তেজপুৰ, 18 জুনঃ তিনি জুনত ধ্বংসপ্ৰাপ্ত বায়ুসেনাৰ AN 32 বিমানৰ উদ্ধাৰ কাৰ্যই অতিক্ৰম কৰিলে 16 দিন ৷ উদ্ধাৰকাৰ্য অব্যাহত ৰাখিবলৈ বায়ুসেনাই সোমবাৰেও প্ৰেৰণ কৰিছে এটি 19জনীয়া দল ৷ কিন্তু প্ৰতিকূল বতৰে আগৰ দৰেই উদ্ধাৰ অভিযানত বাধাৰ সৃষ্টি কৰিছে ৷ প্ৰতিবাৰেই উদ্ধাৰ অভিযানত ব্যৰ্থ হৈছে ভাৰতীয় বায়ু সেনা ৷


উল্লেখ্য যে, বিমানখনৰ ব্লেক বক্স ইতিমধ্যেই উদ্ধাৰ কৰা হৈছে ৷ যি স্থানত বিমানখনৰ ধ্বংসাৱশেষ উদ্ধাৰ হৈছে উক্ত স্থান অতিকে দূৰ্গম হোৱা বাবে উদ্ধাৰ কাৰ্যত যথেষ্ঠ সময়ৰ প্ৰয়োজন হৈছে ভাৰতীয় বায়ু সেনাৰ ৷ আনহাতে প্ৰতিকূল বতৰেও উদ্ধাৰ অভিযানত বহু বাধাৰ সৃষ্টি কৰিছে ৷