ETV Bharat / bharat

AIIMS ঝাজৰক COVID-19 চিকিৎলায়লৈ ৰূপান্তৰঃ হৰ্ষ বৰ্ধন - ঝাজৰৰ AIIMS

COVID-19 ৰ বিৰুদ্ধে যুঁজিবলৈ দেওবাৰে হাৰিয়ানাৰ ঝাজৰৰ AIIMS চিকিৎলায় পৰিদৰ্শন কৰে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী হৰ্ষ বৰ্ধনে । ৩০০ বিছনা যুক্ত AIIMS, ঝাজৰক COVID-19 ৰ চিকিৎলায় হিচাপে কাৰ্যক্ষম কৰা হ'ব বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ।

AIIMS, Jhajjar to function as dedicated COVID-19 hospital: Vardhan
VAIIMS, Jhajjar to function as dedicated COVID-19 hospital: Vardhan
author img

By

Published : Apr 6, 2020, 1:48 PM IST

নিউজ ডেস্ক, ৬ এপ্ৰিলঃ দেওবাৰে হাৰিয়ানাৰ ঝাজৰৰ AIIMS চিকিৎলায় পৰিদৰ্শন কৰে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী হৰ্ষ বৰ্ধনে । পৰিদৰ্শন কালতেই AIIMS, ঝাজৰ আইচলেচন কক্ষ হিচাপে সম্পূৰ্ণ ৰূপে ৩০০ বিছনা যুক্ত COVID-19 ৰ চিকিৎলায় হিচাপে কাৰ্যক্ষম হ'ব বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ।

মন্ত্ৰীগৰাকীয়ে ৰোগীৰ বাবে অত্যাধুনিক সুবিধাৰ লগতে আইচলেচন সুবিধা থকা বহু কেইটা ভৱন পৰিদৰ্শন কৰে । লগতে চিকিৎসক, অন্যান্য স্বাস্থ্য় কৰ্মীৰ আৱাস গৃহ, বিশ্ৰাম কৰা ঠাইৰো চোৱা চিতা কৰে বুলি আনুষ্ঠানিক বিবৃতি প্ৰদানৰ জৰিয়তে জানিব পৰা যায় ।

আনহাতে COVID-19 ত আক্ৰান্ত ৰোগীৰ সৈতেও ভিডিঅ' ক'লৰ জৰিয়তে কথা পতাৰ লগতে তেওঁলোকৰ স্বাস্থ্যৰ বুজ লৈছিল । তেওঁলোকৰ পৰা AIIMS, ঝাজৰৰ সুবিধা সম্পৰ্কে মতামত গ্ৰহণ কৰিছিল । যাতে প্ৰয়োজনীয় সুবিধা সমূহ উন্নত কৰা হয় । ৰোগীৰ সুশ্ৰষা সম্পৰ্কে মতামতৰ পাচত AIIMS, ঝাজৰৰ প্ৰশাসনৰ কাম কাজক প্ৰশংসা কৰে ।

COVID-19 ৰ বিৰুদ্ধে যুঁজিবলৈ চিকিৎসালয়ৰ প্ৰস্তুতি সম্পৰ্কে জানিবলৈ বিগত কিছু দিনত AIIMS দিল্লী, এলএনজিপি, আৰএমএল, ছফদৰজং, AIIMS ঝাজৰ পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে । স্বাস্থ্য বিষয়াৰ উদ্যমতাক দেখি প্ৰশংসা কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে । আনহাতে ৰোগী তথা পৰিয়ালৰ সদস্যৰ দ্বাৰা স্বাস্থ্য বিষয়াৰ ওপৰত দুব্যৱহাৰ কৰা সকলৰ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয়, গৃহবিভাগে এই বিষয়ে ৰাষ্ট্ৰীয় সুৰক্ষা নীতিৰ অধীনত বিহিত ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে ।

সমগ্ৰ বিশ্বতে এই ভাইৰাছৰ প্ৰতিষেধক তৈয়াৰৰ বাবে দিনে-নিশাই পৰীক্ষা চলাই থকা হৈছে । কিন্তু বৰ্তমানো সুফল পোৱা নাই । আমি লক্ ডাউন আৰু সামাজিক দূৰত্বক এক সামাজিক প্ৰতিষেধক হিচাপে গণ্য কৰিব লাগে বুলি উল্লেখ কৰে স্বাস্থ্য়মন্ত্ৰীগৰাকীয়ে । আনহাতে স্বাস্থ্যকৰ্মীৰ ব্যক্তিগত সুৰক্ষা সঁজুলি সন্দৰ্ভত কীট্, এন ৯৫ মাস্ক, ভেণ্টিলেটৰ বৰ্ধিত আৱশ্যকতাৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে যোগান ধৰাৰ নিৰ্দেশ দিয়া হৈছে বুলি উল্লেখ কৰে ।

COVID-19 ৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি দিল্লীবাসীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.