নিউজ ডেস্ক, ১ জুনঃ বলিউডৰ জনপ্ৰিয় সুৰকাৰ,গায়ক তথা সংগীত পৰিচালক ৱাজিদ খানৰ মৃত্যুয়ে শোকস্তদ্ধ কৰিছে সমগ্ৰ বলিউড জগত। পূৰ্বৰ পৰা হৃদৰোগ আৰু বৃক্কৰোগত আক্ৰান্ত শিল্পী গৰাকীৰ শেহতীয়াকৈ মহামাৰী কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈ দেহাৱসান ঘটে ।

শিল্পী গৰাকীৰ অন্তিম সৎকাৰ তথা জানাজাত উপস্থিত থাকে ভাতৃ ছাজিদ খান। মুম্বাইৰ ৱৰ্ছভা কবৰস্থানত ধৰ্মীয় সকলো ৰীতি-নীতি অনুসৰি কবৰ দিয়া শিল্পী গৰাকীক। সদ্য প্ৰয়াত অভিনেতা ইমৰান খানকো ৱৰ্ছভা কবৰস্থানত কৱৰ দিয়া হৈছিল ।
আনহাতে,বলিউড অভিনেত্ৰী প্ৰিংকা চোপ্ৰা,অভিনেতা অমিতাভ বচ্চন,পৰিণীতি চোপ্ৰা,অক্ষয় কুমাৰ,সোণম কাপুৰ,অৰ্জুন কাপুৰ,নেহা ধুপিয়াকে ধৰি কেইবা গৰাকীও অভিনেতা-অভিনেত্ৰীয়ে ৱাজিদ খানৰ মৃত্যুত শোক প্ৰকাশ কৰি টুইট কৰে। উল্লেখ্য যে,ৱাজিদ খান আৰু তেখেতৰ ভাতৃ ছাজিদ খানে ১৯৯৮ চনত অভিনেতা ছলমান খানৰ এখন ছবিৰ জৰিয়তে বলিউড জগতত খোজ পেলাইছিল ।
লগতে চাওকঃ এজাক বৰষুণতে ডুব যোৱা বাক্সাৰ এখন চিকিৎসালয়