তেজপুৰ, ২৫ নৱেম্বৰ: ভাৰতীয় সেনাৰ মুখ্য সেনাধ্যক্ষ জেনেৰেল মনোজ মুকুন্দ নৰাৱনেই তিনিদিনীয়া ভ্ৰমণসূচীৰে বুধবাৰে উত্তৰ-পূৰ্বাঞ্চলৰ নাগালেণ্ডৰ ডিমাপুৰত উপস্থিত হয় ৷ ইয়াৰ পিচতে নাগালেণ্ডৰ ৰাজধানী কহিমাত "অৰফেন এজ" নামৰ এখন আশ্ৰম মুকলি কৰে নৰাৱনেই ৷
![Army Chief General Manoj Naravane, who is on three days visit to North East](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tezpur-25nov-02-pix-armychief-pranabkumardas-7203907_25112020191359_2511f_1606311839_473.jpg)
উল্লেখ্য যে, কহিমাত অসম ৰাইফলছৰ দ্বাৰা পৰিচালিত এই অনাথ আশ্ৰমখন নিৰ্মাণৰ বাবে যোৱা এপ্ৰিল আৰু জুন মাহত প্ৰায় ৪.৫ লাখ টকাৰ সাহাৰ্য প্রদান কৰা হৈছিল ৷ এই টকাৰে আশ্ৰমখনত কম্পিউটাৰ, শ্ৰেণীকোঠা, শিশুসকলৰ বাবে উপযুক্ত ঔষধ আদিৰ ব্যৱস্থা কৰা হয় ৷
![Army Chief General Manoj Naravane, who is on three days visit to North East](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tezpur-25nov-02-pix-armychief-pranabkumardas-7203907_25112020191359_2511f_1606311839_1046.jpg)
কহিমাৰ ২৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ৮ কিল'মিটাৰ দূৰত্বত অৱস্থিত অনাথ আশ্ৰমখন ১৯৭৩ চনতে জাপুত আগামী নামৰ এগৰাকী উদাৰ মহিলাই আৰম্ভ কৰিছিল । বৰ্তমান এই আশ্ৰমখনত প্ৰায় ৯৫ গৰাকী শিশু আছে আৰু ইয়াৰে ২৬ গৰাকী কন্যা শিশু ৷
লগতে পঢ়কঃনিভাৰৰ প্ৰভাৱ: চেম্বৰমবক্কম বান্ধ মুকলি