নতুন দিল্লী,3 নৱেম্বৰ: বলীউডৰ চিনেমাৰ তালিকাত সংযোজন হ’বলৈ গৈ আছে এখন নতুন চিনেমা ৷ ইয়াৰ বাবে সাজু হৈ উঠিছে চিনেমাখনৰ নিৰ্মাতাৰ লগতে প্ৰডাকচন টীম ৷ অক্ষয় কুমাৰ আৰু কৃতি সেননে অভিনয় কৰিবলগীয়া চিনেমাখনৰ শ্বুটিঙৰ বাবে ইতিমধ্যে নিৰ্বাচন কৰা হৈছে ৰাজস্থানৰ জয়ছালমেৰ নামৰ মনোমোহা ঠাইটুকুৰা ৷ 2021 চনৰ আৰম্ভণিৰে পৰা চিনেমাখনৰ শ্বুটিং আৰম্ভ হ’ব ৷ বচ্চন পাণ্ডে নামৰ চিনেমাখন সম্পূৰ্ণ হাস্যৰসেৰে পূৰ্ণ এক্সনধৰ্মী হ’ব বুলি প্ৰকাশ কৰিছে নিৰ্মাতাই ৷
চলচিত্ৰ বিশ্লেষক তৰণ আদৰ্শই মঙলবাৰে এই বিষয়ে টুইটযোগে সদৰী কৰে ৷ পৰৱৰ্তী জানুৱাৰী মাহৰ পৰা মাৰ্চলৈকে জয়ছালমেৰত চিনেমাখনৰ শ্বুটিং চলি থাকিব ৷ তদুপৰি শীঘ্ৰে আন এগৰাকী অভিনেত্ৰীক চিনেমাখনৰ বাবে চুক্তিবদ্ধ কৰা হ’ব ৷
বচ্চন পাণ্ডেৰ নিৰ্দেশকৰ দায়িত্বত থাকিব ফাৰহাদ সামজী ৷ প্ৰযোজনা সাজিদ নদিয়াদওৱালাৰ ৷ কিছুদিন পূৰ্বে অক্ষয় কুমাৰে স্কটলেণ্ডত বেল বটম নামৰ আন এখন চিনেমাৰ শ্বুটিং সামৰি ভাৰতলৈ উভটি আহিছিল ৷ ইয়াৰোপৰি অভিনেতা গৰাকীয়ে যশৰাজ ফিল্মছৰ বেনাৰত নিৰ্মিত হ’বলগীয়া পৃথ্বীৰাজ নামৰ চলচিত্ৰখনৰ শ্বুটিঙত সম্প্ৰতি ব্যস্ত হৈ পৰিছে ৷ বন্ধু তথা চলচিত্ৰ প্ৰযোজক সাজিদ নদিয়াদওৱালাৰ সৈতে খিলাড়ী কুমাৰে এয়া দশমবাৰৰ বাবে যুটি বান্ধি কাম কৰিবলৈ সাজু হৈ পৰিছে ৷
লগতে চাওকঃ ভাৰতীয় উপকূলীয় বাহিনীৰ জাহাজ C-452 মুকলি