নিউজ ডেস্ক, 1 মাৰ্চঃ এক শোকাৱহ দুৰ্ঘটনা ৷ নিজৰ মৰমৰ কুকুৰটোক বচাবলৈ গৈ প্ৰাণ হেৰুৱালে দেশৰ এগৰাকী সেনা বিষয়াই ৷ এই ঘটনা সংঘটিত হয় জম্মু-কাশ্মীৰৰ বাৰামুল্লা জিলাৰ গুলমাৰ্গত ৷
শনিবাৰে সেনা বিষয়াগৰাকী বাসগৃহত অগ্নিকাণ্ডৰ সূত্ৰপাত হয় ৷ এই ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা সেনা বিষয়া অংকিত বুধৰাজাই পত্নী আৰু এটা কুকুৰক উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও অন্য এটা কুকুৰক উদ্ধাৰ কৰিবলৈ যাওঁতেই 90 শতাংশ অগ্নিদগ্ধ হয় ৷ ফলত ঘটনাস্থলীতে মৃত্যু হয় সেনা বিষয়াগৰাকীৰ ৷
পিচত স্থানীয় আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ সহযোগত জুই নিৰ্বাপন কৰা হয় ৷ সেনা বিষয়াগৰাকীৰ মৃতদেহটো পিচত মৰণোত্তৰ পৰীক্ষাৰ বাবে টাংমাৰ্গ চিকিৎসালয়ৈ প্ৰেৰণ কৰা হৈছে ৷