নিউজ ডেস্ক, ১৬ জুন : লক ডাউনৰ মাজতে ১৫ জুনত মণিপুৰৰ ইম্ফলৰ পশ্চিম জিলাৰ বাসিন্দা তথা ভাৰতীয় সেনাৰ শ্বহীদ সেনা লুঙ্গাম্বুই আবনেমীক শেষ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰা হয় ।

১৩ জুনত জম্বু-কাশ্মীৰৰ LOC বৰ্ডাৰৰ দায়িত্ব সম্পাদন কৰি থকাৰ সময়ত মৃত্যু হয় সৈনিকজনৰ । পৰৱৰ্তী সময়ত বাহাদুৰ সৈনিক জনৰ নশ্বৰ দেহ বিমানযোগে দিল্লীৰ পৰা ইম্ফললৈ অনা হয় । সৈনিকজনৰ মৃতদেহ অনাৰ আগতে ভাৰতীয় সেনাৰ তৰফৰ পৰা বিমান বন্দৰতে সৈনিকজনক শেষ শ্ৰদ্ধাঞ্জলী জনোৱা হয় ।

মৃতদেহ ঘৰত উপস্থিত হোৱাৰ পিছতে স্থানীয় সেনাৰ সহযোগত সৈনিকজনৰ মৃতদেহ সমাধিস্থ কৰা হয় । সৈনিকজনৰ পৰিয়াল,আত্মীয়-স্বজন,বন্ধু-বৰ্গৰ উপস্থিতিত শ্বহীদ সেনা গৰাকীক অন্তিম বিদায় দিয়া হয় ।

লগতে পঢ়ক : ধেমাজিত জীয়াঢলৰ সংহাৰী ৰূপ