নেশ্যনেল ডেস্ক, ৮ জানুৱাৰী: ইংলেণ্ডৰ পৰা ২৫৬ গৰাকী যাত্ৰী কঢ়িয়াই অনা এয়াৰ ইণ্ডিয়াৰ এখন বিমানে শুক্ৰবাৰে দিল্লীত অৱতৰণ কৰে । ইংলেণ্ডত COVID-১৯ৰ নতুন ষ্ট্ৰেইনৰ সংক্ৰমণ অব্যাহত থকাৰ বাবে বিগত বৰ্ষৰ ২৩ ডিচেম্বৰৰ পৰা ভাৰতৰ অসামৰিক বিমান পৰিবহণ বিভাগে দুয়োখন দেশৰ মাজত বিমান পৰিবহণ অস্থায়ীভাৱে নিষিদ্ধ কৰিছিল । শুক্ৰবাৰে দিল্লীৰ ইণ্ডিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰে এয়াৰ ইণ্ডিয়াৰ বিমানখনে ।
বিভাগীয় সূত্ৰই প্ৰকাশ কৰা মতে, লণ্ডনৰ হিথ্ৰ' বিমানবন্দৰৰ পৰা অহা এয়াৰ ইণ্ডিয়াৰ বিমানখনে শুক্ৰবাৰে পুৱা ১০.২০ বজাত দিল্লীত অৱতৰণ কৰে । বিমানখনত বিজনেছ শ্ৰেণীত ১৮ জন,ইক'নমী শ্ৰেণীত ২১৮ জন, ৯ জন কেবিন ক্ৰিউ,২ জন পাইলট আৰু ১০টা শিশু আছিল । যোৱা ৬ জানুৱাৰীৰ পৰা ভাৰতৰ অসামৰিক বিমান পৰিবহণ বিভাগে ভাৰত আৰু ইংলেণ্ডৰ মাজত বিমান পৰিবহণৰ ক্ষেত্ৰত আংশিক শিথিলতা আনিছে । প্ৰতি সপ্তাহত ইংলেণ্ডে ১৫ খন আৰু ভাৰতে ১৫ খন, বিমান পৰিবহণত অনুমতি দিয়া হৈছে । দিল্লীৰ ইণ্ডিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰামৰ্শ কমিটীয়ে কয় যে,ইংলেণ্ডৰ পৰা অহা যাত্ৰীসকলে তেওঁলোকৰ পুনৰ বিমানেৰে নিজা চহৰলৈ যাবলগীয়া হ'লে ১০ ঘণ্টা সময় পূৰ্বে অহা উচিত ।
স্বাস্থ্য বিভাগে জাৰি কৰা ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰত কোৱা হৈছে যে, ইংলেণ্ডৰ পৰা যাত্ৰীয়ে নিজৰ শেহতীয়া ১৪ দিনৰ ভ্ৰমণ ইতিহাসৰ বিষয়ে জনাব লাগিব আৰু ৭২ ঘণ্টাৰ ভিতৰত সম্পন্ন হোৱা COVID-১৯ পৰীক্ষাৰ ফলাফলৰ প্ৰমাণপত্ৰ জমা দিব লাগিব । উল্লেখ্য যে, ইংলেণ্ডত আৰম্ভ হোৱা COVID-১৯ৰ নতুন ষ্ট্ৰেইনৰ দ্বাৰা সংক্ৰমিত হোৱা লোকৰ সংখ্যা ভাৰতত ৭৩ জনলৈ বৃদ্ধি পাইছে । দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কেন্দ্ৰীয় চৰকাৰক ইংলেণ্ডৰ বিমান অৱতৰণ অহা ৩১ জানুৱাৰীলৈকে নিষিদ্ধ কৰাৰ বাবে আহ্বান জনাইছে ।
লগতে পঢ়ক:হাৰিয়ানাত বাৰ্ড ফ্লুৰ সংক্ৰমণৰ সন্দেহ !