ETV Bharat / bharat

COVID 19ঃ অসমৰ ডিটেনচন কেম্পৰ বিদেশীক মুকলি কৰিবলৈ উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

author img

By

Published : Apr 1, 2020, 9:05 PM IST

পাব্লিক চেৰিটেবল ট্ৰাষ্টটোৱে বন্দী হৈ থকা বিদেশী সকলক মুকলি কৰাৰ বাবে গ্ৰহণ কৰা এই পদক্ষেপৰ শলাগ লৈ শীঘ্ৰে বন্দীসকলৰ স্বাস্থ্য প্ৰতি গুৰুত্ব প্ৰদান কৰি তেওঁলোকক মুকলি কৰিবলৈ মুখ্য ন্যায়াধীশক আহ্বান জনায় ৷

Plea in SC to free people from Detention Centres in Assam

নিউজ ডেস্ক, 1 এপ্ৰিলঃ দেশৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি লকডাউনৰ বাবে ইতিমধ্যে মুকলি কৰি দিয়া হৈছে ভাৰত তথা ৰাজ্যৰ কেবাখনো জেলৰ কাৰাবন্দীসকলক ৷ জামিন তথা পেৰলত কাৰাবন্দীসকলক মুকলি কৰাৰ খবৰ বিয়পি পৰাৰ পাছতে এতিয়া অসমৰ ডিটেনছন কেম্পত বন্দী হৈ থকা বিদেশী সকলক মুকলি কৰি দিবলৈ উচ্চতম ন্যায়ালয়ত এখন আৱেদন দাখিল কৰে অসমৰ এটা পাব্লিক চেৰিটেবল ট্ৰাষ্ট "Justice and Liberty Initiative" য়ে ৷

"Justice and Liberty Initiative" য়ে "কভিদ 19" মহামাৰীৰ সময়চোৱাত ভাৰতৰ মুখ্য দণ্ডাধীশ এচ এ বাবদেক অসমৰ 6 খন ডিটেনছন কেম্পত বন্দী হৈ থকা বিদেশী সকলক শীঘ্ৰেই মুকলি কৰি দিবলৈ এখন আৱেদন প্ৰদান কৰে ৷ পাব্লিক চেৰিটেবল ট্ৰাষ্টটোৱে বন্দী হৈ থকা বিদেশী সকলক মুকলি কৰাৰ বাবে গ্ৰহণ কৰা এই পদক্ষেপৰ শলাগ লৈ শীঘ্ৰে বন্দীসকলৰ স্বাস্থ্য প্ৰতি গুৰুত্ব প্ৰদান কৰি তেওঁলোকক মুকলি কৰিবলৈ মুখ্য ন্যায়াধীশক আহ্বান জনায় ৷

11 মাৰ্চত ৰাজ্যসভাত গৃহ ৰাজ্যিক মন্ত্ৰীয়ে উল্লেখ তথ্য অনুসৰি অসমৰ 6 টা ডিটেনচন কেম্পত মুঠ 802 গৰাকী বন্দী হৈ থকা বিদেশী লোক আছে ৷ ইতিমধ্যে বহু সংখ্যক লোক ডিটেনচেন কেম্পৰ ভিতৰতে অসুস্থ হৈ পৰিছে ৷ উল্লেখ্য বিগত বৰ্ষত 10 গৰাকী বন্দী হৈ থকা বিদেশী লোকৰ কেম্পৰ ভিতৰতে মৃত্যু ঘটিছিল ৷ উচ্চতম ন্যায়ালয়ে 2019 চনৰ 10 মাৰ্চত ইতিমধ্যে ডিটেনচন কেম্পত 3 বছৰ পাৰ কৰা লোকসকলক মুকলি কৰিবলৈ নিৰ্দেশ দিছিল ৷

যিহেতু কৰ'ণা ভাইৰাছৰ সক্ৰমণৰ পৰিপেক্ষিতত কয়দীসকলক মুকলি কৰা হৈছে তেনেস্থলত কাৰাবন্দী বিদেশীসকলৰ ক্ষেত্ৰটো সম-অধিকাৰ প্ৰযোজ্য হোৱাটো উচিত বুলি দাবী কৰে "Justice and Liberty Initiative" য়ে ৷

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.