নিউজ ডেস্ক, ১০ জুনঃ বিমান সেৱা প্ৰতিষ্ঠান এয়াৰ ইণ্ডিয়াই মঙলবাৰে এখন বিশেষ কমিটি গঠন কৰে । এয়াৰ ইণ্ডিয়াই বিমান সেৱা আৰম্ভ কৰাৰ সময়ত মহামাৰী COVID-19 ৰ ফলত সন্মুখীন হ'ব পৰা জৰুৰীকালীন সমস্যাৰ সমূহ সমাধান কৰিবলৈ গঠন কৰা হয় এই কমিটিখন ।
এয়াৰ ইণ্ডিয়াৰ মুখ্য ৰাজীৱ বানছালে এক বিবৃতিযোগে সদৰি কৰা অনুসৰি, কমিটি গঠন কৰা সময়ত এয়াৰ ইণ্ডিয়াৰ সকলো কৰ্মচাৰী উপস্থিত থাকে । লগতে এই সংকটৰ সময়ছোৱাত কৰ্মচাৰী সকলৰ নিঃস্বাৰ্থ সেৱাৰ বাবে এয়াৰ ইণ্ডিয়া গৌৰাৱাম্বিত বুলি প্ৰকাশ কৰে ।
আনহাতে, এজন এয়াৰ ইণ্ডিয়াৰ বিষববীয়াৰ মন্তব্য অনুসৰি, এয়াৰ ইণ্ডিয়াৰ বৰ্তমান পৰ্যন্ত বিমান চালককে ধৰি ৪০ জন অন্যান্য কৰ্মচাৰী COVID-19ত আক্ৰান্ত হৈছে ।
উল্লেখ্য যে, বিগত ২৫ মে'ৰ পৰা কেন্দ্ৰীয় চৰকাৰে আভ্যন্তৰীণ বিমান সেৱা সমগ্ৰ দেশতে আৰম্ভ কৰিবলৈ অনুমতি প্ৰদান কৰিছিল । কিন্তু বিমান সেৱা আৰম্ভ হোৱা ঠিক এদিনৰ পাচতে মুঠ ১০ জন বিমান যাত্ৰীৰ দেহত ধৰা পৰে মহামাৰী COVID-19 ৰ উপস্থিতি ।
কিন্তু বিশেষজ্ঞ সকলে সদৰি কৰা এক তথ্য অনুসৰি, আন্তঃৰাষ্ট্ৰীয় তথা দূৰণীবটিয়া বিমান যাত্ৰা সুৰক্ষিত হোৱাৰ আশা কৰিছে । কিয়নো হাস্পতাল সমূহৰ তুলনাত বিমানৰ ভিতৰৰ বায়ু বহুগুণে শুদ্ধ বুলি মত প্ৰকাশ কৰে বিশেষজ্ঞ সকলে ।