ETV Bharat / bharat

প্ৰতিবাদস্থলীৰ পৰা ঘৰলৈ উভতি অহা কৃষকৰ আত্মহত্যা - কৃষকৰ আত্মহত্যা

কেতিয়া অন্ত পৰিব কৃষক বিদ্ৰোহ ? তিনিখনকৈ কৃষি আইনৰ বিৰোধিতা কৰিবলৈ প্ৰাণ আহুতি দিছে দেশৰ ভিন্ন প্ৰান্তৰ বহু কৃষকে । পঞ্জাৱৰ বৰনালাৰ নিৰ্মল সিং নামৰ এগৰাকী কৃষকেও বাচি ল'লে জীৱনৰ চৰম পথ । দিল্লী সীমান্তৰ প্ৰতিবাদস্থলীৰ পৰা ঘৰলৈ উভতি আহি আত্মহত্যা কৰে কৃষকজনে ।

বৰনালাৰ প্ৰতিবাদস্থলীৰ পৰা ঘৰলৈ উভতি অহা কৃষকৰ আত্মহত্যা

author img

By

Published : Jan 11, 2021, 3:18 PM IST

নেশ্যনেল ডেস্ক, ১১ জানুৱাৰী: দিল্লী সীমান্তৰ প্ৰতিবাদস্থলীৰ পৰা নিতৌ আহিছে এটাৰ পিছত আনটো দুখৰ খবৰ । ইজনৰ পিছত সিজন কৃষকৰ মৃত্যুৰ বাতৰিয়ে মৰ্মাহত কৰিছে দেশবাসীক । পুনৰ আন এক শোকাৱহ ঘটনাই প্ৰতিবাদী কৃষকৰ মাজত শোকৰ ছাঁ পেলাইছে । কৃষকৰ সমস্য়াৰ সমাধান নোহোৱাত হতাশ হৈ দিল্লী সীমান্তৰ প্ৰতিবাদস্থলীৰ পৰা ঘৰলৈ উভতি আহি আত্মহননৰ পথ বাচি ল'লে পঞ্জাৱৰ বৰনালাৰ এগৰাকী কৃষকে ।

নিৰ্মল সিং নামৰ কৃষকগৰাকী ভাৰতীয় কৃষক ইউনিয়নৰ সক্ৰিয় সদস্য আছিল । পঞ্জাৱ-দিল্লী সীমান্তৰ প্ৰতিবাদস্থলীৰ পৰা ১৬ দিনৰ পিছত তেওঁ ঘৰলৈ উভতিছিল । নিৰ্মল সিং পঞ্জাৱৰ বৰনালাৰ ধৌলা গাঁৱৰ বাসিন্দা । মৃত কৃষকগৰাকীৰ নামত বেংকত ৫ লাখ টকাৰ ধাৰ আছে ।

নিৰ্মল সিঙৰ মৃত্যুৰ পিছত কৃষক সংগঠনে তেওঁৰ বেংকৰ ঋণ ক্ষমা কৰি দিবলৈ,পৰিয়ালৰ সদস্যক চৰকাৰী চাকৰি প্ৰদান আৰু ক্ষতিপূৰণ দিবলৈ চৰকাৰক দাবী জনায় । পৰিয়ালৰ লোকে জনোৱা মতে,নিৰ্মল সিং প্ৰতিবাদস্থলীলৈ গাঁৱৰ পৰা খাদ্য সামগ্ৰী নিয়াৰ দায়িত্বত আছিল । এইবাৰো প্ৰতিবাদস্থলীত খাদ্য সামগ্ৰী যোগান ধৰি ১৬ দিনৰ মূৰত ঘৰলৈ উভতিছিল । উল্লেখ্য যে,প্ৰচণ্ড শীতৰ মাজতে কেন্দ্ৰীয় চৰকাৰে সংশোধিত আৰু প্ৰণীত কৰা ৩ খন কৃষি আইন বাতিলৰ দাবীৰে দিল্লী সীমান্তত প্ৰতিবাদ সাব্যস্ত কৰি আছে দেশৰ ভিন্ন প্ৰান্তৰ কৃষকসকলে ।

লগতে পঢ়ক:ভাৰত-বাংলাদেশৰ বন্ধুত্ব স্থাপনৰ উদ্দেশ্যে চাইকেল ৰেলী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.