ETV Bharat / bharat

স্নাতকৰ নামভৰ্তিৰ প্ৰথমখন কাট অৱ মাৰ্কৰ তালিকা ঘোষণা আম্বেদকাৰ বিশ্ববিদ্যালয়ৰ

দিল্লীৰ আম্বেদকাৰ বিশ্ববিদ্যালয়ৰ স্নাতক পাঠ্যক্ৰমৰ নামভৰ্তিৰ বাবে প্ৰথমখন কাট অৱ মাৰ্কৰ তালিকা ঘোষণা । নামভৰ্তিৰ বাবে প্ৰতিগৰাকী শিক্ষাৰ্থীৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ নম্বৰ ৯০ শতাংশতকৈ অধিক হ'ব লাগিব ।

স্নাতকৰ নামভৰ্তিৰ প্ৰথমখন কাট অৱ মাৰ্কৰ তালিকা ঘোষণা আম্বেদকাৰ বিশ্ববিদ্যালয়ৰ
স্নাতকৰ নামভৰ্তিৰ প্ৰথমখন কাট অৱ মাৰ্কৰ তালিকা ঘোষণা আম্বেদকাৰ বিশ্ববিদ্যালয়ৰ
author img

By

Published : Oct 16, 2020, 1:57 PM IST

নেশ্যনেল ডেস্ক, ১৬ অক্টোবৰ: স্নাতক পাঠ্যক্ৰমৰ নামভৰ্তিৰ বাবে প্ৰথমখন কাট অৱ মাৰ্কৰ তালিকা ঘোষণা কৰিলে দিল্লীৰ আম্বেদকাৰ বিশ্ববিদ্যালয়ে । মনোবিজ্ঞান বিষয় অ'নাৰ্চ হিচাপে লৈ পঢ়িব বিচৰা দিল্লীৰ বাদে আন ৰাজ্যৰ শিক্ষাৰ্থীৰ বাবে ৯০ শতাংশ নম্বৰ নিৰ্ধাৰণ কৰা হৈছে । যোৱা সপ্তাহত দিল্লী বিশ্ববিদ্যালয়ে লেডী শ্ৰী ৰাম মহাবিদ্যালয়ৰ ৩টা অ'নাৰ্চ বিষয়ৰ বাবে ১০০ শতাংশ নম্বৰ ধাৰ্য কৰাৰ কথা ঘোষণা কৰিছিল ।

বৃহস্পতিবাৰে মাজনিশা ঘোষণা কৰা কাট অৱ মাৰ্ক তালিকা অনুসৰি উচ্চতৰ মাধ্যমিক পৰীক্ষাত নূন্যতম ৯৭.৫ শতাংশ নম্বৰ লাভ কৰা দিল্লীৰ শিক্ষাৰ্থীয়ে মনোবিজ্ঞান বিষয় অ'নাৰ্চ হিচাপে পঢ়িব পাৰিব । ইংৰাজী বিষয় অধ্যয়ণ কৰিব বিচৰাসকলৰ বাবে ৯৬.২৫ শতাংশ নম্বৰ নিৰ্ধাৰণ কৰা হৈছে । দিল্লী চৰকাৰে পৰিচালনা কৰা আম্বেদকাৰ বিশ্ববিদ্যালয় আৰু দিল্লীৰ শিক্ষাৰ্থীৰ বাবে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ৮৫ শতাংশ আসন সংৰক্ষণ কৰে । আনহাতে, দিল্লী আৰু আন ৰাজ্যৰ শিক্ষাৰ্থীৰ বাবে পৃথকে পৃথকে কাট অৱ মাৰ্কৰ তালিকা প্ৰকাশ কৰে । দিল্লীৰ শিক্ষাৰ্থীয়ে অৰ্থনীতি বিজ্ঞান অধ্যয়ণৰ বাবে ৯৬.৫ শতাংশ নম্বৰ আৱশ্যক হ'ব । ইতিহাস, গণিত আৰু সমাজশাস্ত্ৰ অধ্যয়ণৰ বাবে ক্ৰমান্বয়ে ৯৬.৫, ৯৩ আৰু ৯৬.৫ শতাংশ নম্বৰ থকাতো বাধ্যতামূলক । কৰ'ণা মহামাৰীৰ বাবে এইবৰ্ষত অনলাইন মাধ্যমেৰে নামভৰ্তিৰ প্ৰক্ৰিয়া কৰা হৈছে ।

লগতে পঢ়ক:কোন হ'ব আইচিচিৰ নতুন অধ্যক্ষ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.