ETV Bharat / bharat

যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত 53 গৰাকী মহিলা কাৰাবন্দীক মুকলিঃ ক'ত ?

author img

By

Published : Nov 28, 2020, 12:58 PM IST

53 গৰাকী মহিলা কাৰাবন্দীয়ে মুক্তিৰ পূৰ্বে 50,000 টকাৰ এখন চুক্তি পত্ৰত স্বাক্ষৰ কৰিব লাগিব ৷ লগতে তেওঁলোকে কাৰাবাসৰ ম্যাদ শেষ নোহোৱা পৰ্যন্ত তিনি মাহত এবাৰ সংশ্লিষ্ট প্ৰশিক্ষণ বিষয়া আৰু আৰক্ষী চকীত উপস্থিত হ’ব লাগিব ।

Andhra announces special remission of sentence to 53 women life convicts
যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত 53 গৰাকী মহিলা কাৰাবন্দীক মুকলি কৰি দিব অন্ধ্ৰ প্ৰদেশ চৰকাৰে

নিউজ ডেস্ক, 28 নৱেম্বৰ : অন্ধ্ৰ প্ৰদেশ চৰকাৰে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত 53 গৰাকী মহিলা কাৰাবন্দীক মুকলি কৰি দিয়াৰ বাবে সিদ্ধান্ত লৈছে । অন্ধ্ৰ প্ৰদেশ চৰকাৰ মুখ্য সচিব আৰু গৃহ বিভাগৰ নেতৃত্বত গঠিত এখন সমিতিয়ে ৰাজ্য চৰকাৰৰ নিৰ্দেশনা অনুসৰি যোগ্য মহিলা কাৰাবন্দীসকলৰ তালিকা পুনৰীক্ষণ কৰিছে । কাৰাগাৰ আৰু সংশোধনমূলক সেৱাসমূহৰ মহা নিৰ্দেশকেও শুকুৰবাৰে কাৰাবাস শেষ হোৱাৰ পূৰ্বে মুকলি কৰি দিয়াৰ বাবে যোগ্য বিবেচনা কৰা 53 গৰাকী মহিলা কাৰাবন্দীৰ তালিকা প্ৰেৰণ কৰিছে । 53 গৰাকী মহিলা কাৰাবন্দীৰ ভিতৰত 19 গৰাকী ৰজা মহেন্দ্ৰ বৰ্মৰ মহিলাৰ বিশেষ কাৰাগাৰত, 27 গৰাকী মহিলা কাডাপ্পাৰ মহিলাৰ বাবে বিশেষ কাৰাগাৰত ,দুগৰাকী বিশাখাপট্টনমৰ কেন্দ্ৰীয় কাৰাগাৰত আৰু 5 গৰাকী নেল্লোৰ কেন্দ্ৰীয় কাৰাগাৰত কাৰাবাস খাটি আছে ।

অন্ধ্ৰ প্ৰদেশ চৰকাৰে কাৰাবাস খাটি থকাৰ সময়ত স্নাতক সম্পূৰ্ণ কৰা আৰু টেইলৰিং,এম্ব্ৰইদাৰী আদি বিভিন্ন কাৰিকৰী দিশত দক্ষতা অৰ্জন মহিলা কাৰাবন্দীক মুকলি কৰি দিয়াৰ সিদ্ধান্ত লৈছে ৷ যাতে কাৰাবাসৰ পৰা ওলোৱাৰ পাছত তেওঁলোকে এটা প্ৰতিষ্ঠিত জীৱন যাপন কৰিব পাৰে ৷ তেওঁলোকে যাতে পুনৰ অপৰাধজনিত কামত লিপ্ত নহয় তাৰবাবেও চৰ্ত আৰোপ কৰিছে চৰকাৰে । 53 গৰাকী মহিলা কাৰাবন্দীয়ে মুক্তিৰ পূৰ্বে 50,000 টকাৰ এখন চুক্তি পত্ৰত স্বাক্ষৰ কৰিব লাগিব ৷ লগতে তেওঁলোকে কাৰাবাসৰ ম্যাদ শেষ নোহোৱা পৰ্যন্ত তিনি মাহত এবাৰ সংশ্লিষ্ট প্ৰশিক্ষণ বিষয়া আৰু আৰক্ষী থানাৰ উপস্থিত হ’ব লাগিব ।

লগতে পঢ়ক: দেশৰ তিনিটা ক’ভিড ভেকছিন উৎপাদন কেন্দ্ৰ ভ্ৰমণ কৰিব মোদীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.