নতুন দিল্লী,20 মাৰ্চঃ বহু প্ৰত্যাশিত নিৰ্ভয়া কাণ্ডৰ নিৰ্যাতিতাই ন্যায় পালে ৷ ফাঁচিৰ পূৰ্বে কিদৰে অপৰাধীসকলক সাজু কৰা হৈছিল সেই সন্দৰ্ভত এক বিশেষ প্ৰতিবেদন-
- নিশা 3.30 বজাত অভিযুক্তক ফাঁচিৰ সিদ্ধান্তত অটল স্থিতি গ্ৰহণ উচ্চতম ন্যায়ালয়ৰ ৷
- পুৱতি নিশা 4 বজাত অভিযুক্তক গা ধোৱাৰ নিৰ্দেশ কাৰাগাৰ কৰ্তৃপক্ষৰ ৷ উক্ত নিৰ্দেশক অমান্য অভিযুক্তৰ ৷
- পুৱা 4.15 বজাত অভিযুক্তক প্ৰাৰ্থনা কৰিবলৈ নিৰ্দেশ প্ৰদান ৷ কাৰাগাৰ কৰ্তৃপক্ষৰ সকলো নিৰ্দেশক অমান্য অভিযুক্তৰ ৷
- পুৱা 4.30 বজাত অভিযুক্তৰ স্বাস্থ্য পৰীক্ষা ৷ স্বাস্থ্য পৰীক্ষাত সুস্থ ঘোষণা চিকিৎসাকৰ্মীৰ ৷
- পুৱা 5.20 বজাত অভিযুক্তক কপাহী কাপোৰৰে ঢাকি হাতত বন্ধা হয় ৷ তাৰপিছত ফাঁচিৰ বাবে অতিৰিক্ত কক্ষলৈ নিয়া হয় অভিযুক্তসকলক ৷ উক্ত কোঠাত প্ৰৱেশ নিষিদ্ধ অন্য কয়দীৰ ৷
- পুৱা 5.25 বজাত ফাঁচিকক্ষত উপস্থিত জিলা দণ্ডাধীশ বিষয়া ৷ অভিযুক্তৰ শেষ ইচ্ছা ব্যক্তৰ সুবিধা প্ৰদান ৷ কিন্তু অভিযুক্তসকলে নাকচ কৰে উক্ত প্ৰস্তাৱ ৷
- পুৱা 5.40 মিনিটত অভিযুক্তক ফাঁচি প্ৰদান ৷
- পুৱা 6 বজাত অভিযুক্তক মৃত ঘোষণা চিকিৎসক কৰ্তৃপক্ষৰ ৷
- পুৱা 7 বজাত অভিযুক্ত চাৰিজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে দিল্লীৰ দীনদয়াল উপাধ্যায় চিকিৎসালয়লৈ প্ৰেৰণ ৷
- পুৱা 8 বজাত মৰণোত্তৰ পৰীক্ষা সম্পন্ন ৷
- দিনৰ 12.30 বজাত সকলো প্ৰক্ৰিয়া সমাপ্ত ৷