ETV Bharat / bharat

CAA বিৰোধী প্ৰতিবাদ : সান্ধ্য আইন, গ্ৰেপ্তাৰ, ইন্টাৰনেট বাতিল আৰু বহু - সান্ধ্য আইন, গ্ৰেপ্তাৰ, ইন্টাৰনেট বাতিল আৰু বহু

নাগৰিকত্ব সংশোধনী আইন (CAA) ৰ বিৰুদ্ধে সমগ্ৰ ৰাষ্ট্ৰজুৰি প্ৰতিবাদ সাব্যস্ত হোৱাৰ লগতে সমালোচক সকলে এই আইনক 'বৈষম্যমূলক' বুলি মন্তব্য আগবঢ়াই আহিছে ৷ এই আইন বিৰোধী প্ৰতিবাদৰ বহুকেইটা সপ্তাহ পাৰ হৈ যোৱাৰ পাচত বন্ধ, সান্ধ্য আইন আৰু ইন্টাৰনেট বাতিলৰ ফলত হোৱা সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক ক্ষয়-ক্ষতিসমূহ উল্লেখ কৰা হ'ল -

সান্ধ্য আইন, গ্ৰেপ্তাৰ, ইন্টাৰনেট বাতিল আৰু বহু
CAA বিৰোধী প্ৰতিবাদ
author img

By

Published : Dec 27, 2019, 8:14 PM IST

নেশ্যনেল ডেস্ক, 27 ডিচেম্বৰ : নাগৰিকত্ব সংশোধনী আইন (CAA) ৰ বিৰুদ্ধে সমগ্ৰ ৰাষ্ট্ৰজুৰি প্ৰতিবাদ সাব্যস্ত হোৱাৰ লগতে সমালোচক সকলে এই আইনক 'বৈষম্যমূলক' বুলি মন্তব্য আগবঢ়াই আহিছে ৷

এই আইনখনে পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশৰ হিন্দু, শিখ, জৈন, বৌদ্ধ, পাৰ্ছী আৰু খ্ৰীষ্টান 'অবৈধ অনুপ্ৰৱেশকাৰী'ক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিব ৷

এই আইন বিৰোধী প্ৰতিবাদৰ বহুকেইটা সপ্তাহ পাৰ হৈ যোৱাৰ পাচত বন্ধ, সান্ধ্য আইন আৰু ইন্টাৰনেট বাতিলৰ ফলত হোৱা সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক ক্ষয়-ক্ষতিসমূহ উল্লেখ কৰা হ'ল -

সামাজিক প্ৰভাৱ : CAA বিৰোধী-NRC-NPR প্ৰতিবাদ দেশৰ বহু স্থানত হিংসাত্মক হৈ উঠা পৰিলক্ষিত হ'ল ৷

উত্তৰ প্ৰদেশ : বিজেপি শাসিত উত্তৰ প্ৰদেশত CAA ৰ বিৰুদ্ধে প্ৰতিবাদৰ ফলত 19 জন লোকে প্ৰাণ হেৰুৱালে ৷ এই প্ৰতিবাদৰ ফলত 1,113 জন লোকৰ গ্ৰেপ্তাৰ কৰাৰ লগতে লগতে 5,558 জন লোকক আটক কৰা হয় ৷ ইয়াৰ ফলত প্ৰায় 351 জন আৰক্ষী জোৱানো আঘাতপ্ৰাপ্ত হোৱাৰ লগতে ৰাজ্যখনৰ 14 খন জিলাত ইন্টাৰনেট সেৱাও বাতিল কৰা হৈছে ৷

দিল্লী : 13 ডিচেম্বৰত জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ত CAA বিৰোধী প্ৰতিবাদৰ সময়তে প্ৰশাসনৰ অনুমতি গ্ৰহণ নকৰাকৈ দিল্লী আৰক্ষী বিশ্ববিদ্যালয় চৌহদত প্ৰৱেশ কৰিছিল ৷ ইয়াৰোপৰি, প্ৰতিবাদ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰত কন্দুৱা গেছ আৰু লাঠি চালনা কৰিছিল আৰক্ষীয়ে ৷

পিপলছ ইউনিয়ন ফৰ ডেম'ক্ৰেটিক ৰাইটছ নামৰ এটা সংগঠনৰ ছয়জন সদস্যই 13 ডিচেম্বৰৰ পৰা 15 ডিচেম্বৰলৈ এক প্ৰতিবেদন সংগ্ৰহ কৰিছিল ৷ এই প্ৰতিবেদনৰ আধাৰত জানিব পৰা গৈছিল যে, আৰক্ষীৰ বৰ্বৰতাৰ ফলত 85 জন ছাত্ৰই জামিয়া বিশ্ববিদ্যালয়ৰ ওচৰৰ আলছিফা চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰিব লগা হৈছিল ৷ ইয়াৰে 35 জনৰ আঘাতত চিলাই পৰাৰ লগতে 15-20 জনে অস্থিৰ আঘাতত ভূগিছিল আৰু 20 জনে মগজুত আঘাত লাভ কৰিছিল ৷

পূৱ দিল্লীৰ ছিলামপুৰ আৰু জাফ্ৰাবাদত CAA বিৰোধী প্ৰতিবাদত মুঠ 21 জন আঘাতপ্ৰাপ্ত হৈছিল ৷ ইয়াৰে 12 জন দিল্লী আৰক্ষী জোৱান আৰু 3 জন Rapid Action Force ৰ জোৱান আছিল ৷ এই হিংসাত্মক ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত 5 জন লোককো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৷

ইয়াৰোপৰি, দিল্লী মেট্ৰ' ষ্টেছনৰ 20 টা প্ৰৱেশ আৰু প্ৰস্থানৰ পথ বন্ধ কৰি ৰখা হৈছিল ৷ 23 ডিচেম্বৰলৈকে 140 জন লোকক প্ৰতিবাদ আৰু হিংসাত্মক আক্ৰমণৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল ৷

পশ্চিমবংগ :
বৰ্তমানলৈকে 360 জন প্ৰতিবাদকাৰীক আৰক্ষী বিভাগে আটক কৰিছে ৷ টায়াৰ জ্বলাই প্ৰতিবাদকাৰীয়ে হাওৰা জিলাৰ ডমজুৰ এলেকাত 6 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছিল ৷

অসম :
বিজেপি শাসিত অসমত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি পাঁচজনকৈ লোকৰ মৃত্যু হয় ৷ চাৰিজন ক্ৰমে ছেম ষ্টেফৰ্ড(16), দীপাঞ্জল দাস(19), আব্দুল আমিন(23) আৰু ইশ্বৰ নায়কে(25) আৰক্ষীৰ গুলীত প্ৰাণ হেৰুৱাৰ বিপৰীতে আজিজুল হকৰ (45) ট্ৰাকত কোনো দুস্কৃতিকাৰীয়ে অগ্নি সংযোগ কৰাৰ ফলত তেওঁৰ মৃত্যু হৈছিল ৷

অসম আৰক্ষীয়ে বৰ্তমানলৈকে 175 জন প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে 1,460 জনক আটক কৰি ৰাখিছিল ৷ 11 ডিচেম্বৰৰ পৰা 17 ডিচেম্বৰলৈ অসমত সান্ধ্য আইন জাৰি কৰা হৈছিল ৷ ম'বাইল ইন্টাৰনেট সেৱাও 11 ডিচেম্বৰৰ দিনা বন্ধ কৰি ৰখা হৈছিল ৷ সম্পূৰ্ণ 9 দিনৰ পাচত ইন্টাৰনেট সেৱা পুনৰ মুকলি কৰা হয় ৷

কৰ্ণাটক :
আৰক্ষীৰ গুলীচালনাত দুজন লোক ক্ৰমে - জলীল কুদৰলী (49) আৰু নৌছিনৰ (23) মৃত্যু হৈছিল ৷ কৰ্ণাটকৰ মাংগালোৰ চহৰত প্ৰতিবাদৰ সময়ত 20 জন লোক আঘাতপ্ৰাপ্ত হয় ৷

প্ৰতিবাদৰ ফলত সৃষ্টি হোৱা হিংসাত্মক পৰিস্থিতিৰ বাবে তিনিদিনৰ বাবে সান্ধ্য আইন জাৰি কৰা হয় ৷ 20 ডিচেম্বৰৰ পৰা 48 ঘন্টাৰ বাবে দকছিনা কানাড়া জিলাত ম'বাইল ইন্টাৰনেট সেৱাও বন্ধ কৰা হয় ৷

বিহাৰ :
বিহাৰত ৰাষ্ট্ৰীয় জনতা দলে 21 ডিচেম্বৰত নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি বন্ধৰ আহ্বান জনোৱাৰ ফলত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ 11 জন লোক আঘাতপ্ৰাপ্ত হৈছিল ৷ 13 জন লোক গ্ৰেপ্তাৰ হোৱাৰ বিপৰীতে 1550 জন লোকক 38 খন জিলাৰ বিভিন্ন স্থানৰ পৰা আটক কৰি ৰখা হৈছিল ৷

কেৰালা :
অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ (ABVP) আৰু এছ এফ আইৰ (SFI) মাজত সংঘাত হোৱাৰ ফলত তিনিজনকৈ লোক আহত হৈছিল ৷ মাংগালোৰ আৰক্ষীয়ে বাতৰি সংগ্ৰহৰ বাবে যোৱা 8 জন সাংবাদিককো আটক কৰিছিল ৷ কেৰালাত এই আইনৰ বিৰুদ্ধে প্ৰতিবাদেৰে অনশণত বহা বহু লোককো আটক কৰা হৈছিল ৷

ত্ৰিপুৰা :
প্ৰায় 40 জন চিপিআই-এম কৰ্মকৰ্তা মঙলবাৰৰ দিনা আঘাতপ্ৰাপ্ত হয় ৷ ত্ৰিপুৰাৰ উদয়পুৰৰ এক প্ৰতিবাদী কাৰ্যসূচীত বিজেপি সমৰ্থকে আক্ৰমণ কৰি 40 জন লোকক আঘাতপ্ৰাপ্ত কৰে ৷ ইয়াৰ পূৰ্বে বেলোনিয়াত বহু কেইজন নাগৰিক আৰু আৰক্ষী জোৱান আঘাতপ্ৰাপ্ত হয় ৷ 11 ডিচেম্বৰত JMACAB ৰ আয়োজন কৰি আগৰতলাৰ সচিবালয়লৈ আগবঢ়াৰ সময়ত পথ অৱৰোধ কৰা বাবে শতাধিক লোকক আটক কৰা হৈছিল ৷ বহু সংখ্যক খিলঞ্জীয়া দল, গণ মঞ্চ আৰু ছাত্ৰ সংগঠনে এই প্ৰতিবাদত অংশগ্ৰহণৰ বাবে একগোট হৈছিল ৷ 10 ডিচেম্বৰৰ পৰা 12 ডিচেম্বৰলৈ ইন্টাৰনেট সেৱাও বাতিল কৰা হৈছিল ৰাজ্যখনত ৷

মধ্য প্ৰদেশ :
17 ডিচেম্বৰত মধ্য প্ৰদেশত ছয়জন প্ৰতিবাদকাৰী আৰু 20 জন আৰক্ষী জোৱানে প্ৰতিবাদৰ সময়ত আঘাতপ্ৰাপ্ত হৈছিল ৷ হিংসাত্মক প্ৰতিবাদ কৰাৰ বাবে 35 জন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল ৷ জবলপুৰৰ বিভিন্ন স্থানত সান্ধ্য আইন জাৰি কৰাৰ লগতে ভূপালত ছয় ঘন্টাৰ বাবে ইন্টাৰনেট সেৱা বাতিল কৰা হৈছিল ৷

তেলেংগানা : হাইদৰাবাদ বিশ্ববিদ্যালয়ৰ 50 জন ছাত্ৰ সহিতে বহু সংখ্যক প্ৰতিবাদীক ৰাজ্যখনৰ বিভিন্ন স্থানৰ পৰা 19 ডিচেম্বৰত গ্ৰেপ্তাৰ কৰা হৈছিল ৷ চিপিআইৰ ৰাষ্ট্ৰীয় সচিব কে. নাৰায়না, অজিজ পাশা, চিপিআই ৰাজ্যিক সচিব চাদা ভেংকট ৰেড্ডী আৰু TJS ৰ সভাপতি এম. কোদানদাৰামক আৰক্ষীয়ে আটক কৰিছিল ৷

ক্ষয়-ক্ষতিৰ পৰিমাণ :
বহুলোকে এই প্ৰতিবাদৰ ফলত প্ৰাণ হেৰুওৱাৰ উপৰিও সান্ধ্য় আইন, বন্ধ আৰু ইন্টাৰনেট সেৱা বাতিল কৰাৰ ফলত ভাৰতৰ অৰ্থনীতিত ইয়াৰ বিৰূপ প্ৰভাৱ পৰে ৷ অসম পৰ্যটন বিভাগে দাখিল কৰা তথ্য অনুসৰি, এই প্ৰতিবাদৰ ফলত অসমত কেৱল ডিচেম্বৰ মাহতে 800 কোটি টকাৰ ৰাজহ সংগ্ৰহত ব্যাঘাত জন্মে ৷

অসম পৰ্যটন বিকাশ নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই কয়, "অসমত প্ৰধানকৈ নৱেম্বৰৰ পৰা জানুৱাৰী মাহলৈ পৰ্যটকসকল আহে ৷ যোৱা বছৰ 4,508 বিদেশী পৰ্যটকে অসম ভ্ৰমণ কৰাৰ লগতে 4.25 লাখ দেশীয় পৰ্যটকে সেই সময়ছোৱাত ভ্ৰমণ কৰিছিল ৷"

আমেৰিকা, ইংলেণ্ড, ইজৰাইল, কানাডা আৰু ছিংগাপুৰৰ দৰে দেশসমূহে নাগৰিকক এই সময়ছোৱাত উত্তৰ-পূৱ ভাৰত ভ্ৰমণ নকৰিবলৈ জাননী প্ৰেৰণ কৰিছিল ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মেঘালয়ৰ ৰাজধানী শ্বিলঙৰ হোটেল সমূহত বহুসংখ্যক বুকিং বাতিল কৰা হৈছিল ৷ দেশৰ অন্য স্থানতো পৰ্যটনস্থলী সমূহত এনেদৰে বুকিং বাতিলৰ তথ্য লাভ কৰা হৈছিল ৷

একে সময়তে ভাৰতীয় ৰেলৱেত প্ৰায় 90 কোটি টকাৰ ক্ষয়-ক্ষতি হয় ৷ দক্ষিণ-পূৱ ৰেলৱে'ৰ প্ৰায় 12.75 কোটি টকাৰ সম্পত্তি নষ্ট হোৱাৰ লগতে উত্তৰ-পূৱ ফ্ৰন্টিয়াৰ ৰেলৱে'ৰ 2.98 কোটি টকাৰ ক্ষতি হৈছিল ৷

ডিব্ৰুগড়ৰ চাবুৱা ৰেলৱে' ষ্টেছন আৰু তিনিচুকীয়াৰ পানিটোলা ৰেলৱে' ষ্টেছনত অগ্নিসংযোগ কৰা হৈছিল ৷ ৰেলৱে বিভাগে এই হিংসাত্মক ঘটনাৰ বিৰুদ্ধে প্ৰায় 85 খন FIR দাখিল কৰাৰ লগতে 12 জন কৰ্মচাৰী আঘাতপ্ৰাপ্ত হৈছিল ৷ হিংসাত্মক প্ৰতিবাদৰ প্ৰতি লক্ষ্য ৰাখি প্ৰায় 40 খন গুৰুত্বপূৰ্ণ ৰেলৰ সেৱা বাতিল কৰা হৈছিল ৷ তিনিচুকীয়া, লামডিং আৰু উত্তৰ-পূৱ ফ্ৰন্টিয়াৰ ৰেলৱে'ই ৰঙিয়া সংমণ্ডলত সম্পূৰ্ণৰূপে ৰেল সেৱা বাতিল কৰিছিল ৷

পশ্চিমবংগৰ মুৰ্ছিদাবাদ জিলাৰ কৃষ্ণাপুৰ ষ্টেছনত বহুকেইখন ৰেলত অগ্নিসংযোগ কৰা হৈছিল ৷ ললগোলা ৰেলৱে' ষ্টেছনত ৰেলৱে' ট্ৰেকত অগ্নিসংযোগ কৰা হৈছিল ৷ প্ৰতিবাদকাৰীয়ে সুজনীপাৰা ষ্টেছন ভাঙি পেলোৱাৰ লগতে অগ্নিসংযোগ কৰিছিল ৷ ইয়াৰোপৰি, মালদাৰ ওচৰৰ হৰিশচন্দ্ৰপুৰ ষ্টেছনৰ ৰেলৱে' ট্ৰেকত অগ্নিসংযোগ কৰা হৈছিল ৷

ইন্টাৰনেট সেৱা বাতিল কৰি দিয়াৰ ফলত অসমৰ বিশেষকৈ গুৱাহাটীত অ'লা, ওবাৰ আৰু ৰেপিডোৰ দৰে এপৰ দ্বাৰা চালিত কেব আৰু মটৰ বাইকসমূহ প্ৰভাৱান্বিত হৈছিল ৷ লগতে মোবাইল এপৰ দ্বাৰা চালিত খাদ্য বিতৰণ কৰা সেৱা যেনে, চুইগী, ওবাৰ ইটছ আৰু জমেটো ইয়াৰ ফলত বাৰুকৈয়ে প্ৰভাৱান্বিত হৈছিল ৷

ৰাজনৈতিক ভ্ৰমণ বাতিল :
15 ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু জাপানীজ প্ৰধানমন্ত্ৰী শ্বিনজো আবেৰ গুৱাহাটীত অনুষ্ঠিত হ'ব লগা ভাৰত-জাপান অধিৱেশন স্থগিত ৰখা হয় ৷ বাংলাদেশৰ বৈদেশিক মন্ত্ৰী আব্দুল মমেন, গৃহমন্ত্ৰী আছাদুজ্জামান খানেও ভাৰত ভ্ৰমণ বাতিল কৰে ৷

বিশিষ্ট ব্যক্তিক গ্ৰেপ্তাৰ :
অখিল গগৈ -
RTI কৰ্মকৰ্তা তথা কৃষক নেতা অখিল গগৈক নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদত নেতৃত্ব প্ৰদান কৰা বাবে 12 ডিচেম্বৰত যোৰহাট আৰক্ষীয়ে আটক কৰে ৷ পাচত তেওঁক NIA ৰ হাতত অৰ্পন কৰা হয় আৰু দিল্লীলৈ লৈ যোৱা হয় ৷ তেওঁৰ বিৰুদ্ধে নিয়াই ভাৰতীয় দণ্ডাবিধি আইনৰ অধীনত 120B, 124A, 153A, 153B ত গোচৰ ৰুজু কৰাৰ লগতে অবৈধ গতিবিধি (ৰোধ) সংশোধনী আইন (UAPAA) ৰ দফা 18 আৰু 39 ত গোচৰ ৰুজু কৰে ৷

ছাদাফ জাফৰ -
উত্তৰ প্ৰদেশৰ কংগ্ৰেছ নেতা, সমাজসেৱক আৰু অভিনেত্ৰী ছাদাফ জাফৰক লক্ষ্নৌত নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি হিংসাত্মক প্ৰতিবাদ সাব্যস্ত কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় ৷ সংঘাতৰ সময়ত আৰক্ষীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি এক ভিডিঅ' প্ৰকাশ কৰিছিল বাবে তেওঁক গ্ৰেপ্তাৰ কৰা হয় ৷ আৰক্ষীৰ জিম্মাত তেওঁক অত্যাচাৰ কৰা হৈছিল বুলি অভিযোগ উত্থাপন কৰে ছাদাফ জাফৰে ৷

ৰামাচন্দ্ৰ গুহ : ইতিহাসবিদ ৰামাচন্দ্ৰ গুহক সাক্ষাৎকাৰৰ মাজতে 19 ডিচেম্বৰৰ দিনা আন বহু লোকৰ সৈতে আৰক্ষীয়ে প্ৰতিবাদথলীৰ পৰাই গ্ৰেপ্তাৰ কৰিছিল ৷ 61 বৰ্ষীয় গুহই বাংগালুৰুৰ টাউন হলত সান্ধ্য আইন জাৰি কৰাৰ সময়ত প্ৰতিবাদ সাব্যস্ত কৰিছিল ৷

সমৰ্থন বৃদ্ধি :
প্ৰতিবাদকাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিলেও দেশৰ জনসাধাৰণে প্ৰতিবাদ কৰিবলৈ ওলাই আহিছিল ৷ 17 ডিচেম্বৰত দেশৰ আগশাৰীৰ প্ৰায় 38 খন শিক্ষা প্ৰতিষ্ঠানে প্ৰতিবাদত নামি পৰিছিল ৷ বিশ্বৰ বিভিন্ন স্থানত প্ৰৱাসী ভাৰতীয়ই CAA ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে ৰেলীৰ আয়োজন কৰিছিল ৷

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.