নেশ্যনেল ডেস্ক, 7 অক্টোবৰ: আম্বানী পৰিয়ালে উত্তৰাখণ্ডৰ চাৰধাম দেৱস্থানম বোৰ্ডক 5 কোটি টকা দান কৰে ৷ যাতে তেওঁলোকে COVID-19 মহামাৰীৰ বাবে হোৱা লক ডাউন সৃষ্ট বিত্তীয় লোকচানৰ সৈতে মোকাবিলা কৰিবলৈ সহায় লাভ কৰে ৷
বোৰ্ডৰ মিডিয়া ছেলৰ মুখ্য কাৰ্যবাহী বিষয়া বি.ডি সিঙৰ অনুৰোধত ৰিলায়েন্স গ্ৰুপৰ অধ্যক্ষ মুকেশ আম্বানীৰ পুত্ৰ অনন্ত আম্বানীয়ে বুধবাৰে প্ৰদান কৰে সেই সহায় ৷
মুখ্য কাৰ্যবাহী বিষয়া গৰাকীয়ে কৰ্মচাৰী সকলক বেতন প্ৰদান কৰিবলৈ বোৰ্ডক সহায় কৰাৰ বাবে অনুৰোধ জনাইছিল আম্বানীক ৷ যি অনুৰোধ আম্বানীয়ে তৎকালীনভাৱে স্বীকাৰ কৰে বুলি সিঙে জানিবলৈ দিয়ে ৷
লগতে পঢ়ক: দেশক অস্থিৰ কৰিব খোজা এক বৃহৎ ষড়যন্ত্ৰ আছিল দিল্লীৰ সংঘৰ্ষ