ETV Bharat / bharat

COVID-19: মধ্যপ্ৰদেশত চিকিৎসকৰ মৃত্যু

মধ্যপ্ৰদেশত শুকুৰবাৰে কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হয় এজন চিকিৎসকৰ । মৃত চিকিৎসক জনৰ নাম ঔম প্ৰকাশ চৌহান ।

author img

By

Published : Apr 10, 2020, 11:05 PM IST

COVID-19
COVID-19: মধ্যপ্ৰদেশত কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু চিকিৎসকৰ মৃত্যু

নিউজ ডেস্ক, ১০ এপ্ৰিলঃ শুকুৰবাৰে মধ্যপ্ৰদেশৰ ইন্দোৰত মৃ্ত্যু হয় এজন চিকিৎসকৰ । মৃত্যু হোৱা চিকিৎসকজন কৰ'ণা ভাইৰাছত আক্ৰান্ত বুলি সদৰী কৰে ৰাজ্য চৰকাৰে ।

মৃত চিকিৎসকজনৰ নাম ঔম প্ৰকাশ চৌহান বুলি চিনাক্ত কৰা হৈছে । চিকিৎসকজন ইন্দোৰৰ AYUSH ৰ প্ৰাক্তন বিষয়ববীয়া আছিল বুলিও জানিবলৈ দিয়ে । মধ্যপ্ৰদেশত কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈ বৃহস্পতিবাৰে এজন চিকিৎসকৰ মৃত্যু হোৱা পাচত চহৰখনত এয়া দ্বিতীয়টো ঘটনা বুলি উল্লেখ কৰে ।

উল্লেখ্য যে, ড০ চৌহানৰ দেহত কৰ'ণা ভাইৰাছৰ লক্ষণ দেখা দিয়াৰ পাচতে ইন্দোৰৰ এখন ব্যক্তিগত হাস্পতালত ভৰ্তি কৰোৱা হৈছিল । চিকিৎসকজনক দৈনন্দিন উন্নতমানৰ চিকিৎসা সেৱা আগবঢ়োৱাৰ পাচতো কোনোধৰণৰ প্ৰভাৱ নপৰাত অন্য এখন হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও শুকুৰবাৰে আবেলি মৃত্যু হয় চিকিৎসকজনৰ । চিকিৎসকজনৰ মৃত্যুৰ পাচতে চহৰখনত কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা ৰোগীৰ সংখ্যা হয় মুঠ ২৭ জন ।

উল্লেখ্য যে, মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে ইতিমধ্যে ইন্দোৰ, ভোপাল আৰু উজ্জেইন জিলাত সকলো ধৰণৰ প্ৰৱেশত বাধা আৰোপ কৰিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.