নেশ্যনেল ডেস্ক,10 নৱেম্বৰ : নাগৰিকত্ব সংশোধনী বিধেয়ক (CAB) লোকসভাত গৃহীত হোৱাৰ পাচত সমগ্ৰ উত্তৰ-পূৱ ভাৰততে বিশাল প্ৰতিবাদ অব্যাহত আছে ৷ একেসময়তে দিল্লীৰ যন্তৰ মন্তৰত আইছা (All India Student's Association) য়ে বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷ এই প্ৰতিবাদী কাৰ্যসূচীত বাওঁপন্থী ছাত্ৰ সংগঠনৰ লগতে পূৱ ভাৰতৰ বহু সংখ্যক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে ৷
এই বিধেয়কৰ বিৰোধিতা কৰি চিপিআই (এমএল)ৰ কাৰ্যকৰ্তা সুচেতা দে'ই কয়,"কেন্দ্ৰীয় চৰকাৰে ভাৰতবৰ্ষক ধৰ্মৰ ভিত্তিত ভাগ-বতৰা কৰাৰ চেষ্টা চলাই আছে ৷ কিন্তু চৰকাৰক আমি এই চক্ৰান্তত সফল হ'বলৈ নিদিও ৷ " লগতে এই বিধেয়কক সম্পূৰ্ণ অসংবিধানিক বুলি মন্তব্য কৰে সুচেতা দে'ই ৷ "লোকসভাত চৰকাৰে যিদৰে বিধেয়কৰ সপক্ষে নিজৰ মত প্ৰকাশ কৰে ইয়াৰ পৰা এয়া সুস্পষ্ট যে,তেওঁলোকে ৰাজনীতি কৰিছে ৷ " তেওঁ লগতে কয়,"ধৰ্মৰ আধাৰত ভাৰতৰ গঠন হোৱা নাছিল ৷ এয়া প্ৰথমবাৰৰ বাবে দেখিবলৈ পোৱা গৈছে যে,ভাৰতত নাগৰিকত্ব ধৰ্মৰ আধাৰত লাভ কৰা যাব ৷"
আন এজন প্ৰতিবাদকাৰীয়ে কয় যে,ভাৰত চৰকাৰে বিধেয়কখন উভতাই ল'ব লাগিব ৷ এয়া ভাৰতৰ সংবিধানৰ পৰিপন্থী ৷ এই বিধেয়ক উভতাই নোলোৱালৈকে প্ৰতিবাদ চলি থাকিব ৷
আৰু পঢ়ক : কেবৰ বিৰোধিতাঃ চৰকাৰে প্ৰদান কৰা ৰাষ্ট্ৰীয় বঁটা প্ৰত্যাহাৰ পৰিচালক জাহ্নু বৰুৱাৰ