ETV Bharat / bharat

ফটকা বিক্ৰী কৰা ব্যৱসায়িক প্ৰতিস্থানৰ অনুজ্ঞা পত্ৰ বাতিল দিল্লী আৰক্ষীৰ - ৰাজস্থান

দিল্লী আৰক্ষীয়ে বিভিন্ন ঠাইৰ পৰা প্ৰায় 593 কে.জি অবৈধ ফটকা জব্দ কৰিছে ৷ ইয়াৰ লগত জড়িত থকা 7 জন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আইনী ব্যৱস্থা গ্ৰহণ কৰিছে ৷ ক'ভিড সংক্ৰমিত ৰোগীৰ স্বাস্থ্য প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ৷ ৰাজস্থান, ওড়িশাসহ আন বহুকেইখন ৰাজ্যইও ফটকা ফুটোৱাত নিষেধাজ্ঞা জাৰি কৰিছে ৷

All firecrackers sale licenses in Delhi suspended ahead of Diwali
ফটকা বিক্ৰী কৰা ব্যৱসায়িক প্ৰতিস্থানৰ অনুজ্ঞা পত্ৰ বাতিল দিল্লী আৰক্ষীৰ
author img

By

Published : Nov 9, 2020, 10:14 AM IST

নেশ্যনেলডেস্ক,9 নৱেম্বৰ: এইবাৰৰ দিপাৱলীত দিল্লী চৰকাৰৰ ডাঙৰ সিদ্ধান্ত,ৰবিবাৰে দিল্লী আৰক্ষীয়ে ফটকা বিক্ৰী কৰা সকলো ব্যৱসায়িক প্ৰতিস্থানৰ অনুজ্ঞা পত্ৰ বাতিল কৰে ৷ নেশ্যনেল গ্ৰীণ ট্ৰবিউনেলৰ নিৰ্দেশ মৰ্মে এই সিদ্ধান্ত গ্ৰহণ কৰে ৷

দিপাৱলীৰ আগে আগে দিল্লী আৰক্ষীয়ে বিভিন্ন ঠাইৰ পৰা প্ৰায় 593 কে.জি অবৈধ ফটকা জ্বব্দ কৰিছে ৷ ইয়াৰ লগত জড়িত থকা 7 জন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আইনী ব্যৱস্থা গ্ৰহণ কৰিছে ৷ এতিয়ালৈকে 8 টাকৈ গোচৰ ৰুজু কৰা হৈছে বুলি দিল্লী আৰক্ষীয়ে জনায় ৷

শনিবাৰে অনুজ্ঞা পত্ৰ বিহীন ভাৱে ফটকা বিক্ৰী কৰা এজন লোকক জেইটপুৰৰ পৰা গ্ৰেপ্তাৰ কৰে ৷ তেওঁৰ পৰা 16.3 কিলোগ্ৰাম অবৈধ ফটকা জব্দ কৰিছে আৰক্ষীয়ে ৷ লোকজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ বিস্ফোৰক অধিনিয়ম আইনৰ অধীনত গোচৰ ৰুজু কৰিছে ৷ ইয়াৰ আগতেও ৰঘুবীৰ নগৰৰ এজন ফটকা সৰবৰাহীৰ দোকানৰ পৰা 414.6 কে.জি অবৈধ ফটকা জব্দ কৰিছিল ৷

দিল্লী চৰকাৰে বায়ু প্ৰদূষণ আৰু ক'ভিড সংক্ৰমিত ৰোগীৰ সংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি 7 নৱেম্বৰৰ পৰা 30 নৱেম্বৰলৈ ফটকা ফুটোৱাত নিষেধাজ্ঞা জাৰি কৰিছে ৷

কলকাতা উচ্চতম ন্যায়ালয়েও পশ্চিম বংগত দিপাৱলী,কালী পূজা,চট্ পূজা আৰু জগদ্ধাত্ৰী পূজাত ফটকা ফুটোৱাত নিষেধাজ্ঞা জাৰি কৰিছে ৷ কালী পূজাত পূজা মণ্ডপত প্ৰৱেশ কৰা আৰু মূৰ্তি বিসৰ্জনৰ ক্ষেত্ৰতো নিষেধাজ্ঞা জাৰি কৰিছে ন্যায়ালয়ে ৷

ৰাজস্থান,ওড়িশাসহ আন বহুকেইখন ৰাজ্যই ফটকা ফুটোৱাত নিষেধাজ্ঞা জাৰি কৰিছে ৷ ক'ভিড সংক্ৰমিত ৰোগীৰ স্বাস্থ্য প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ৷

লগতে পঢ়ক: আজিৰ দিনটোত ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কেইটামান গুৰুত্বপূৰ্ণ কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.