ETV Bharat / bharat

কৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ ছাৰ্কৰ সহযোগিতাকলৈ আশাবাদী প্ৰধানমন্ত্ৰী মোদী

author img

By

Published : Mar 15, 2020, 12:24 AM IST

যিসময়ত ভাৰতে কোভিড-১৯ ৰ ভয়াৱহতাক নিয়ন্ত্ৰণ কৰিবলৈ যুদ্ধসদৃশ ব্যৱস্থা গ্ৰহণ কৰিছে, তেনে সময়ত গোলকীয় জনস্বাস্থ্যৰ প্ৰত্যাহ্বানৰ বিৰুদ্ধে সমূহীয়া আঞ্চলিক কৌশলৰ বাবে ছাৰ্কৰ আশাক পুনৰবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৰুত্ব দিছে ।

আশাবাদী প্ৰধানমন্ত্ৰী মোদী
আশাবাদী প্ৰধানমন্ত্ৰী মোদী

নিউজ ডেস্ক, 14 মাৰ্চঃ ছাৰ্ককলৈ অচলাৱস্থা চলি থকা সময়তে কৰ’না ভাইৰাছ মহামাৰীয়ে দক্ষিণ এছিয়াৰ অঞ্চলসমূহক একত্ৰিত হোৱাৰ এক সুযোগ দিবনে? ইউ আৰ আই সন্ত্ৰাসবাদী আক্ৰমণৰ বাবে ভাৰতৰ নেতৃত্বত সমূহীয়াভাৱে ২০১৬ চনত ইছলামাবাদত অনুষ্ঠিত হ’বলগীয়া ছাৰ্ক সন্মিলন বৰ্জন কৰিছিল । তেতিয়াৰে পৰা শ্ৰীলংকা, নেপাল, মালদ্বীপ আদি দেশে উচ্চ পৰ্যায়ৰ ৰাজনৈতিক আলোচনাৰ পোষকতা কৰি আহিছে যদিও ভাৰতৰ মতে এই পৰিৱেশ আলোচনাৰ বাবে অনুকূল নহয় যদিহে পাকিস্তানে নিজৰ ভূখণ্ডৰ পৰা জন্ম হোৱা সন্ত্ৰাসবাদক নিঃশেষ নকৰে । কিন্তু আজি যেতিয়া ভাৰতে কোভিড-১৯ ৰ ভয়াৱহতাক নিয়ন্ত্ৰণ কৰিবলৈ যুদ্ধসদৃশ ব্যৱস্থা গ্ৰহণ কৰিছে, তেনে সময়ত গোলকীয় জনস্বাস্থ্যৰ প্ৰত্যাহ্বানৰ বিৰুদ্ধে সমূহীয়া আঞ্চলিক কৌশলৰ বাবে ছাৰ্কৰ আশাক পুনৰবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৰুত্ব দিছে ।

“ছাৰ্কৰ দেশসমূহৰ নেতৃত্বই যাতে কৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ এক শক্তিশালী কৌশল উলিয়ায় তাৰ বাবে মই প্ৰস্তাৱ দিছোঁ । ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে আমি আমাৰ নাগৰিকসকলক নিৰাপদে ৰখাৰ উপায়ৰ বিষয়ে আলোচনা কৰিব পাৰোঁ ।আমি একেলগ হৈ বিশ্বৰ বাবে উদাহৰণ দাঙি ধৰিব পাৰোঁ আৰু এখন স্বাস্থ্যৱান পৃথিৱীৰ বাবে অৱদান আগবঢ়াব পাৰোঁ।” প্ৰধানমন্ত্ৰী মোদীয়ে এনেদৰে টুইট কৰিছে (https://twitter.com/narendramodi/status/1238371182094639104?s=21 )

প্ৰধানমন্ত্ৰী মোদীৰ টুইটত প্ৰস্তাৱিত ভিডিঅ’ কনফাৰেন্সিঙৰ বাবে এতিয়াও কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ সূত্ৰই জানিবলৈ দিছে যদিও দেশসমূহৰ নেতাসকলে এই ধাৰণাক আদৰণি জনাইছে ।

“গুৰুত্বপূৰ্ণ বিষয়টোত এই পদক্ষেপ গ্ৰহণ কৰাৰ বাবে ধন্যবাদ প্ৰধানমন্ত্ৰী মোদী ।কোভিড-১৯ ক পৰাভূত কৰিবলৈ সমূহীয়া প্ৰচেষ্টাৰ প্ৰয়োজন ।মালদ্বীপে এই প্ৰস্তাৱক আদৰণি জনায় আৰু তেনেধৰণৰ আঞ্চলিক প্ৰচেষ্টাক সম্পূৰ্ণৰূপে সমৰ্থন কৰিব ।” প্ৰধানমন্ত্ৰীৰ টুইটৰ সঁহাৰি হিচাপে মালদ্বীপৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ছোলিয়ে এনেদৰে লিখিছে ।(https://twitter.com/ ibusolih/status/1238399680158916608?s=21)

“মহান পদক্ষেপৰ বাবে ধন্যবাদ শ্ৰী নৰেন্দ্ৰ মোদী ।শ্ৰীলংকাই আলোচনাত অংশগ্ৰহণ কৰিবলৈ, আমাৰ শিক্ষা আৰু উত্তম কাৰ্যাৱলী আনৰ লগত ভাগ কৰিবলৈ তথা আন ছাৰ্ক সদস্যৰ পৰা শিকিবলৈ প্ৰস্তুত আছে । এই কঠিন সময়ত সকলোৱে একত্ৰিত হওঁ আহক আৰু আমাৰ নাগৰিকসকলক নিৰাপদে ৰাখোঁ।” শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাক্ষাই এনেদৰে টুইট কৰিছে।(https://twitter.com/gotabayar/status/1238395428019683328?s=21)

এগৰাকী শ্ৰীলংকান কূটনীতিবিদে ছাৰ্কৰ সাধাৰণ সম্পাদক হিচাপে এইবাৰ দায়িত্ব গ্ৰহণ কৰিছে । কিন্তু কলম্বোৰ সৈতে হোৱা শেহতীয়া চৰকাৰী আলোচনাত ভাৰতবৰ্ষই এই সংগঠন পুনৰুজ্জীৱিত কৰাত বিশেষ উৎসাহ দেখুওৱা নাই । ২০১৪ চনৰ নৱেম্বৰৰ কাঠমাণ্ডু ছাৰ্ক সন্মিলনত উপ-আঞ্চলিকতাবাদৰ ওপৰত অধিক জোৰ দিয়া প্ৰধানমন্ত্ৰী মোদীয়ে ‘BIMSTEC’ এক বিকল্প আঞ্চলিক মঞ্চ হিচাপে আগবঢ়াই নিয়াৰ বাবে গুৰুত্ব দিছে । দ্য বে অৱ্ বেংগল ইনিচিয়েটিভ ফৰ্ মাল্টি-চেক্টৰেল টেকনিকেল এণ্ড ইক’নমিক কোপাৰেশ্বন তথা বিমষ্টেকত থাইলেণ্ডকে ধৰি সাতখন সদস্য ৰাষ্ট্ৰ আছে । পাকিস্তান আৰু আফগানিস্তানৰ বাদে সকলো ছাৰ্ক সদস্য অৰ্থাৎ বাংলাদেশ, ভাৰত, ম্যানমাৰ, শ্ৰীলংকা, নেপাল আৰু ভূটান ইয়াৰ অন্তৰ্ভুক্ত ।

প্ৰধানমন্ত্ৰী মোদীৰ প্ৰস্তাৱৰ প্ৰতি পাকিস্তানৰ প্ৰতিক্ৰিয়া এতিাও লাভ কৰা নাই যদিও বাংলাদেশ, নাপাল আৰু ভূটানে ইয়াক আদৰণি জনাইছে, “ কৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ ছাৰ্কৰ ৰাষ্ট্ৰসমূহে এক শক্তিশালী কৌশল ৰচনা কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া প্ৰস্তাৱক মই আদৰণি জনাইছোঁ । এই ভয়াৱহ ৰোগৰ পৰা আমাৰ নাগৰিকসকলক ৰক্ষা কৰিবলৈ ছাৰ্কৰ সদস্য ৰাষ্ট্ৰসমূহৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিবলৈ মোৰ চৰকাৰ প্ৰস্তুত আছে ।” নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিয়ে এনেদৰে লিখে ।(https://twitter.com/pm_nepal/status/ 1238401865370361857?s=21)

“ইয়াকে আমি নেতৃত্ব বুলি কওঁ । এই অঞ্চলৰ সদস্য হিচাপে আমি এনে এক সময়ত একেলগ হ’ব লাগে । ক্ষুদ্ৰ অৰ্থনীতিসমূহ অধিক ক্ষতিগ্ৰস্ত হৈছে, সেয়ে আমি সহযোগিতা কৰিব লাগে । আপোনাৰ নেতৃত্বত যে আমি তাৎক্ষণিক আৰু প্ৰভাৱশালী ফল লাভ কৰিম তাত সন্দেহ নাই । ভিডিঅ’ কনফাৰেন্সিঙৰ বাবে অপেক্ষা কৰি ৰ’লোঁ ।” ভূটানৰ প্ৰধানমন্ত্ৰীয়ে এনেদৰে টুইটত প্ৰকাশ কৰে । (https://twitter.com/pmbhutan/status/1238395565571883009?s=2)

ইপিনে বাংলাদেশৰ কনিষ্ঠ বিদেশ মন্ত্ৰী মহম্মদ শ্বাহৰিয়াৰ আলমে টুইটাৰত এনেদৰে লিখে –বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই প্ৰস্তাৱক আদৰণই জনায় আৰু নৰেন্দ্ৰ মোদী তথা ইতিমধ্যে সন্মতি প্ৰদান কৰা আন দেশৰ নেতৃত্বৰ সৈতে গঠনমূলক আলোচনাৰ বাবে আগ্ৰহী । (https://twitter.com/mdshahriaralam/status/1238452738683359235?s=21)

যদি পাকিস্তানে পৰৱৰ্তী আলোচনা অনুষ্ঠিত কৰাৰ বাবে ইয়াৰ অধিকাৰ ত্যাগ কৰে তেন্তে এক্যমতৰ ওপৰত কাম কৰা ছাৰ্কৰ চনদে পৰৱৰ্তী সনমিলনৰ স্থান সলনিৰ অনুমতি দিব পাৰে ।

১৩০খনতকৈ অধিক দেশৰ প্ৰতিনিধি, আন্তঃৰাষ্ট্ৰীয় সংগঠনসহ বিভিন্ন মিছনৰ এশজনতকৈ অধিক মুৰব্বীয়ে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়, গৃহ আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ভাৰত চৰকাৰে কৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে জনাবলৈ আয়োজন কৰা যুটীয়া অনুষ্ঠানটোত উপস্থিত থকাৰ দিনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমূহীয়া সহযোগিতাৰ বাবে টুইট কৰে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ছাৰ্ক প্ৰস্তাৱক আদৰণি জনাই অৱজাৰ্ভাৰ ৰিচাৰ্ছ ফাউণ্ডেশ্বনৰ সভাপতি সমীৰ চৰণে টুইট কৰিছে ।

অসংখ্য লোকৰ প্ৰাণ কাঢ়ি লোৱা কৰ’না ভাইৰাছ নিয়ন্ত্ৰণ কৰিবলৈ সমূহীয়াভাৱে উপায় সন্ধানৰ এই মানৱতাবাদী দৃষ্টিভংগীয়ে ৰাজনৈতিক মতভেদবোৰক দূৰ কৰিব পাৰিবনে নাই সেয়া হ’ব লক্ষ্যণীয় ।

লগতে পঢ়কঃ COVID-19 : তেলেংগানাত 34 জনলৈ সংক্ৰমিত কৰ'ণা ভাইৰাছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.