ETV Bharat / bharat

ট্ৰাম্প বাহিনীক আদৰিবলৈ সাজু আগ্ৰা

author img

By

Published : Feb 24, 2020, 11:46 AM IST

350 গৰাকী শিল্পীৰ দ্বাৰা পৰম্পৰাগত বাদ্যযন্ত্ৰৰ এক অনুষ্ঠানেৰে ট্ৰাম্প বাহিনীক আদৰণি জনোৱা হ'ব ৷ উল্লেখ্য যে, ট্ৰাম্পৰ স'তে তাজমহললৈ যাত্ৰা নকৰিলেও,খেৰিয়া বিমান বন্দৰত আদৰণি অনুষ্ঠানত উপস্থিত থাকিব উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দিবেন পেটেলৰ লগতে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ ৷ লগতে ৰাষ্ট্ৰপতিগৰাকীৰ উভতণী পথটো বিমান বন্দৰত উপস্থিত থাকিব উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীগৰাকী ৷

Agra decked up to welcome Trump
Agra decked up to welcome Trump

নিউজ ডেস্ক,24 ফেব্ৰুৱাৰীঃ ৰাজপথৰ দুয়োকাষে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পতাকাৰ লগতে ভাৰতীয় জাতীয় পতাকা,বিশাল বেনাৰত শুভেচ্ছা বাণীৰে আৰু কটকটীয়া নিৰাপত্তা বাহিনীৰ মাজত সোমবাৰে ট্ৰাম্পবাহিনীক আদৰিবলৈ সাজু হৈছে আগ্ৰা চহৰ ৷

পোনপ্ৰথমে আহমেদাবাদৰ নৱনিৰ্মিত ম'টেৰা ষ্টেডিয়ামত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ স'তে "Namaste Trump" শীৰ্ষক অনুষ্ঠানত ভাগ লৈ পোনে পোনে আগ্ৰামুখী হ'ব ৰাষ্ট্ৰপতিগৰাকী ৷ অতিথি আগমণৰ উদ্দেশ্য "আগ্ৰাখনক শ্ৰেষ্ঠভাৱে উপস্থাপন" কৰিবলৈ বিগত কেবাদিন ধৰি ব্যস্ত হৈ পৰিছে আগ্ৰা প্ৰশাসন ৷

আগ্ৰাৰ আৰক্ষী আয়ুক্তই প্ৰদান তথ্য অনুসৰি,সোমবাৰে সন্ধিয়া প্ৰায় 4.30 বজাত ৰাষ্ট্ৰপতিগৰাকী "খেৰিয়া" বিমান বন্দৰত উপস্থিত হোৱাৰ সম্ভাৱনা আছে ৰাষ্ট্ৰপতিগৰাকী ৷ উক্ত স্থানতে প্ৰায় 350 গৰাকী শিল্পীৰ দ্বাৰা পৰম্পৰাগত বাদ্যযন্ত্ৰৰ এক অনুষ্ঠানেৰে ট্ৰাম্প বাহিনীক আদৰণি জনোৱা হ'ব ৷ উল্লেখ্য যে, ট্ৰাম্পৰ স'তে তাজমহললৈ যাত্ৰা নকৰিলেও,খেৰিয়া বিমান বন্দৰত আদৰণি অনুষ্ঠানত উপস্থিত থাকিব উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দিবেন পেটেলৰ লগতে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ ৷ লগতে ৰাষ্ট্ৰপতিগৰাকীৰ উভতনী পথটো বিমান বন্দৰত উপস্থিত থাকিব উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীগৰাকী ৷

কটকটীয়া নিৰাপত্তা বেষ্টনীত চহৰখনৰ মাজেৰে 13 কিলোমিটাৰ পথ অতিক্ৰম কৰি হোটেল অমৰবিলাসলৈ অনা হ'ব ট্ৰাম্প বাহিনীক ৷ তথ্য অনুসৰি, US Secret Service ৰ অধীনত থকা তিনি তৰপীয়া নিৰাপত্তা বাহিনীৰ মাজত ৰখা হ'ব ৰাষ্ট্ৰপতিগৰাকীক ৷ ইয়াৰোপৰি চহৰখনত আৰক্ষী, অৰ্ধসামৰিক বাহিনী, NSGৰ লগতে PACI আৰু কোনো কোনো স্থানত ৰেপি় এক্সন ফ'ৰ্ছৰ জোৱানসকলকো মোতায়েন কৰা হৈছে ৷ লগতে তাজমহল আৰু ইয়াৰ দাঁতিকাষৰ অঞ্চলসমূহত চোকা দৃষ্টি ৰাখিছে আৰক্ষী বাহিনী আৰু অৰ্ধসামৰিক বাহিনীয়ে ৷

আগ্ৰাৰ DMৰ তথ্য অনুসৰি,সোমবাৰে সন্ধিয়া 5.15 ত এঘন্টাৰ বাবে তাজমহলত উপস্থিত হ'ব ৰাষ্ট্ৰপতিগৰাকী ৷ সেই স্থানৰ পৰা তাজমহল গেটৰ পূৱ দিশত থকা অমৰবিলাস হোটেললৈ Eco-Friendly গ'ল্ফ কাৰ্টেৰে ৰাওনা হ'ব ৰাষ্ট্ৰপতি লগতে তেওঁৰ পৰিয়াল আৰু তেওঁৰ স'তে ভাৰতলৈ অহা উচ্চস্তৰীয় প্ৰতিনিধিমণ্ডল ৷ উল্লেখ্য যে, তাজমহলৰ পৰা 500 মিটাৰৰ ভিতৰত পেট্ৰ'ল-ডিজেল দ্বাৰা চালিত কোনো ধৰণৰ বাহনক অনুমতি প্ৰদান নকৰে উচ্চতম ন্যায়ালয়ে ৷ পূৰ্বতেও তাজমহল দৰ্শনৰ বাবে অহা বহু বিশ্ব নেতাই গ'ল্ফ কাৰ্টৰ দ্বাৰাই ভ্ৰমণ কৰিছে ৷

লগতে পঢ়কঃ ড'নাল্ড ট্ৰাম্পৰ ভাৰত ভ্ৰমণৰ কাৰ্যসূচী বিশেষ

বিগত বহু দিনে ঐতিহাসিক আগ্ৰা চহৰক নতুন ৰূপ দিবলৈ অতি ব্যস্ত হৈ পৰিছে আগ্ৰা প্ৰশাসন ৷ ইতিমধ্যে মেৰামতি কৰা হৈছে চহৰখনৰ পুৰণি বাট-পথসমূহৰ ৷ পথৰ দাঁতিৰ ডিভাইদাৰসমূহটো বিভিন্ন অংকন কৰাৰ লগতে অদৰকাৰীভাৱে থকা পুৰণি বেনাৰ-পোষ্টাৰসমূহকো আতঁৰাই ট্ৰাম্পৰ আগমণৰ বাবে সেই স্থানত আগ্ৰাৰ ব্ৰীজ সংস্কৃতি আৰু ঐতিহ্যমণ্ডিত কলা-সংস্কৃতিৰ চিত্ৰৰে সজ্জিত কাৰ হৈছে ৷ আনহাতে ধূলি-বালিৰ পৰা পৰিত্ৰাণ পাবলৈ সময়ে সময়ে পথছোৱাত পানী ছতিয়াই থকা হৈছে ৷ এই ক্ষেত্ৰত তাজমহলৰো পৰিষ্কাৰ-পৰিছন্নতাৰ ওপৰত দৃষ্টি ৰাখিছে প্ৰশাসনে ৷ পৰিৱেশীয় অৱস্থাৰ উন্নীতকৰণৰ বাবে বিগত কিছু দিনত যমুনাৰ পানীৰ ব্যৱহাৰ অব্যাহত ৰখাৰ লগতে নদীখনৰ পাৰটো চাফ-চিকুণ কৰা হৈছে ৷ আনহাতে,সোমবাৰে 11.30 বজাতে পৰ্যটকৰ বাবে বন্ধ হৈ পৰিব তাজমহলৰ দুৱাৰ ৷ ৰাষ্ট্ৰপতিগৰাকীৰ ভ্ৰমণত চহৰখনৰ ব্যস্ততা বৃদ্ধি হৈ পৰিছে ফলত পৰ্যটকসকলৰ বাবে সোমবাৰটো অতি দীঘলীয়া দিন হৈ পৰিছে ৷

সমান্তৰালকৈ তাজাগঞ্জৰ মাজেৰে ট্ৰাম্পৰ কণভয় যাব সেয়ে উক্ত স্থানৰ দোকান,বাট-পথসমূহকো নতুন ৰূপ প্ৰদান কৰাৰ চেষ্টা কৰিছে ৷ মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীৰ আগমণত উৎসাহী হৈ পৰিছে আগ্ৰাৰ প্ৰতিজন ব্যক্তি ৷ লগতে ট্ৰাম্পৰ আগমণে আগ্ৰাৰ উন্নতি আৰু পৰ্যটন বিভাগত বহু প্ৰভাৱ পেলাৱ বুলিও মন্তব্য কৰে আগ্ৰাবাসীয়ে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.