নতুন দিল্লী, 18 আগষ্টঃ কোণ্ডলী বিধানসভা সমষ্টিৰ আপৰ বিধায়ক মনোজ কুমাৰক 7 দিনৰ বাবে কাৰাদণ্ড বিহিছে দিল্লী ৰাউজ এবিনিউ আদালতে ৷ 2014 চনত মহিলাৰ সৈতে কৰা অশালীন ব্যৱহাৰৰ গোচৰত অভিযুক্ত আছিল বিধায়ক গৰাকী৷ উক্ত অভিযোগৰ আধাৰতে দিল্লীৰ অতিৰিক্ত দণ্ডাধীশ সমৰ বিশালৰ আদালতে মনোজ কুমাৰক 500 টকা জৰিমনাৰ লগতে 7 দিনৰ কাৰাদণ্ড বিহে৷ উল্লেখযোগ্য যে, 2014 চনৰ 8 ফেব্ৰুৱাৰীত ভুক্তভূগী মহিলাগৰাকীয়ে আন কেইগৰাকী মহিলাৰ সৈতে বিধায়ক গৰাকীৰ ওচৰলৈ আপত্তি দৰ্শাব যোৱাৰ সময়তেই বিধায়ক গৰাকীৰ সমৰ্থকে তেওঁক প্ৰহাৰ কৰে৷ ঘটনা সন্দৰ্ভত বিধায়ক গৰাকীয়ে নিজৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত কয় যে, আবেদনকাৰীয়ে প্ৰায় 150-200 লোকৰ সৈতে তেখেতৰ অফিচত উপস্থিত হৈ বস্তু বাহানি আদি লণ্ড ভণ্ড কৰিছিল৷
মহিলাক অশালীন ব্যৱহাৰ কৰি ৰঙাঘৰৰ আলহী আপৰ বিধায়ক
কোণ্ডলী বিধানসভা সমষ্টিৰ আপৰ বিধায়ক মনোজ কুমাৰক দিল্লী ৰাউজ এবিনিউ আদালতে 7 দিনৰ বাবে কাৰাদণ্ড বিহে ৷ মহিলাৰ সৈতে কৰা অশালীন ব্যৱহাৰৰ গোচৰত অভিযুক্ত আছিল বিধায়ক গৰাকী ৷
নতুন দিল্লী, 18 আগষ্টঃ কোণ্ডলী বিধানসভা সমষ্টিৰ আপৰ বিধায়ক মনোজ কুমাৰক 7 দিনৰ বাবে কাৰাদণ্ড বিহিছে দিল্লী ৰাউজ এবিনিউ আদালতে ৷ 2014 চনত মহিলাৰ সৈতে কৰা অশালীন ব্যৱহাৰৰ গোচৰত অভিযুক্ত আছিল বিধায়ক গৰাকী৷ উক্ত অভিযোগৰ আধাৰতে দিল্লীৰ অতিৰিক্ত দণ্ডাধীশ সমৰ বিশালৰ আদালতে মনোজ কুমাৰক 500 টকা জৰিমনাৰ লগতে 7 দিনৰ কাৰাদণ্ড বিহে৷ উল্লেখযোগ্য যে, 2014 চনৰ 8 ফেব্ৰুৱাৰীত ভুক্তভূগী মহিলাগৰাকীয়ে আন কেইগৰাকী মহিলাৰ সৈতে বিধায়ক গৰাকীৰ ওচৰলৈ আপত্তি দৰ্শাব যোৱাৰ সময়তেই বিধায়ক গৰাকীৰ সমৰ্থকে তেওঁক প্ৰহাৰ কৰে৷ ঘটনা সন্দৰ্ভত বিধায়ক গৰাকীয়ে নিজৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত কয় যে, আবেদনকাৰীয়ে প্ৰায় 150-200 লোকৰ সৈতে তেখেতৰ অফিচত উপস্থিত হৈ বস্তু বাহানি আদি লণ্ড ভণ্ড কৰিছিল৷
RIJU AAP
Conclusion: