ETV Bharat / bharat

নিৰ্বাচনী মতভেদ : দুই ফৈদৰ সংঘাতত নিহত এজন - Tamilnadu panchayat election

দুয়োটা দলৰ মাজত সংঘৰ্ষ হয় আৰু দুয়োটা দলৰ লোক গৈ আৰক্ষী চকীত উপস্থিত হয় ৷ কিন্তু শনিবাৰে নিশা এই সংঘৰ্ষই সীমা অতিক্ৰম কৰে ৷ মসিলামনিৰ ভাতৃ 36 বছৰীয়া মথিভাননে দুচকীয়া বাহনেৰে গৈ থকা অৱস্থাতে 10 জনকৈ দুৰ্বৃত্তই ঘপিয়াই মথিভানক ৷ হাত, ভৰি, মূৰত আঘাত কৰাৰ পাছত মথিভানৰ ঘটনাস্থলীতে মৃত্যু হয়৷ লগে লগে দুৰ্বৃত্তৰ দলটোৱে সেই স্থান পৰিত্যাগ কৰে ৷

Man murdered and riots take place between two groups
তামিলনাড়ু
author img

By

Published : Aug 2, 2020, 2:16 PM IST

নিউজ ডেস্ক, 2 আগষ্টঃ ৰাজনৈতিক মতভেদে তামিলনাড়ুত প্ৰাণ ল'লে এজনৰ ৷ নিৰ্বাচনৰ বাবে দুই দলৰ মাজত হোৱা শত্ৰুতাৰ পৰিণাম স্বৰূপে জ্বলাই দিয়া হয় গৃহ, নাও আৰু দুচকীয়া বাহন ৷ এই শত্ৰুতা ইমানেই ভয়ংকৰ হৈ পৰে যে ৰাজ্যখনৰ অন্তৰ্গত কুদ্দুলোৰত হত্যা কৰা হয় এজন লোকক ৷

শেহতীয়াকৈ কুদ্দুলোৰ উপ্পলাবাদী গাঁও পঞ্চায়তৰ নিৰ্বাচনত পূৰ্বৰ পঞ্চায়ত নেতা মসিলামনিৰ পত্নী প্ৰবীণা পঞ্চায়ত মুৰব্বী পদৰ এগৰাকী প্ৰাৰ্থী আছিল ৷ কিন্তু নিৰ্বাচনত মথিয়ালাকনৰ পত্নী শান্তি জয়ী হয় ৷ লগে লগে মাসিলমনি আৰু মথিয়ালকনৰ সমৰ্থকৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয় ৷ এই সংঘৰ্ষ বহু সময়লৈ চলিল ৷

দুই ফৈদৰ সংঘাতত নিহত এজন

লগতে পঢ়কঃ আত্মনিৰ্ভৰ ভাৰতৰ পেকেজৰ লগত কৌশলগত ক্ষেত্ৰকলৈও ঘোষণা বিত্তমন্ত্ৰীৰ

প্ৰায়ে দুয়োটা দলৰ মাজত সংঘৰ্ষ হয় আৰু দুয়োটা দলৰ লোক গৈ আৰক্ষী চকীত উপস্থিত হয় ৷ কিন্তু শনিবাৰে নিশা এই সংঘৰ্ষই সীমা অতিক্ৰম কৰে ৷ মসিলামনিৰ ভাতৃ 36 বছৰীয়া মথিভাননে দুচকীয়া বাহনেৰে গৈ থকা অৱস্থাতে 10 জনকৈ দুৰ্বৃত্তই ঘপিয়াই মথিভানক ৷ হাত, ভৰি, মূৰত আঘাত কৰাৰ পাছত মথিভানৰ ঘটনাস্থলীতে মৃত্যু হয়৷ লগে লগে দুৰ্বৃত্তৰ দলটোৱে সেই স্থান পৰিত্যাগ কৰে ৷

আনহাতে, মথিভানৰ মৃত্যুৰ বিষয়ে জানিবলৈ পায় খঙত অগ্নিশৰ্মা হৈ পৰে মসিলামনি ৷ আৰু সমৰ্থকৰ সৈতে থুলংগুড়া গাঁৱত উপস্থিত হৈ গাঁওখনৰ 6 টা ঘৰত অগ্নি সংযোগ কৰে ৷ ইমানতে শান্ত নাথাকি 25 খনতকৈ অধিক নাৱত আৰু 10 খন দুচকীয়া বাহনতো অগ্নি সংযোগ কৰে ৷ লগে লগে দুই ফৈদৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয় ৷ এই সংঘৰ্ষত কেবাজনো লোক আহত হয় ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে ৷

ইয়াৰ মাজতে আৰক্ষীয়ে মথিভানৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা বাবে কুদ্দুলোৰ চৰকাৰী হাস্পতাললৈ প্ৰেৰণ কৰে ৷ আনহাতে, মথিভান হত্যা পূৰ্ব পৰিকল্পিত ৷ মথিয়ালাকনে মথিভানক হত্যা কৰিবলৈ পূৰ্বতে মানুহ গোটাই ৰাখিছিল বুলি অভিযোগ উত্থাপন কৰে একাংশই ৷ উল্লেখ্য যে, মৃত মথিভানৰ পত্নীৰ লগতে দুটা সন্তান আছিল ৷ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.