা গৈছে ।
এগৰাকী জেষ্ঠ্য সেনা বিষয়াই এই কথা অৱগত কৰে । নিহত সেনা দুজনৰ নাম লেফটেনেন্ট কৰ্ণেল ৰবাৰ্ট টি এ আৰু ছাপালা ছানমুখা ৰাও । বৰফৰ মাজত সোমাই পৰা বাবে তেওঁলোকৰ মৃত্যু হোৱা বুলি বিষয়া গৰাকীয়ে প্ৰকাশ কৰে ।