ETV Bharat / bharat

জম্মু-কাশ্মীৰত সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত : নিহত এজন

সোমবাৰে নিশা জম্মু-কাশ্মীৰৰ কঠুৱা জিলাৰ লোখনপুৰত এখন সেনাবাহিনীৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত ৷ দুৰ্ঘটনাটোত এগৰাকী পাইলট নিহত হোৱাৰ লগতে আন এগৰাকী সংকটজনক অৱস্থাত আছে ৷

Army helicopter crashes
জম্মু-কাশ্মীৰত সেনা বিমান দুৰ্ঘটনাগ্ৰস্ত
author img

By

Published : Jan 25, 2021, 10:36 PM IST

নেশ্যনেল ডেস্ক,25 জানুৱাৰী : জম্মু-কাশ্মীৰৰ কঠুৱা জিলাৰ লোখনপুৰত সোমবাৰে নিশা দুৰ্ঘটনাগ্ৰস্ত হয় এখন সেনাবাহিনীৰ হেলিকপ্টাৰ ৷ সূত্ৰই জনোৱা মতে, দুৰ্ঘটনাটোত দুগৰাকী পাইলট আঘাতপ্ৰাপ্ত হয় আৰু তেওঁলোকক ততাতৈয়াকৈ পাথানকোট সেনা হাস্পতালত ভৰ্তি কৰোৱা হয় ৷

অৱশ্যে এগৰাকী পাইলট মৃত বুলি ঘোষণা কৰাৰ বিপৰীতে আনগৰাকী সংকটজনক অৱস্থাত থকা বুলি হাস্পতাল কৰ্তৃপক্ষই সদৰি কৰে ৷

উল্লেখ্য যে, হেলিকপ্টাৰখনৰ যান্ত্ৰিক বিজুতি ঘটাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয় ৷ পৰিস্থিতিৰ বুজ ল’বলৈ ইতিমধ্যে ঘটনাস্থলীত সেনা আৰু প্ৰশাসন উপস্থিত হোৱা বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : ত্ৰিপুৰাৰ চাকৰি হেৰুওৱা শিক্ষকৰ মৃত্যুৰ সংখ্যা 84 লৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.