ETV Bharat / bharat

ভয়াৱহ প্ৰদূষণৰ গ্ৰাসত ৰাজধানী দিল্লী

author img

By

Published : Oct 27, 2020, 1:07 PM IST

দিল্লীত মঙলবাৰে অত্যাধিক মাত্ৰাত নিম্নগামী হৈছে বায়ুৰ গুণগত মানৰ সূচাংক। ৰাষ্ট্ৰীয় ৰাজধানীখনত বৰ্দ্ধিত প্ৰদূষণ ৰোধৰ বাবে কৰা প্ৰয়াস হিচাপে দিল্লী চৰকাৰৰ 'ৰেড লাইট অন, গাড়ী অফ' অভিযান। 'প্ৰদূষণৰ বিৰুদ্ধে যুঁজ' শীৰ্ষক সজাগতা অভিযানৰ অংশ হিচাপে এই পদক্ষেপ গ্ৰহণ।

ভয়াৱহ প্ৰদূষণৰ গ্ৰাসত ৰাজধানী দিল্লী
ভয়াৱহ প্ৰদূষণৰ গ্ৰাসত ৰাজধানী দিল্লী

নেশ্যনেল ডেস্ক, ২৭ অক্টোবৰ: ক্ৰমাত বৃদ্ধি পাই অহা বায়ু প্ৰদূষণে ভয়াৱহ বিপদ মাতি আনিছে দিল্লীবাসীলৈ। মঙলবাৰে দিল্লীত বায়ুৰ গুণগত মানৰ সূচাংকই 'অতি বেয়া' পৰ্যায় পায়। দিল্লী প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডে এই কথা প্ৰকাশ কৰিছে। কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডৰ তথ্য অনুসৰি ৰাজধানী চহৰখনৰ ৰোহিণীত বায়ুৰ গুণগত মানৰ সূচাংক ৩৪৬, পুৰমত ৩২৯, আনন্দ বিহাৰত ৩৭৭ আৰু মুণ্ডকাত ৩৬৩ হৈছেগৈ। ভয়াৱহ ৰূপ লোৱা প্ৰদূষণ ৰোধ কৰিবলৈ নতুন প্ৰয়াস কৰিছে দিল্লী চৰকাৰে।

শেহতীয়াকৈ 'প্ৰদূষণৰ বিৰুদ্ধে যুঁজ' অভিযানৰ অধীনত 'ৰেড লাইট অন, গাড়ী অফ' শীৰ্ষক পদক্ষেপ গ্ৰহণ কৰে। দিল্লীৰ পৰিৱেশ মন্ত্ৰী গোপাল ৰায়ে বায়ু প্ৰদূষণৰ ক্ষেত্ৰত ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ উদ্দেশ্যৰে সোমবাৰে এই অভিয়ানৰ বিষয়ে ঘোষণা কৰে।

লগতে পঢ়ক:হাথৰসৰ ঘটনা: আদালতৰ তদাৰকী সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ৰায়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.