ETV Bharat / bharat

7 দিন, ৰঞ্জন গগৈৰ হাতত বাকী 5 টা গুৰুত্বপূৰ্ণ বিষয়ৰ ৰায়দান

author img

By

Published : Nov 10, 2019, 3:27 PM IST

Updated : Nov 10, 2019, 9:51 PM IST

ইয়াৰ আগতেও উচ্চতম ন্যায়ালয়ৰ কেইবাজনো মুখ্য ন্যায়াধীশে অৱসৰলৈ মাত্ৰ এমাহ বাকী থকা অৱস্থাত দি গৈছে বহুকেইটা ঐতিহাসিক ৰায়দান ৷

অযোধ্যাৰ অৱসান: পাঁচটা হাইপ্ৰফাইল গোচৰৰ ৰায়দানৰ বাবে ৰঞ্জন গগৈৰ হাতত মাত্ৰ 7 দিন

নতুন দিল্লী, 10 নৱেম্বৰ: শনিবাৰে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বত পাঁচজনীয়া বিচাৰপীঠৰ দলে ভাৰতবৰ্ষৰ ইতিহাসৰ সৰ্বাধিক বিতৰ্কিত, ৰাজনৈতিক তথা সংবেদনশীল অযোধ্যা গোচৰৰ ৰায়দান কৰে ৷ অযোধ্যাৰ বিবাদমান ভূমিত ৰাম মন্দিৰ নিৰ্মাণ আৰু চুন্নি ৱাকফ বৰ্ডক 5 একৰ বিকল্প মাটি প্ৰদানেৰে ঐতিহাসিক ৰায় প্ৰদান কৰাৰ পাচত বৰ্তমান ৰঞ্জন গগৈৰ অৱসৰৰ বাবে মাজত বাকী মাত্ৰ 7 টা দিন ৷
অহা 17 নৱেন্বৰত দেশৰ সৰ্বোচ্চ ন্যায়্যালয়ৰ মুখ্য ন্যায়াধীশ পদৰ পৰা অৱসৰ গ্ৰহণ কৰিব অসম সন্তান ৰঞ্জন গগৈয়ে ৷ অৱসৰলৈ মাত্ৰ 7 দিন বাকী থকা অৱস্থাত মুখ্য ন্যায়াধীশৰ আদালতত এতিয়া চূড়ান্ত ৰায়দানৰ বাবে অপেক্ষাৰত অৱস্থাত আছে দেশৰ হাইপ্ৰফাইল 5 টাকৈ গোচৰ, তাৰে ভিতৰত ৰাফেল বিমান গোচৰ, সাৱৰিমালা মন্দিৰ গোচৰ উল্লেখযোগ্য ৷

ভাৰতীয় ন্যায়পালিকাৰ সুদীৰ্ঘ ইতিহাসত ৰঞ্জন গগৈৰ পূৰ্বেও দেশৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ পদত থকা কেইবাজনো ন্যায়াধীশে অৱসৰৰ বাবে মাত্ৰ এটা মাহ বাকী থকা অৱস্থাত কেইবাটাও গুৰুত্বপূৰ্ণ গোচৰ সন্দৰ্ভত নিৰ্ণায়ক ৰায়দান দি যোৱাৰ উদাহৰণ আছে ৷ ইয়াৰ আগতে প্ৰাক্তন মুখ্য ন্যায়াধীশ দিপক মিশ্ৰ, জে. এছ. খেহাৰ, টি. এছ. ঠাকুৰে অৱসৰৰ প্ৰাকমুহূৰ্তত কেইবাটাও মহত্বপূৰ্ণ গোচৰৰ ৰায়দান দিছিল ৷

অৱসৰৰ পূৰ্বে ৰঞ্জন গগৈয়ে ৰায়দান দিব লগা হাইপ্ৰফাইল গোচৰ কেইটা হ'ল:

1. সাৱৰিমালা মন্দিৰ গোচৰ: 2018 বৰ্ষৰ ছেপ্তেম্বৰ মাহৰ 28 তাৰিখে তেতিয়াৰ মুখ্য ন্যায়্যাধীশ দীপক মিশ্ৰৰ নেতৃত্বত পাঁচজনীয়া বিচাৰপীঠে কেৰালাৰ সাৱৰিমালা মন্দিৰত মহিলাৰ প্ৰৱেশৰ নিষেধাজ্ঞাক অবৈধ ঘোষণা কৰি ইয়াক এক লিংগ বৈষম্যতা আখ্যা দি এক ঐতিহাসিক ৰায়দান দিছিল ৷ এই ৰায়দানৰ পাচতে দেশত উগ্ৰ হিন্দুত্ববাদী মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷ ইয়াৰ পাচত উচ্চতম ন্যায়ালয়ত এই ৰায়দানৰ পুনৰীক্ষণৰ দাবীত 65 জন লোকে এক আবেদনত স্বাক্ষৰ কৰিছিল ৷ সেই গোচৰৰ এতিয়া ৰায়দান কৰিব মুখ্য ন্যায়ধীশ ৰঞ্জন গগৈয়ে ৷ এই ৰায়দানৰ ওপৰত সমগ্ৰ দেশৰ দৃষ্টি নিবদ্ধ হৈ আছে, কিয়নো এই গোচৰৰ ৰায়দানৰ পাছতহে গম পোৱা যাব ধৰ্মীয় বিষয়ত ন্যায়পালিকাৰ হস্তক্ষেপৰ বৈধতা ৷

2. ৰাফেল বিমান ক্ৰয় গোচৰ : অৱসৰৰ পূৰ্বে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বত এখন তিনিজনীয়া বিচাৰপীঠে অতি শীঘ্ৰে ৰায়দান দিব বিবাদমান ৰাফেল বিমান ক্ৰয় গোচৰৰ ৷ উল্লেখযোগ্য যে, যোৱা লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত বিৰোধী পক্ষই উচ্চতম ন্যায়ালয়ত ফ্ৰান্সৰ পৰা ৰাফেল বিমান ক্ৰয় কৰাৰ ক্ষেত্ৰত চৰকাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল ৷ তাৰে ৰায়দানত ন্যায়ালয়ে ৰাফেল ক্ৰয় প্ৰক্ৰিয়া স্বচ্চ বুলি ঘোষণা কৰিছিল ৷ কিন্তু, পৰৱৰ্তী সময়ত এই ৰায়ৰ বিৰুদ্ধে জ্যেষ্ঠ অধিবক্তা প্ৰশান্ত ভূষণে উচ্চতম ন্যায়্যালয়ত পুণৰীক্ষণৰ আবেদন দাখিল কৰিছিল আৰু 7 দিনৰ ভিতৰত এই গোচৰৰো চূড়ান্ত ৰায়দান দিব মুখ্য ন্যায়্যাধীশ ৰঞ্জন গগৈয়ে ৷

3. ৰাহুল গান্ধীৰ আদালত অৱমাননা গোচৰ : এইবৰ্ষৰে এপ্ৰিল মাহত ৰাফেল গোচৰৰ ৰায়দানৰ পাছত ৰাহুল গান্ধীয়ে ব্যৱহাৰ কৰা , 'চৌকিদাৰ চৌৰ হে' শ্ল'গানক কেন্দ্ৰ এগৰাকী বিজেপি নেত্ৰীয়ে ৰুজু কৰা গোচৰৰ ভিত্তিত গান্ধীৰ বিৰুদ্ধে উচ্চতম ন্যায়্যালয়ে আদালত অৱমাননাৰ গোচৰ ৰুজু কৰিছিল ৷ পাছত এই বিষয়ে গান্ধীয়ে ক্ষমা বিচাৰিছল যদিও জ্যেষ্ঠ অধিবক্তা মুকুল ৰহাতুগীয়ে আদালতত ৰাহুল গান্ধীৰ ক্ষমা পত্ৰ অবৈধ আখ্যা দি ন্যায়ালয়ত গান্ধীৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ আহ্বান জনাইছিল ৷ অৱসৰৰ পূৰ্বে এই গোচৰৰো ৰায়দান কৰিব মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে ৷

4. অৰ্থনৈতিক অধিনিয়মৰ 2017 ৰ সংবিধানিক বৈধতাৰ গোচৰ : মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বত এক বিচাৰপীঠে এই বৰ্ষৰে এপ্ৰিল মাহত উচ্চতম ন্যায়ালয়ত অৰ্থনৈতিক অধিনিয়ম আইন 2017 ক প্ৰত্যাহ্বান দি দাখিল হোৱা এক আৱেদনৰ ভিত্তিত অৰ্থনৈতিক অধিনিয়মে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ কাম কৰাৰ স্বাধীনতাৰ ওপৰত হস্তক্ষেপ কৰাৰ অভিযোগত কেন্দ্ৰীয় চৰকাৰক এক জাননী জাৰি কৰিছিল ৷ 'চেফ' নামৰ এটা বেচৰকাৰী সন্থায়ে দাখিল কৰা এই আবেদনৰ ৰায়দান কৰিব মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে ৷

5. তথ্য জনা আইনৰ আওতাত মুখ্য ন্যায়্যাধীশৰ কাৰ্যালয় : অতি শীঘ্ৰে ৰঞ্জন গগৈৰ নেতৃত্বত বিচাৰপীঠে ৰায়দান কৰিব তথ্য জনা আইনৰ আওতাত সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ কাৰ্যালয় অন্তৰ্ভুক্ত হোৱাৰ বৈধতা ৷ উল্লেখযোগ্য যে, এই বৰ্ষৰে এপ্ৰিল মাহত দিল্লী উচ্চ ন্যায়ালয়ে তথ্য জনা আইনৰ আওতাৰ ভিতৰত সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ কাৰ্যালয়ক অন্তৰ্ভুক্ত হোৱা উচিত বুলি ঘোষণা কৰিছিল ৷ কিন্তু ইয়াৰ বিৰোধিতাৰে একাংশ অধিবক্তা কাষ চাপিছিল উচ্চতম ন্যায়ালয়ৰ ৷

নিজৰ এবছৰীয়া কাৰ্যকালত অসম সন্তান মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে অসমৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ গোচৰ, কংগ্ৰেছ নেতা মাৰ্কাণ্ডে কাটজুৰ প্ৰৰোচনাৰ গোচৰ, ন্যায়াধীকৰণৰ আদালত অৱমাননা গোচৰকে আদি কৰি আন কেইবাটাও উল্লেখযোগ্য গোচৰ সন্দৰ্ভত কেইবাটাও ঐতিহাসিক ৰায় প্ৰদান কৰিছে ৷ বিবাদমান অযোধ্যা গোচৰৰ সফল পৰিসমাপ্তিৰ পাছত দেশবাসীৰ দৃষ্টি এতিয়া নিৱদ্ধ অৱসৰৰ 7 দিন পূৰ্বে ৰঞ্জন গগৈয়ে দিব লগা ৰায়দানকলৈ ৷

Intro:Body:

https://indianexpress.com/article/india/after-ayodhya-verdict-five-key-judgments-cji-gogoi-has-to-deliver-before-retirement-6111331/?utm_campaign=fullarticle&utm_medium=referral&utm_source=inshorts

Conclusion:
Last Updated : Nov 10, 2019, 9:51 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.