ETV Bharat / bharat

গলৱানত নিশা কি ঘটিছিল লাডাখ সীমান্তৰ ভাৰত-চীন সৈন্যৰ মাজত?

লাডাখ সীমান্তৰ গলৱান উপত্যকাত সোমবাৰৰ নিশা ভাৰত আৰু চীনা সৈন্যৰ মাজত সংঘটিত সংঘৰ্ষৰ ফলত ভাৰতৰ ২০ জন জোৱান নিহত হয়।’ মাহৰ পৰাই ভাৰত-চীন সীমান্তৰ লাডাখৰ নিয়ন্ত্ৰণ ৰেখাত উত্তেজনা বৃদ্ধি পাই আহিছে। ভাৰতীয় সৈন্যই দাবী কৰা অনুসৰি, চীনা সৈন্যই ৮ কিলোমিটাৰ পৰ্যন্ত ভাৰতৰ ভূ-খণ্ডৰ ভিতৰলৈ সোমাই আহিছে ।

author img

By

Published : Jun 17, 2020, 9:46 PM IST

aftermath-of-india-china-deadly-border-clashes-uncertain
গলৱানত নিশা কি ঘটিছিল লাডাখ সীমান্তৰ ভাৰত-চীন সৈন্যৰ মাজত?

নিউজ ডেস্ক, ১৭ জুন : লাডাখ সীমান্তৰ গলৱান উপত্যকাত সোমবাৰৰ নিশা ভাৰত আৰু চীনা সৈন্যৰ মাজত সংঘটিত সংঘৰ্ষৰ ফলত ভাৰতৰ ২০ জন জোৱান নিহত হয় ।

আচলতে কি ঘটিছিল উক্ত দিনা সীমান্তৰ গলৱান উপত্যকাত ?

জানিব পৰা মতে,মে’ মাহৰ পৰাই ভাৰত-চীন সীমান্তৰ লাডাখৰ নিয়ন্ত্ৰণ ৰেখাত উত্তেজনা বৃদ্ধি পাই আহিছে। ভাৰতীয় সৈন্যই দাবী কৰা অনুসৰি,চীনা সৈন্যই ৮ কিলোমিটাৰ পৰ্যন্ত ভাৰতৰ ভূ-খণ্ডৰ ভিতৰলৈ সোমাই আহিছে । লগতে চীনা সৈন্যই নিয়ন্ত্ৰণ ৰেখা উলংঘা কৰাৰ অভিযোগ উখাপন হৈছে । তাৰ পৰৱৰ্তী সময়ত ভাৰতেও উক্ত স্থানত সেনা মোতায়েন কৰে । লগে-লগে সীমান্ত অঞ্চলত দুয়োপক্ষৰ উত্তেজনা বৃদ্ধি পায়। উত্তেজনা প্ৰশমনৰ বাবে ভাৰতীয় সৈন্য আৰু চীনৰ পিপ’লছ লিবাৰেশ্যন আৰ্মিৰ মাজত লাডাখ সীমান্তত বিগ্ৰেডিয়াৰ পৰ্যায়ৰ ১০ দিনীয়া বৈঠক আহ্বান কৰা হয়। উক্ত বৈঠকৰ অন্তত দুয়ো পক্ষই কিছু সেনা আঁতৰ কৰোৱা হয় । সীমান্তৰ পৰা টেংকাৰ সমূহ আঁতৰোৱা হয় ।

লগতে ভাৰতে দাবী কৰিছিল যে,ভাৰতৰ ভূখণ্ডত প্ৰৱেশ কৰা চীনা সৈন্য উভতি যোৱাৰ লগতে ছাউনীসমূহ উঠাই নিব লাগে। সোমবাৰৰ নিশা দুয়োপক্ষৰ বৈঠকৰ অন্তত ভাৰতীয় সেনাৰ কৰ্ণেল সন্তোষ বাবুৱে ৫০ জনীয়া এটা সেনাৰ দল লৈ চীনে ভাৰতৰ ভূখণ্ডৰ পৰা সৈন্য বাহিনী ঘূৰাই নিছে নে নাই জানিবলৈ ৰাওনা হয়। সেই সময়তে চীনা সৈন্যৰ এটা দলে ভাৰতীয় সেনাৰ ওপৰত আক্ৰমণ কৰে । লগে-লগে দুয়োপক্ষৰ মাজত সংঘৰ্ষ বৃদ্ধি পায় । আৰু উক্ত সংঘৰ্ষত ভাৰতীয় সেনাৰ এজন কৰ্ণেলসহ ২০ গৰাকী সেনা জোৱান নিহত হয় ।

লগতে পঢ়ক : পাথাৰকান্দি সমষ্টিত প্ৰধানমন্ত্ৰী গ্ৰাম্য পকী পথ যোজনাত ব্যাপক খেলিমেলিৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.