নেশ্যনেল ডেস্ক, 29 ছেপ্তেম্বৰ : অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী ৱাই. এছ. জগনমোহন ৰেড্ডীয়ে সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ এক পত্ৰ প্ৰেৰণ কৰে ৷ 25 ছেপ্তেম্বৰত শেষ নিশ্বাস ত্যাগ কৰা বিশিষ্ট সংগীতজ্ঞ এছ. পি বালাসুব্ৰমনিয়ামক ভাৰত ৰত্ন সন্মান প্ৰদানৰ বাবে মোডীলৈ অনুৰোধ জনাই এই পত্ৰ প্ৰেৰণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷
মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "সংগীত আৰু কলাৰ জগতলৈ সংগীতজ্ঞগৰাকীৰ অৱদানক শ্ৰদ্ধাঞ্জলি জনাই ভাৰত ৰত্ন প্ৰদানৰ বাবে মই আপোনালৈ অনুৰোধ জনাইছো ৷" প্ৰায় পাঁচটাকৈ দশকজোৰা তেওঁৰ অৱদানক যুগমীয়া কৰি ৰাখিবৰ বাবে এয়া সৰ্বোচ্চ মান্যতা হ'ব বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰী ৰেড্ডীয়ে ৷
লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে, অন্য সংগীতজ্ঞ যেনে, লতা মংগেছকাৰ, ভূপেন হাজৰিকা, বিছমিল্লা খান আৰু ভীমসেন যোশীকো এই সন্মানেৰে বিভূষিত কৰা হৈছিল ৷
জগন মোহন ৰেড্ডীৰ অনুৰোধত সন্মতি জনাই অভিনেতা-ৰাজনীতিবিদ কমল হাছানে কয় যে, মৃত শিল্পীগৰাকীয়ে এই সন্মান লাভ কৰিলে তেওঁৰ অনুৰাগীসকল সুখী হ'ব ৷
লগতে পঢ়ক : আজিৰে পৰা পুনৰ মাজুলীলৈ আৰম্ভ হ’ব ফেৰী সেৱা