নেশ্যনেল ডেস্ক, 10 জুন : অন্ধ্ৰপ্ৰদেশৰ শ্ৰীকালাহাস্তি মন্দিৰৰ এগৰাকী পুৰোহিত COVID-19 ত আক্ৰান্ত হৈছে ৷ এই ঘটনাৰ ফলত মন্দিৰ কৰ্তৃপক্ষই বুধবাৰে অনুষ্ঠিত হ'বলগা অনুষ্ঠান সাময়িকভাৱে স্থগিত ৰাখিছে ৷
শ্ৰীকালাহাস্তি মন্দিৰৰ কাৰ্যবাহী বিষয়া চন্দ্ৰশেখৰ ৰেড্ডীয়ে কয় যে, "পুৰোহিত, কৰ্মচাৰী আৰু অন্যান্য ষ্টাফসহ 71 জনৰ নমুনা সংগ্ৰহ কৰা হৈছিল ৷ ইয়াৰে এজন পুৰোহিতৰ দেহত COVID-19 ৰ উপস্থিতি পোৱা যায় ৷ সেয়েহে বুধবাৰে আয়োজন কৰিবলগা অনুষ্ঠান আমি সাময়িকভাৱে স্থগিত ৰাখিছো ৷"
তেওঁ লগতে কয়, "এই বিষয়ে আমি উচ্চ পৰ্যায়ত অৱগত কৰিছোঁ ৷ পৰৱৰ্তী নিৰ্দেশ লাভ নকৰা পৰ্যন্ত আমি ভক্তৰ বাবে মন্দিৰ বন্ধ ৰাখিম ৷ এই ক্ষেত্ৰত ভক্তসকলে আমাক সমৰ্থন জনাবলৈ অনুৰোধ জনাইছো ৷"
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ মতে, তেলেংগানাত আক্ৰান্ত লোকৰ সংখ্যা 3,742 হোৱাৰ বিপৰীতে সক্ৰিয় ঘটনা 1,791 টা আৰু মৃতকৰ সংখ্যা 142 জন ৷