ETV Bharat / bharat

চীনৰ অনুপ্ৰৱেশৰ চেষ্টাৰ পাচত সষ্টম হিমাচল-চীন সীমান্ত

author img

By

Published : May 19, 2020, 10:53 AM IST

পিপল্চ লিবাৰেছন আৰ্মী অৱ চাইনাৰ হেলিকপ্টাৰে বিগত দুমাহত দুবাৰকৈ ভাৰতৰ সীমাত প্ৰবেশ কৰা পৰিলক্ষিত হয় । তাৰ পিচৰ পৰা ভাৰতীয় সেনা সীমান্তত সষ্টম হৈ থকাৰ লগতে জনসাধাৰণকো সষ্টম হৈ থাকিবলৈ অনুৰোধ জনোৱা হৈছে ৷

চীনৰ অনুপ্ৰৱেশৰ চেষ্টাৰ পাচত এলাৰ্টত হিমাচল-চীন সীমান্ত
চীনৰ অনুপ্ৰৱেশৰ চেষ্টাৰ পাচত সষ্টম হিমাচল-চীন সীমান্ত

নিউজ ডেস্ক, 19 মে': বিগত দুমাহত দুবাৰকৈ চীনে ভাৰতত অনুপ্ৰৱেশৰ চেষ্টা কৰিছিল । বিগত দুটা মাহত পিপল্চ লিবাৰেছন আৰ্মী অৱ চাইনাৰ হেলিকপ্টাৰে বিগত দুমাহত দুবাৰকৈ ভাৰতৰ সীমাত প্ৰৱেশ কৰা পৰিলক্ষিত হয় । হিমাছল প্ৰদেশৰ লাহুৱাল স্পিটিৰ চাম্ডু পোষ্টত এই ঘটনা ঘটিছিল ।

তাৰ পিচৰ পৰা সীমান্তত থকা জিলা কেইখনত অধিক সচেতন হৈ আছে ভাৰতীয় সেনা, ইণ্ডিয়ান-তীব্বত বৰ্ডাৰ পুলিছ আৰু হিমাচল আৰক্ষী । গাঁৱৰ লোক সকলক সচেতন হৈ থাকিবলৈও অনুৰোধ জনোৱা হৈছে । সোমবাৰে হিমাচল আৰক্ষীয়ে এই কথা অৱগত কৰে ।

আৰক্ষীয়ে জনোৱা অনুসৰি, প্ৰথমবাৰ 11 এপ্ৰিলত চীনা হেলিকপ্টাৰ এখন ভাৰতৰ সীমান্তৱৰ্তী অঞ্চলত ঘূৰি ফুৰিছিল । এই ঘটনা সম্পৰ্কে ভাৰতৰ গৃহ বিভাগ, প্ৰতিৰক্ষা বিভাগ আৰু বৈদেশিক মন্ত্ৰণালয়ক দৃষ্টিগোচৰ কৰোৱা হৈছিল । তাৰ পাচৰ পৰাই লাহোৱাল আৰু কিন্নপুৰত সুৰক্ষা অধিক বঢ়োৱাৰ লগতে কেন্দ্ৰৰ তদাৰকো অধিক তীব্ৰ কৰা হৈছিল ।

ইয়াৰ পূৰ্বেও চীনে অনুৰূপ কাৰ্য সংঘটিত কৰিছিল 2016 চনৰ 16 মাৰ্চ আৰু 2017 চনৰ 4 আগষ্টত । এই দুটা ঘটনা সংঘটিত হৈছিল চাম্দো আৰু লাহুৱাল জিলাত ৷

ইয়াৰ পূৰ্বেও বহুবাৰ এনে কাৰ্য চীনে সংঘটিত কৰি অহাৰ কথা বিভিন্ন প্ৰতিবেদনত প্ৰকাশ পাইছিল । আনহাতে আন এক প্ৰতিবেদনত উল্লেখ থকা অনুসৰি এসপ্তাহ পূৰ্বে উত্তৰ ছিকিমত দুয়োখন দেশৰ সেনাৰ মাজত হতাহতিৰ সৃষ্টি হৈছিল । তাত কম পৰিমানে সেনা আহতও হৈছিল । পাচত অৱশ্যে ঘটনাটো মীমাংসা কৰা হৈছিল ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.