বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে কৈছিল যে, সকলোবোৰ খণ্ডই দেশত বিক্ৰী কৰিবৰ বাবে স্বতন্ত্ৰ, তেন্তে কৃষকসকলক এই সুবিধা কিয় প্ৰদান কৰা হোৱা নাই ৷ এয়া এক উচিত প্ৰস্তাৱ যেন লাগিলেও এয়া উচিত হয়নে ?
এই সম্পৰ্কত গভীৰ অধ্যয়নৰ বাবে আমি ভাৰতীয় সংবিধানৰ প্ৰস্তুতিৰ সময়লৈ ঘূৰি যাব লাগিব ৷ বিশ্বৰ প্ৰথমটো কৃষিভিত্তিক MNC ইষ্ট ইণ্ডিয়া কোম্পানীৰ 350 বছৰজোৰা শোষণৰ পাচত ভাৰতীয় কৃষকসকলৰ অৱস্থা অতি পুতৌজনক হৈ পৰিছে ৷ উইনষ্টন চাৰ্ছিলেৰ eugenic policies ৰ ফলত বেংগলত আকালে দেখা দিয়াৰ লগতে দেশৰ অন্য অঞ্চলসমূহ নিঃসহায় হৈ পৰিছিল ৷ দেশৰ কৃষিখণ্ডত এই শোষণৰ সন্মুখীনো হোৱাৰ ফলত ভাৰতীয় আইন প্ৰণয়নকাৰীসকলে সপ্তম অনুসূচীত (246 অনুচ্ছেদ) 'কৃষি' আৰু ৰাজ্যসমূহৰ তালিকাত 'বজাৰ আৰু মেলা' শব্দকেইটা অন্তৰ্ভূক্ত কৰে ৷ ভাৰতৰ ফাৰ্মসমূহে পুনৰ শোষণৰ বলি নহ'বৰ বাবে গ্ৰহণ কৰা হয় এই পদক্ষেপ ৷
কৃষকসকলৰ ফাৰ্ম আৰু উৎপাদনৰ বাবে আইন প্ৰণয়নকাৰীসকলে ৰাজ্যসমূহক সম্পূৰ্ণ স্বাধীনতা দিব বিচাৰিছিল ৷ প্ৰতিটো অঞ্চলৰ কৃষি আৰু বতৰ সামাজিক আৰু অৰ্থনৈতিক ব্যৱস্থাৰ ওপৰত নিৰ্ভৰশীল ৷ সেয়েহে কেন্দ্ৰই এই ক্ষেত্ৰত শাসন কৰিলে নীতিগত দোষ হোৱাৰ লগতে উৎপীড়নলৈ পৰিণত হ'ব ৷
APMC (Agricultural Produce Market Committees) আইনে এই নিশ্চিতি প্ৰদান কৰিছিল যে, দেশৰ একেবাৰে গাঁৱলীয়া অঞ্চলৰো প্ৰতিজন কৃষকে সামগ্ৰী বিক্ৰীৰ ক্ষেত্ৰত সমান সুবিধা আৰু উচিত ব্যৱহাৰ লাভ কৰিব ৷ APMC কমিটি স্থানীয় প্ৰতিনিধি যেনে, কৃষক আৰু ব্যৱসায়ী সকলৰ দ্বাৰা গঠন কৰা হয় ৷ এই ব্যৱস্থাৰ জৰিয়তে কৃষকে নিজৰ প্ৰাপ্য আদায় কৰিবলৈ সক্ষম হোৱাৰ লগতে মধ্যভোগী আৰু খুচুৰা ব্যৱসায়ী সকলৰ মাজত যাতে নীতিহীন দাম-দৰ চলিব নোৱাৰে তাৰ ওপৰতো নজৰ ৰাখিব লাগে ৷ কৃষকক আভুৱা ভৰা লেনদেনৰ বাবে হেঁচা প্ৰদানত বাধা দিয়াৰ উদ্দেশ্যে আইন প্ৰণয়নকাৰী সকলে APMC ৰ পৰিসৰ বৃদ্ধি কৰি আন্তঃৰাজ্যিক পৰ্যায়লৈ লৈ যোৱা হয় ৷ এই ব্যৱস্থাটোৱে কৃষকক নূন্যতম সমৰ্থন মূল্য আদায় কৰাত সহায় কৰিব বুলি ধাৰণা কৰা হৈছে ৷ কিন্তু, এখন বজাৰ অবিহনে কৃষকক নূন্যতম সমৰ্থন মূল্য আদায় দিব পাৰিবনে ? এই ক্ষেত্ৰত ব্যক্তিগত খণ্ডৰ উদ্যোগক কিমান ভৰসা কৰিব পৰা যাব সেয়াও এক প্ৰশ্ন ৷
ঐতিহাসিকভাৱে, আমেৰিকা আৰু অন্যান্য দেশত Cargill, Louis Drefyus আদি বৃহৎ কৃষিভিত্তিক ব্যৱসায় সমূহৰ উত্থান দেখা পাইছো ৷ কিন্তু, আমেৰিকাত সমবায় ভিত্তিক প্ৰতিষ্ঠানসমূহক ভাঙি দি নতুন বজাৰ শক্তিয়ে দাসত্বৰ কৃষিপ্ৰথা সৃষ্টি কৰা পৰিলক্ষিত হৈছে ৷ ফলত আমেৰিকাৰ কৃষি ঋণ 425 বিলিয়ন আমেৰিকান ডলাৰলৈ বৃদ্ধি পোৱাৰ উপৰিও 4 টা মূল কোম্পানীয়ে বিশ্বৰ খাদ্য সামগ্ৰী যোগান ব্যৱস্থাত 70 শতাংশ পৰ্যন্ত নিজৰ অধীনত নিয়ন্ত্ৰণ কৰি ৰাখিছে ৷
বিহাৰৰ ঘটনা :
2006 চনত বিহাৰে APMC আইন প্ৰত্যাহাৰ কৰিছিল, ইয়াৰ জৰিয়তে ৰাজ্যখনত ব্যক্তিগত খণ্ডৰ যোগান ব্যৱস্থাত বিনিয়োগ কৰাৰ লগতে বজাৰ আন্তঃগাঁথনি উন্নয়নৰ কৰাৰ সুবিধা লাভ কৰিছিল ৷ কিন্তু, ইয়াৰ বিপৰীতেহে গতি কৰিলে ৷ এই কৃষিভিত্তিক ব্যৱসায়ে বিনিয়োগ কৰাৰ পৰিৱৰ্তে ব্যৱসায়ীসকলে কৃষকসকলক সামগ্ৰীৰ উচিত মূল্য প্ৰদান নকৰিলে ৷ বৰ্তমান বেআইনী ব্যৱসায়ক আইনী কৰি কৃষকসকলক নিৰাশ কৰা হ'ল ৷
মূল সমস্যাটো হ'ল - ভাৰতক শাক-পাচলি বিক্ৰী বজাৰ 50,000 ৰ প্ৰয়োজন, কিন্তু, দূৰ্ভাগ্যবশতঃ ইয়াৰ পৰিমাণ কেৱল 7,000 হে ৷ প্ৰায় 94 শতাশ কৃষকে এতিয়াও এনে বজাৰত সামগ্ৰী বিক্ৰী কৰিবলৈ সুবিধা লাভ কৰা নাই ৷
মানুহৰ দ্বাৰা প্ৰস্তুত কৰা সকলো ব্যৱস্থাতে দূৰ্নীতি আৰু লোভ থাকে ৷ লোকতান্ত্ৰিক চৰকাৰত ইয়াৰ প্ৰভাৱ বেছিকৈ দেখা যায় ৷ ইয়াৰ অৰ্থ এইয়া নেকি যে, ভ্ৰষ্টাচাৰ আৰু দূৰ্ভাৱনাৰ বাবে আমি লোকতন্ত্ৰক ধংস কৰি পেলাম? নহয়, কিন্তু একেই যুক্তি দৰ্শাই চৰকাৰে agri-business আৰু ‘agri-dollars’ৰ বৃদ্ধিৰ বাবে চৰকাৰে কৃষকসকলক বিসৰ্জন দিলে ৷
কিন্তু, ইয়াৰ সম্পূৰ্ণ বিপৰীত ব্যৱস্থা গ্ৰহণ কৰিব পৰা গ'লহেঁতেন ৷ প্ৰতিজন কৃষকৰ বাবে MSP নিৰ্ধাৰণ কৰি দিয়াৰ লগতে নিজৰ ওচৰ-পাজৰৰ বজাৰত উপযুক্ত দামত বিক্ৰী কৰাটো নিশ্চিত কৰিব পাৰিলেহেঁতেন ৷ আমাৰ ব্যৱস্থাক পৰিত্যাগ কৰাৰ পৰিৱৰ্তে সংস্কাৰ অনাৰ প্ৰয়োজন আছে ৷
হিমাচল আৰু ঝাৰখণ্ডত কৃষিখণ্ডৰ মাটি বিক্ৰীৰ ক্ষেত্ৰত বাধা প্ৰদান কৰা হৈছে ৷ সকলো ব্যৱস্থা অৰ্থনৈতিক হোৱা অনুচিত, কিছুমান জনসাধাৰণক সুৰক্ষিত কৰিবৰ বাবেও হোৱা উচিত ৷ বিত্ত মন্ত্ৰণালয়ে কেৱল আধাৰুৱা ব্যৱস্থা গ্ৰহণ কৰা অনুচিত আৰু আমি সকলো ক্ষেত্ৰতে উদাৰ হোৱাৰ প্ৰয়োজন ৷ অন্যথা আমাৰ কৃষিখণ্ড মন্দাৱস্থাত পৰিণত হ'বলৈ অধিক সময়ৰ প্ৰয়োজন নহ'ব ৷
অৱশেষত আমি চিন্তা কৰা উচিত যে, আজিৰ পৰা কিছু বছৰ পাচত বিহাৰৰ দৰে পৰিস্থিতি ভাৰতৰ অন্য স্থানতো হ'বলগা নহয় ৷ অন্যথা ভাৰতৰ কৃষিখণ্ড আত্মনিৰ্ভৰশীল হোৱাৰ পৰিৱৰ্তে কৃষি-ব্যৱসায়িক ভিত্তিক হ'ব বুলি ধাৰণা কৰিব পাৰি ৷
ইন্দ্ৰ শেখৰ সিং
সঞ্চালক, Policy And Outreach, National Seed Association of India