ETV Bharat / bharat

স্বাস্থ্য মন্ত্ৰণালয়ৰ জ্যেষ্ঠ বিষয়াৰে অমিত শ্বাহৰ পৰ্যালোচনা বৈঠক

ক'ভিড-19 ৰ পৰা আৰোগ্য হৈ উঠা কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে সোমবাৰে পুনৰ কাৰ্যালয়ৰ দায়িত্ব গ্ৰহণ কৰিছে ৷ জম্মু-কাশ্মীৰৰ শেহতীয়া পৰিস্থিতি, ক'ভিড-19 ৰোধৰ বাবে গ্ৰহণ কৰা বিভিন্ন ব্যৱস্থা আৰু আভ্যন্তৰীণ সুৰক্ষা সন্দৰ্ভত মন্ত্ৰণালয়ৰ জ্যেষ্ঠ বিষয়াৰে শ্বাহৰ বৈঠক ৷

author img

By

Published : Sep 29, 2020, 10:52 AM IST

Amit Shah holds review meeting with senior officials of MHA
স্বাস্থ্য মন্ত্ৰণালয়ৰ জ্যেষ্ঠ বিষয়াৰে অমিত শ্বাহৰ পৰ্যালোচনা বৈঠক

নেশ্যনেল ডেস্ক, 29 ছেপ্তেম্বৰ : ক'ভিড-19 ৰ পৰা আৰোগ্য হৈ উঠা কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে সোমবাৰে পুনৰ কাৰ্যালয়ৰ দায়িত্ব গ্ৰহণ কৰিছে ৷ ইয়াৰ পাচতে তেওঁ স্বাস্থ্য মন্ত্ৰণালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এক পৰ্যালোচনা বৈঠকত মিলিত হয় ৷ জম্মু-কাশ্মীৰৰ শেহতীয়া পৰিস্থিতি, ক'ভিড-19 ৰোধৰ বাবে গ্ৰহণ কৰা বিভিন্ন ব্যৱস্থা আৰু আভ্যন্তৰীণ সুৰক্ষা সন্দৰ্ভত বৈঠকৰ আয়োজন কৰা হয় ৷

শ্বাহৰ দুই কণিষ্ঠ মন্ত্ৰী কিশান ৰেড্ডী আৰু নিত্যানন্দ ৰায়, কেন্দ্ৰীয় গৃহ সচিব অজয় ভল্লা, যুটীয়া সঞ্চালক আৰু উচ্চ পৰ্যায়ৰ বিষয়াসকল এই বৈঠকত উপস্থিত থাকে ৷

উল্লেখ্য যে, 2 আগষ্টৰ দিনা ক'ভিড-19 ত আক্ৰান্ত হৈছিল অমিত শ্বাহ ৷ ইয়াৰ পাচতে তেওঁক গুৰুগ্ৰামৰ মেডান্ত হাস্পতালত ভৰ্তি কৰোৱা হৈছিল ৷ 14 আগষ্টত তেওঁক নেগেটিভ ঘোষণা কৰাৰ পাচতে অন্য ৰোগৰ চিকিৎসাৰ বাবে 18 আগষ্টত AIIMS চিকিৎসা প্ৰদান কৰা হৈছিল ৷ 29 আগষ্টৰ দিনা তেওঁ আৰোগ্য হৈ উঠাৰ পাচতে চিকিৎসালয়ৰ পৰা মুক্তি প্ৰদান কৰা হৈছিল ৷

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে অৰ্থাৎ 13 ছেপ্তেম্বৰৰ দিনা তেওঁক পুনৰ চেক-আপৰ বাবে AIIMS ত ভৰ্তি কৰোৱা হৈছিল ৷ কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ পাচত তিনিবাৰকৈ চিকিৎসালয়ত ভৰ্তি হ'বলগা হৈছিল গৃহ মন্ত্ৰীগৰাকী ৷ 17 ছেপ্তেম্বৰৰ দিনা তেওঁক চিকিৎসালৰ পৰা মুক্তি দিয়া হৈছিল ৷

লগতে পঢ়ক : ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত সন্নিৱিষ্ট অসমীয়া যুৱকৰ এঙাৰৰ ছবি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.