ETV Bharat / bharat

সকলো ঔদ্যোগিক সাহাৰ্য প্ৰদান, বিজুলী শুল্ক ৰেহাই অন্ধ্ৰপ্ৰদেশ চৰকাৰৰ - মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডী

50 শতাংশ ঔদ্যোগিক আৰ্থিক সাহাৰ্য MSME সমূহক মে' মাহত প্ৰদান কৰিব অন্ধ্ৰপ্ৰদেশ চৰকাৰে ৷ ইয়াৰোপৰি, এই প্ৰতিষ্ঠানসমূহক তিনি মাহৰ বিজুলী শুল্কও ৰেহাই দিব চৰকাৰখনে ৷

অন্ধ্ৰপ্ৰদেশ চৰকাৰ
সকলো ঔদ্যোগিক সাহাৰ্য প্ৰদান, বিজুলী শুল্ক ৰেহাই
author img

By

Published : May 2, 2020, 12:05 AM IST

নেশ্যনেল ডেস্ক, 1 মে' : অন্ধ্ৰপ্ৰদেশ চৰকাৰে ঘোষণা কৰিছে যে, 50 শতাংশ ঔদ্যোগিক আৰ্থিক সাহাৰ্য মে' মাহত সূক্ষ্ম, লঘু আৰু মধ্য়মীয়া প্ৰতিষ্ঠানসমূহক (MSMEs) প্ৰদান কৰা হ'ব ৷ ইয়াৰোপৰি, এই প্ৰতিষ্ঠানসমূহক তিনি মাহৰ বিজুলী শুল্ক ৰেহাই দিয়া হ'ব বুলিও প্ৰকাশ কৰে চৰকাৰে ৷

ৰাজ্য চৰকাৰখনে লগতে সিদ্ধান্ত গ্ৰহণ কৰিছে যে, MSME সমূহক কম সুদত প্ৰদান কৰা হ'ব ঋণ ৷ 2-10 লাখ টকাৰ ঋণ প্ৰদানৰ বাবে 200 কোটি টকাৰ পুঁজি তৈয়াৰ কৰা হ'ব বুলিও বিবৃতিত প্ৰকাশ ৷

দক্ষিণ ভাৰতৰ ৰাজ্যখনৰ জগন মোহন ৰেড্ডী নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে সংশ্লিষ্ট বিভাগ আৰু নিৰ্দেশাৱলী অনুসৰণ কৰি ইয়াৰ বাবে বিশেষ আঁচনি গ্ৰহণ কৰা বুলি বিবৃতিত প্ৰকাশ কৰিছে ৷ মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডীৰ অধ্যক্ষতাত বৃহস্পতিবাৰে এখন উচ্চস্তৰীয় বৈঠকত ৰাজ্যখনৰ MSME খণ্ডৰ বিকাশৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা সন্দৰ্ভত আলোচনা কৰা হয় ৷

এই বৈঠকত উপস্থিত থাকে তথ্য,বাণিজ্য আৰু প্ৰযুক্তিবিদ্যা মন্ত্ৰী গৌথাম ৰেড্ডী, মুখ্য সচিব নিলাম চৌহনী আৰু বহুকেইজন জ্যেষ্ঠ বিষয়া ৷

এই বৈঠকতে সিদ্ধান্ত গ্ৰহণ কৰে যে, MSME সমূহলৈ প্ৰায় 904 কোটি টকাৰ আৰ্থিক সাহাৰ্য দুটা পৰ্যায়ত প্ৰদান কৰা হ'ব ৷ প্ৰথম পৰ্যায়টোত 50 শতাংশ ধন মে মাহত আৰু দ্বিতীয় পৰ্যায়ত বাকী থকা ধন জুন মাহত প্ৰদান কৰা হ'ব ৷

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.