ETV Bharat / bharat

লকডাউনৰ সময়ত হিমাচল প্ৰদেশত বহুপৰিমানে হ্ৰাস বায়ু প্ৰদূষণ

হিমাচল প্ৰদেশৰ ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ তথ্য অনুসৰি, জানুৱাৰী মাহৰ পৰা ১৮ এপ্ৰিললৈকে দেশৰ ভিতৰতে মানালীৰ জৈৱ বৈচিত্ৰ্য বহুপৰিমানে নিকা তথা স্বচ্ছ হৈ পৰে । চাৰিমাহৰ ভিতৰত ৰাজ্যখনত প্ৰদূষণৰ মাত্ৰা ৫০ শতাংশলৈ হ্ৰাস পায় ।

author img

By

Published : Apr 25, 2020, 8:45 AM IST

হিমাচল প্ৰদেশত বহুপৰিমানে হ্ৰাস বায়ু প্ৰদূষণ

নিউজ ডেস্ক, ২৫ এপ্ৰিলঃ কৰ'ণা ভাইৰাছৰ কৱলৰ পৰা ৰক্ষা পৰিবলৈ দেশত অব্যাহত থকা লকাউনৰ মাজতে আহিছে বহুকেইটা ভাল খবৰ । সমগ্ৰ দেশতে প্ৰযোজ্য হৈ থকা লকডাউনৰ মাজতে দেশত ক্ৰমাগতভাৱে হ্ৰাস পাইছে প্ৰদূষণৰ মাত্ৰা । পৰিবহন, উদ্যোগ, আন্তঃগাঁঁথনি নিৰ্মাণৰ কাম আদি বন্ধ হৈ পৰাৰ ফলত দেশৰ বায়ুৰ গুণাগুন বহু পৰিমানে উন্নত হোৱাৰ লগতে ৰাইজে বিশুদ্ধ বতাহ সেৱন কৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়কঃ লক ডাউনৰ বাবে প্ৰদূষণ হ্ৰাস পাইছে গুৱাহাটী মহানগৰীত

হিমাচল প্ৰদেশত প্ৰদূষণৰ মাত্ৰা বিগত চাৰিমাহত ৫০ শতাংশলৈ হ্ৰাস পাইছে বুলি ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডে প্ৰকাশ কৰিছে । লকডাউনৰ মাজতে ৰাজ্যখনৰ মানালীত RSPMৰ মাত্ৰা ১৫ লৈ হ্ৰাস পাইছে । যিটো দেশৰ ভিতৰতে সৰ্বাধিক স্বচ্ছ তথা নিকা বুলি জনাইছে ৰাজ্যখনৰ প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডে ।

লগতে পঢ়কঃ লক ডাউনৰ বাবে হ্ৰাস পাইছে প্ৰদূষণ, বন্য প্ৰাণীয়ে লৈছে স্বস্তিৰ নিশ্বাসঃ বন মন্ত্ৰী

ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডে চলোৱা সমীক্ষাত RSPMৰ মাত্ৰা প্ৰতি কিউবিক মিটাৰত ৫০ মাইক্ৰ গ্ৰামৰো তললৈ হ্ৰাস পাইছে বুলি জানিব পৰা গৈছে । ছালফাৰ-ডাই-অক্সাইড আৰু নাইট্ৰজেন অক্সাইডৰ মাত্ৰা প্ৰতি কিউবিক মিটাৰত ৮০ মাইক্ৰ গ্ৰামলৈ অৱনমিত হৈছে বুলি জনাইছে প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডে । ৰাজ্যখনত উদ্যোগৰ পৰা হোৱা প্ৰদূষণৰ মাত্ৰাও ৭০ শতাংশলৈ অৱনমিত হৈছে যিটো পাৰিপাৰ্শ্বিকতাৰ বাবে খুবেই ভাল লক্ষণ । ৰাজ্যখনৰ বড্ডি, চিমলা, সুন্দেৰনগৰ, পাৰৱানু আৰু উনাত প্ৰদূষণৰ মাত্ৰা নিৰ্ধাৰিত স্তৰত উপনীত হৈছে ।

হিমাচল প্ৰদেশ ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ সদস্য় আদিত্য নেগীয়ে সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰিছে ।

লগতে পঢ়কঃ হৰিদ্বাৰ, বাৰাণসীত পৰিস্কাৰ হৈছে গংগাৰ পানী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.