ETV Bharat / bharat

চিকিৎসকৰ আত্মহত্যা : জড়িত থকাৰ সন্দেহ AAP ৰ বিধায়ক

author img

By

Published : May 8, 2020, 2:02 PM IST

চিকিৎসকৰ আত্মহত্যাৰ গোচৰত সোধপোচ AAP ৰ বিধায়ক প্ৰকাশ জৰৱালৰ পিতৃ আৰু ভাতৃক ৷ ছুইচাইড নোটত প্ৰকাশ জৰৱালক জগৰীয়া কৰিছিল চিকিৎসক জনে ৷

জড়িত থকাৰ সন্দেহ AAP ৰ বিধায়ক
দিল্লীত চিকিৎসকৰ আত্মহত্যা

নেশ্যনেল ডেস্ক, 8 মে' : যোৱা মাহত এজন চিকিৎসকৰ আত্মহত্যাৰ সৈতে জড়িত থকাৰ সন্দেহত দিল্লী আৰক্ষীয়ে বৃহস্পতিবাৰে আম আদমী পাৰ্টিৰ (AAP) বিধায়ক প্ৰকাশ জৰৱালৰ পিতৃ আৰু ভাতৃক সোধপোচ কৰিছে ৷ উল্লেখ্য় যে, 18 এপ্ৰিলত দক্ষিণ দিল্লীৰ দুৰ্গা বিহাৰত এজন 52 বৰ্ষীয় চিকিৎসকে আত্মহত্যা কৰিছিল ৷ ছুইছাইড নোটত মৃত চিকিৎসকজনে বিঘায়ক প্ৰকাশ জৰৱালক ইয়াৰ বাবে জগৰীয়া কৰিছিল ৷ আৰক্ষীয়ে বিধায়কজনৰ বিৰুদ্ধে বলপূৰ্বক টকা সংগ্ৰহ আৰু আত্মহত্যা কৰিবলৈ হেঁচা প্ৰয়োগ কৰাৰ সন্দেহত এক গোচৰ ৰুজু কৰিছে ৷

এই সম্পৰ্কত দেওলি বিধানসভা সমষ্টিৰ বিধায়ক জৰৱালে কয় যে, তেওঁ নিৰ্দোষী আৰু সকলো ধৰণৰ তদন্তৰ সন্মুখীন হ'বলৈ তেওঁ সাজু আছে ৷

উল্লেখ্য যে, ৰাজেন্দ্ৰ সিং নাম চিকিৎসক জনে 18 এপ্ৰিলৰ দিনা পুৱা 6.15 বজাত নিজ ঘৰতে চিপজৰী লৈ আত্মহত্যা কৰে ৷ সিঙৰ পুত্ৰ হেমন্তে আৰক্ষীক জানিবলৈ দিয়ে যে, দুৰ্গা বিহাৰত তেওঁৰ পিতৃৰ নিজস্ব ক্লিনিক আছিল আৰু 2007 চনৰ পৰাই দিল্লী জাল বৰ্ডৰ সৈতে পানীৰ যোগানৰ ব্যৱসায় কৰি আহিছিল ৷ সিঙৰ ঘৰত লাভ কৰা ছুইচাইড নোটখনত জৰৱালক তেওঁৰ মৃত্যুৰ বাবে জগৰীয়া কৰা হৈছে ৷

হেমন্তৰ গোচৰৰ ভিত্তিত জৰৱালৰ বিৰুদ্ধে কপিল নগৰ আৰু নেৱ চাৰাই আৰক্ষী থানাত দুটা গোচৰ ৰুজু কৰা হৈছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.