ETV Bharat / bharat

স্থানীয় প্ৰশাসনৰ নিৰ্বাচনক লৈ বৰ্খাস্ত অন্ধ্ৰ প্ৰদেশৰ ৰাজ্যিক নিৰ্বাচনী আয়ুক্ত

শুকুৰবাৰে বৰ্খাস্ত কৰা হয় অন্ধ্ৰ প্ৰদেশৰ ৰাজ্যিক নিৰ্বাচনী আয়ুক্ত এন ৰমেশ কুমাৰক ৷ অন্ধ্ৰ প্ৰদেশত কাৰ্যকৰী হোৱা ৰাজ্যিক নিৰ্বাচনী আয়ুক্তৰ পাঁচ বছৰীয়া কাৰ্যকালৰ বিপৰীতে তিনি বছৰীয়া কৰি এইদৰে বৰ্খাস্ত কৰা হয় আইএএছ বিষয়াগৰাকীক ৷

author img

By

Published : Apr 11, 2020, 10:34 AM IST

Updated : Apr 11, 2020, 11:13 AM IST

বৰ্খাস্ত অন্ধ্ৰ প্ৰদেশৰ ৰাজ্যিক নিৰ্বাচনী আয়ুক্ত

নিউজ ডেস্ক, 11 এপ্ৰিলঃ অন্ধ্ৰ প্ৰদেশত কাৰ্যকৰী হোৱা এক নিৰ্দেশনাৰ পিচতেই ৰাজ্য চৰকাৰে বৰ্খাস্ত কৰে মুখ্য নিৰ্বাচনী আয়ুক্ত এন ৰমেশ কুমাৰক ৷ শেহতীয়াকৈ অন্ধ্ৰ প্ৰদেশত ৰাজ্যিক নিৰ্বাচনী আয়ুক্তৰ কাৰ্যকাল পাঁচ বছৰৰ পৰিৱৰ্তে তিনি বছৰলৈ কমাই অনা হৈছিল আৰু অন্ধ্ৰ প্ৰদেশ পঞ্চায়তী ৰাজ আইন, 1994ৰ সংশোধনীৰে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ৷ অন্ধ্ৰ প্ৰদেশৰ শাসনাধিস্থিত ৱাইএছআৰ কংগ্ৰেছ পাৰ্টী আৰু ৰাজ্যিক নিৰ্বাচনী আয়ুক্তৰ মাজত হোৱা প্ৰায় এমাহযোৰা শীতল যুদ্ধৰ অন্তত শুকুৰবাৰে এইদৰে বৰ্খাস্ত কৰা হয় মুখ্য নিৰ্বাচনী আয়ুক্তগৰাকীক ৷

কোভিড-19 মহামাৰীক লৈ অন্ধ্ৰ প্ৰদেশৰ স্থানীয় প্ৰশাসন (পঞ্চায়তীৰাজ ব্যৱস্থা)ৰ নিৰ্বাচন স্থগিত ৰখাৰ নিৰ্দেশনা দিছিল ৰাজ্যিক নিৰ্বাচনী আয়ুক্ত এন ৰমেশ কুমাৰে ৷ পৰৱৰ্তী সময়ত অন্ধ্ৰ প্ৰদেশ চৰকাৰে Government Order জাৰী কৰে আৰু ৰাজ্যপাল বিশ্বভূষণ হৰিচন্দনে ইয়াক অনুমতি প্ৰদান কৰে ৷ মাৰ্চ 21 আৰু 23ত অনুষ্ঠিত হোৱাৰ কথা আছিল অন্ধ্ৰ প্ৰদেশৰ স্থানীয় আৰু নগৰ প্ৰশাসনৰ নিৰ্বাচন ৷ কিন্তু ৰাজ্যিক নিৰ্বাচনী আয়ুক্তই নিৰ্বাচন স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পিচতেই মুখ্যমন্ত্ৰী জগনমোহন ৰেড্ডীয়ে 14 মাৰ্চত ৰাজ্যপালক সাক্ষাৎ কৰিছিল আৰু অভিযোগ দাখিল কৰিছিল ৷

মুখ্যমন্ত্ৰী জগনমোহন ৰেড্ডীয়ে নিৰ্বাচনী আায়ুক্তই একপক্ষীয় আৰু পূৰ্বৱৰ্তী চৰকাৰৰ নেতা এন চন্দ্ৰবাবু নাইডুৰ হৈ এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি অভিযোগ উত্থাপন কৰিছিল ৷ অৱশ্যে উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্য়ায়ালয়ে এই সিদ্ধান্ত বাহাল ৰাখি কোভিড-19 মহামাৰীৰ বাবে নিৰ্বাচন স্থগিত ৰাখিবলৈ নিৰ্দেশনা দিয়ে ৷

বিগত সপ্তাহত ৰমেশ কুমাৰে স্থানীয় প্ৰশাসনৰ নিৰ্বাচনৰ পৰা চৰকাৰে প্ৰদান কৰা সাহাৰ্যক আঁতৰত ৰাখিবলৈ নিৰ্দেশনা জাৰী কৰিছিল ৷

Last Updated : Apr 11, 2020, 11:13 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.