নিউজ ডেস্ক,22 এপ্ৰিল : শ্ৰীলংকা আক্ৰমণৰ পাচত কটকটীয়া কৰি তোলা হৈছে গোৱাৰ গীৰ্জাঘৰৰ নিৰাপত্তা ব্যৱস্থা৷ দেওবাৰে শ্ৰীলংকাৰ গীৰ্জাত সংঘটিত বোমা বিস্ফোৰণৰ পাচত গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ চাৱাণ্টৰ নিৰ্দেশ মৰ্মে গোৱা আৰক্ষী সঞ্চালক প্ৰণৱ নন্দাৰ নেতৃত্বত গীৰ্জাঘৰসমূহৰ নিৰাপত্তা ব্যৱস্থাৰ ক্ষেত্ৰত সষ্টম হৈছে গোৱা আৰক্ষী৷
উল্লেখ্য যে,শ্ৰীলংকাৰ বিস্ফোৰণত শতাধিক লোক নিহত হোৱাৰ লগতে চাৰিশৰো অধিক লোক আহত হয়৷ ইষ্টাৰ চানডেৰ প্ৰাৰ্থনাৰ সময়তে শ্ৰীলংকাৰ তিনিটাকৈ গীৰ্জাঘৰ আৰু তিনিখন হোটেলত পুৱা প্ৰায় 8 বাজি 45 মিনিটত সংঘটিত হয় বিস্ফোৰণৰ ঘটনা ৷ শ্ৰীলংকাৰ ৰাজধানী কলম্বো ছেইণ্ট এন্থনীৰ এটা গীৰ্জাঘৰ আৰু নেঘ'ম্বৰ দুটাকৈ গীৰ্জাঘৰত বিস্ফোৰণ ঘটে ৷ আত্মঘাতী বোমাৰুৱে এই ঘটনা সংঘটিত কৰা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে ৷