ETV Bharat / bharat

COVID-19: বাতিল হ'ল জম্মু-কাশ্মীৰস্থিত সাৰথাল দেৱীৰ বাৰ্ষিক অনুষ্ঠান - শ্ৰী সাৰথাল দেৱী

মহামাৰী COVID-19ৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে জাৰী কৰা নীতি-নিয়ম অনুসৰিয়েই আগন্তুক ২৮ জুনত অনুষ্ঠিত হ'বলগীয়া জম্মু-কাশ্মীৰস্থিত সাৰথাল দেৱীৰ বাৰ্ষিক যাত্ৰা অনুষ্ঠান বাতিল কৰা হয় । কিন্তু, পৰম্পৰা অনুসৰি মন্দিৰত যজ্ঞ আৰু ধৰ্মীয় অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব বুলিও সদৰি কৰে পৰিচালনা কমিটিয়ে ।

জম্মু-কাশ্মীৰ
COVID-19: বাতিল কৰা হ'ল জম্মু-কাশ্মীৰস্থিত সাৰথাল দেৱীৰ বাৰ্ষিক অনুষ্ঠান
author img

By

Published : Jun 26, 2020, 1:41 PM IST

নিউজ ডেস্ক, ২৬ জুনঃ চলিত বৰ্ষত অনুষ্ঠিত নহয় জম্মু-কাশ্মীৰস্থিত প্ৰসিদ্ধ সাৰথাল দেবীৰ বাৰ্ষিক অনুষ্ঠান । আগন্তুক ২৮ জুনত অনুষ্ঠিত হ'বলগীয়া এই বাৰ্ষিক অনুষ্ঠান মহামাৰী কৰ'ণাৰ বাবেই বাতিল কৰা হয় বুলি সদৰি কৰে পৰিচালনা কমিটিয়ে ।

শ্ৰী সাৰথাল দেৱী যাত্ৰা পৰিচালন কমিটিৰ অধ্যক্ষ বিক্ৰমআদিত্য সিঙে কয় যে, দুৰ্ভাগ্যবঃশত চলিত বৰ্ষত বাৰ্ষিক অনুষ্ঠান তথা মা সাৰথাল দেৱীৰ যাত্ৰা সভা অনুষ্ঠিত নহয় । মহামাৰী COVID-19 ৰ প্ৰতিৰোধৰ বাবে জিলাৰ দুৰ্যোগ প্ৰশমন বিভাগে জনসমাৱেশ তথা ধৰ্মীয় অনুষ্ঠান উদযাপন কৰাৰ ওপৰত নিশেধজ্ঞা জাৰি কৰাৰ বাবেই চলিত বৰ্ষত শ্ৰী সাৰথাল দেৱীৰ বাৰ্ষিক অনুষ্ঠান বাতিল কৰা হয় ।

জম্মু-কাশ্মীৰ
COVID-19: বাতিল কৰা হ'ল জম্মু-কাশ্মীৰস্থিত সাৰথাল দেৱীৰ বাৰ্ষিক অনুষ্ঠান

লগতে অধ্যক্ষ গৰাকীয়ে কয় যে, অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰতি বছৰে কৰি অহা যজ্ঞ আৰু ধৰ্মীয় পৱিত্ৰ অনুষ্ঠান মন্দিৰ কমিটি আৰু পূজাৰীসকৰ উপস্থিতিত পৰম্পৰা অনুসৰি পালন কৰা হ'ব । লগতে পৰিচালনা কমিটিৰ উপাধক্ষ্যসহ কমিটিখনৰ কেইগৰাকীমান সদস্যৰ দ্বাৰা শ্ৰী সাৰথাল দেৱী যাত্ৰা কৰা হ'ব বুলিও সদৰি কৰে পৰিচালনা সমিতিয়ে ।

উল্লেখ্য যে, জম্মু-কাশ্মীৰৰ পঞ্জাল শ্ৰেণীৰ পাহাৰত কিস্তৱাৰ জিলাৰ সাৰথাল অঞ্চলত অৱস্থিত শ্ৰী সাৰথাল দেৱীৰ মন্দিৰ । কিস্তৱাস্থিত শ্ৰী সাৰথাল দেৱী দিন্দু ধৰ্মৰ কুলদেৱীৰ লগতে লোকবিশ্বাস অনুসৰি এই মন্দিৰ দৰ্শন কৰা লোকসকলৰ মনোকামনা পূৰ্ণ হয় বুলিও প্ৰবাদ আছে ।

লগতে পঢ়ক : এইছ ১ বি ভিছা বাতিলঃ আমেৰিকাৰ ভিছা নীতিৰ পৰিৱৰ্তনৰ নিৰ্মোহ বিশ্লেষণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.