ETV Bharat / bharat

আজি 'আম্ফান' অহাৰ পূৰ্ণ সম্ভাৱনা ! উৰিষ্যাত 1 লাখৰো অধিক লোকক স্থানান্তৰিত

author img

By

Published : May 20, 2020, 10:15 AM IST

'আম্ফান' ঘূৰ্ণীবতাহৰ ফলত অধিক ক্ষতিগ্ৰস্থ হ'ব লগীয়া স্থানৰ পৰা স্থানান্তৰিত কৰোৱা হৈছে 1,19,075 গৰাকী লোকক । মুঠ 1,704 টা আশ্ৰয় শিবিৰত ৰখা হৈছে লোকসকলক । আম্ফানে সৰ্বাধিক 185 কিল'মিটাৰ প্ৰতি ঘন্টা বেগেৰে ভাৰতৰ ভূমিত খুন্দা মাৰিব বুলি ধাৰণা কৰা হৈছে ।

আজি 'আম্ফান' অহাৰ পূৰ্ণ সম্ভাৱনা !
আজি 'আম্ফান' অহাৰ পূৰ্ণ সম্ভাৱনা !

নেশ্যনেল ডেস্ক, 19 মে': আজি ভাৰতৰ ভূমিত প্ৰচণ্ড ঘূৰ্ণী বতাহ 'আস্ফানে' খুন্দা মৰাৰ পূৰ্ণ সম্ভাৱনা আছে । তাৰ বাবে যুদ্ধকালীনভাৱে চলোৱা হৈছে তৎপৰতা । সেই অনুসৰি এই ঘূৰ্ণীৰ ফলত অধিক ক্ষতিগ্ৰস্থ হ'ব লগীয়া স্থানৰ পৰা স্থানান্তৰিত কৰোৱা হৈছে 1,19,075 গৰাকী লোকক । মুঠ 1,704 টা আশ্ৰয় শিবিৰত ৰখা হৈছে লোকসকলক ।

আজি 'আম্ফান' অহাৰ পূৰ্ণ সম্ভাৱনা

ৰাজ্যখনৰ কেন্দ্ৰাপাৰা জিলাত থকা 85 টা শিবিৰত সৰ্বাধিক 32,060 গৰাকী লোক আছে । আনহাতে, ময়ুৰভঞ্জ আৰু ভাদ্ৰাকত ক্ৰমে 387 আৰু 366 টা শিবিৰ স্থাপন কৰা হৈছে । 20 মে'ৰ নিশা 1 বজালৈ সম্পূৰ্ণ কৰা হৈছে লোকসকলৰ স্থানান্তৰকৰণ প্ৰক্ৰিয়া ৷

আজি 'আম্ফান' অহাৰ পূৰ্ণ সম্ভাৱনা !
আজি 'আম্ফান' অহাৰ পূৰ্ণ সম্ভাৱনা !

IMD ৰ পৰা অহা শেহতীয়া তথ্য অনুসৰি, এই তীব্ৰ ঘূৰ্ণী বতাহে উড়িশাৰ পাৰাদ্বীপৰ উপকূলৰ দক্ষিণত 390 কিল'মিটাৰ, বংগোপ উপসাগৰৰ পশ্চিম কেন্দ্ৰত 125 কিঃমিঃ, পশ্চিম বংগৰ দীঘাৰ দক্ষিণ, দক্ষিণ-পশ্চিমত 540 কিল'মিটাৰ দূৰত্বত অৱস্থান কৰিছে ৷

উৰিষ্যাত 1 লাখৰো অধিক লোকক স্থানান্তৰিত
উৰিষ্যাত 1 লাখৰো অধিক লোকক স্থানান্তৰিত

দেওবাৰে কেন্দ্ৰীয় গৃহ সচিব অজয় ভল্লাই পশ্চিম বংগৰ মুখ্য সচিব ৰাজীৱ সিন্হা আৰু আৰু উড়িশাৰ মুখ্য সচিবস আশিষ ত্ৰিপাঠীক 'আম্ফান'ৰ বাবে সাজু হ'বলৈ পৰামৰ্শ দিছিল । 20 মে'ৰ সন্ধিয়া এই ঘূৰ্ণীবতাহে 165-175 কিল'মিটাৰ প্ৰতি ঘন্টাৰ পৰা সৰ্বাধিক 185 কিল'মিটাৰ প্ৰতি ঘন্টা বেগেৰে ভাৰতৰ ভূমিত খুন্দা মাৰিব বুলি ধাৰণা কৰা হৈছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.