ETV Bharat / bharat

সেনাই সম্পূৰ্ণ কৰিলে বাঘজান তৈলখাদলৈ যোৱা দলং নিৰ্মাণৰ কাম - বাঘজানত সেনাৰ নিৰ্মাণকাৰ্য

বাঘজান তৈল খাদত সৃষ্টি হোৱা অগ্নিকাণ্ড নিৰ্বাপন কৰিবলৈ সেনাই তৈয়াৰ কৰা ওলোমা দলঙৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈ উঠিছে ৷ সেনাৰ গুৱাহাটীস্থিত মুখপাত্ৰ লে. কৰ্ণেল পি খংছায়ে এই কথা প্ৰকাশ কৰিছে ৷

সেনাই সম্পূৰ্ণ কৰিলে বাঘজান তৈলখাদলৈ যোৱা দলং নিৰ্মাণৰ কাম

author img

By

Published : Jun 23, 2020, 10:39 PM IST

নিউজ ডেস্ক, 23 জুন : বাঘজানৰ তৈলখাদত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ড নিৰ্বাপন কৰিবলৈ অসম চৰকাৰে সেনাৰ সহায় লৈছিল ৷ ইয়াৰ বাবে ভাৰতীয় স্থলসেনাই উক্ত স্থানলৈ এখন দলং নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল ৷ বিগত 14 জুনতে অইল ইণ্ডিয়া লিমিটেডে অসামৰিক প্ৰশাসনৰ জৰিয়তে সেনাক অগ্নিকাণ্ড নিৰ্বাপনত সহায় কৰিবলৈ অনুৰোধ কৰিছিল ৷ বাঘজানৰ অইল ফিল্ড নং 5ত সংঘটিত এই অগ্নিকাণ্ড নিৰ্বাপন কৰিবলৈ সেনাই তৈয়াৰ কৰা দলংখনৰ নিৰ্মাণকাৰ্য 22 জুনতে সম্পূৰ্ণ হৈ উঠে ৷

অগ্নিকাণ্ড নিৰ্বাপন কৰিবলৈ লোৱা এই কামটো সেনাৰ বাবে যথেষ্ট জটিল আছিল ৷ কিয়নো উক্ত স্থানৰ পৰা নিৰন্তৰ নিৰ্গমন হৈ থকা জুইৰ লগতে তাৰ উত্তাপে নিৰ্মাণকাৰ্যত যথেষ্ট বাধাৰ সৃষ্টি কৰিছিল ৷ কিন্তু সকলো বাধা নেওঁচি সেনাই এই দলংখনৰ নিৰ্মাণৰ কাম চলাই গৈছিল আৰু ইয়াৰ বাবে সেনাৰ 150 গৰাকী বিশেষভাৱে প্ৰশিক্ষিত জোৱানে কাম কৰিছিল ৷ দলংখন নিৰ্মাণৰ বাবে সেনাই প্ৰায় 233 মেট্ৰিক টন সামগ্ৰী 400 কিলোমিটাৰ দুৰত্বৰ পৰা লৈ আনিছিল ৷ সেনাই 75 ডিগ্ৰী চেলছিয়াচ উষ্ণতাত দলং নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰি তোলে ৷

ইতিমধ্যে এই দলংখনেৰে বিশেষজ্ঞৰ দলে এটা বিশেষ পাইপ অগ্নিকাণ্ডস্থলীলৈ পৰিৱহন কৰি নিয়াৰ লগতে ইয়াৰ দ্বাৰা এক বৰষুন ছাতি তৈয়াৰ কৰিব ৷ যাৰ ফলত অগ্নিকাণ্ড নিয়ন্ত্ৰনলৈ অহাৰ সম্ভাৱনা আছে ৷ সেনাৰ এটা বিশেষজ্ঞৰ দলে এই দলংখন নিয়মীয়াভাৱে নিৰীক্ষণত ৰাখি ইয়াৰ দ্বাৰা অগ্নিকাণ্ড নিৰ্বাপনৰ কামসমূহ সম্পন্ন কৰিব ৷

লগতে পঢ়কঃ বাঘজানত ২৪ জুনৰ পৰা চলিব অগ্নি নিৰ্বাপনৰ অভিযান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.