জম্মু-কাশ্মীৰ, ১৭ মে': জম্মু-কাশ্মীৰৰ ড'ডা জিলাত দেওবাৰে পুৱা সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘটিত হয় প্ৰচণ্ড গুলীয়াগুলীৰ ঘটনা । এই সংঘৰ্ষত এজন সেনা জোৱান শ্বহীদ হোৱাৰ বিপৰীতে এজন সন্ত্ৰাসবাদী মৃত্যু হোৱা বুলি বৰ্তমানলৈকে জানিব পৰা গৈছে ।
-
On a Specific Police input an operation launched late last night in #Doda District. Encounter started just now.
— J&K Police (@JmuKmrPolice) May 17, 2020 " class="align-text-top noRightClick twitterSection" data="
">On a Specific Police input an operation launched late last night in #Doda District. Encounter started just now.
— J&K Police (@JmuKmrPolice) May 17, 2020On a Specific Police input an operation launched late last night in #Doda District. Encounter started just now.
— J&K Police (@JmuKmrPolice) May 17, 2020
জম্মু-কাশ্মীৰ আৰক্ষীয়ে কৰা টুইট অনুসৰি ড'ডা জিলাত এক বিশেষ তথ্যৰ ভিত্তিতেই মাজ নিশা এক অপাৰেচন চলোৱা হৈছিল । এই অপাৰেচনৰ মাজতেই শেহতীয়াকৈ (পুৱা) দুয়ো পক্ষৰ মাজত গুলীয়াগুলীৰ ঘটনা সংঘটিত হয় ।
এই বৰ্ষত জম্মু-কাশ্মীৰৰ ড'ডা জিলাত সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত হোৱা এইটো হৈছে দ্বিতীয়টো গুলীয়াগুলীৰ ঘটনা । ইয়াৰ পূৰ্বে ১৫ জানুৱাৰীত সেনাই হিজবুল মুজাহিদিনৰ কমাণ্ডাৰ হাৰুণ আব্বাছক সংঘৰ্ষত গুলীয়াই হত্যা কৰিবলৈ সক্ষম হৈছিল । আনহাতে এই মাহৰ পূৰ্বতে দুজন হিজবুল মুজাহিদিনৰ সন্ত্ৰাসবাদীক অস্ত্ৰ-শস্ত্ৰ সহ এই জিলাৰ পৰাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল সেনাই ।
( এই ঘটনা সন্দৰ্ভত অধিক তথ্য বৰ্তমানো অপেক্ষাৰত)