ETV Bharat / bharat

সন্ত্ৰাসবাদৰ ভাবুকি- বিশ্বশান্তিৰ বাবে নতুন প্ৰত্যাহ্বান - নিউজিলেণ্ডৰ খ্ৰীষ্ট চাৰ্চ চিটী

ইছলামিক ষ্টেট ইন ইৰাক-ছিৰিয়াই কিদৰে সন্ত্ৰাসবাদী কাৰ্যকলাপ বিশ্বজুৰি প্ৰসাৰ কৰিবলৈ ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰিছে সেয়া সৰ্বজন জ্ঞাত। শ্ৰী লংকাৰ ইষ্টাৰ বোমা বিস্ফোৰণৰ মূল খলনায়ক জাহৰান হাছমিয়ে ছ’চিয়েল মিডিয়াৰ জৰিয়তে যুৱ প্ৰজন্মৰ বহুতকে সন্ত্ৰাসবাদী কাৰ্যকলাপত লিপ্ত হ’বলৈ নিৰ্দেশনা দিছিল।

A Threatening Terror: A new challenge to world peace
সন্ত্ৰাসবাদৰ ভাবুকি- বিশ্বশান্তিৰ বাবে নতুন প্ৰত্যাহ্বান
author img

By

Published : Dec 7, 2019, 1:27 PM IST

ইণ্টাৰনেটৰ সম্প্ৰসাৰণৰ লগে লগে যোগাযোগ আৰু প্ৰযুক্তি উদ্যোগৰ জগতখনত বৈপ্লৱিক পৰিৱৰ্তনৰ সূচনা হৈছে। আধুনিক প্ৰযুক্তিয়ে কেৱল আমাক সহায় কৰাই নহয়,অসামাজিক চক্ৰকো সহায় কৰাৰ ফলত দেশৰ সুৰক্ষা আৰু নাগৰিকৰ নিৰাপত্তাৰ প্ৰতি গভীৰ প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে ।

A Threatening Terror: A new challenge to world peace
শ্ৰী লংকাৰ ইষ্টাৰ বোমা বিস্ফোৰণৰ মূল খলনায়ক জাহৰান হাছমিয়ে ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰিছিল

দেশত কাৰিকৰী বিকাশৰ পূৰ্বে সন্ত্ৰাসবাদীয়ে সমাজত প্ৰেৰণ কৰা বাৰ্তাবোৰ জানিবলৈ পৃথিৱীখনক সময় লাগিছিল। কোনো এক খবৰ লাভ কৰাৰ পাছত সেই প্ৰতিষ্ঠানটোৱে তাৰ সত্যাসত্য বিশ্লেষণ কৰাৰ পাছতহে সংবাদ প্ৰতিষ্ঠানসমূহে এই বাৰ্তা সমাজলৈ প্ৰেৰণ কৰে। কিন্তু বৰ্তমান ছ’চিয়েল মিডিয়াৰ অবিৰত প্ৰসাৰৰ ফলত ছেকেণ্ডৰ ভিতৰতে পৃথিৱীয়ে খবৰটো বা বাৰ্তা লাভ কৰে। সন্ত্ৰাসবাদীবোৰে এই ব্যৱস্থা নিজৰ সুবিধাৰ বাবে ব্যৱহাৰ কৰি আহিছে।

ইছলামিক ষ্টেট ইন ইৰাক-ছিৰিয়াই কিদৰে সন্ত্ৰাসবাদী কাৰ্যকলাপ বিশ্বজুৰি প্ৰসাৰ কৰিবলৈ ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰিছে সেয়া সৰ্বজন জ্ঞাত। শ্ৰী লংকাৰ ইষ্টাৰ বোমা বিস্ফোৰণৰ মূল খলনায়ক জাহৰান হাছমিয়ে ছ’চিয়েল মিডিয়াৰ জৰিয়তে যুৱ প্ৰজন্মৰ বহুতকে সন্ত্ৰাসবাদী কাৰ্যকলাপত লিপ্ত হ’বলৈ নিৰ্দেশনা দিছিল। এনেদৰে ইৰাক আৰু ছিৰিয়াৰ সীমা পাৰ হৈ আইছিছক নিজৰ কাৰ্যকলাপ পৃথিৱীজুৰি সম্প্ৰসাৰণ কৰিবলৈ ইণ্টাৰনেটে দুৱাৰ মুকলি কৰি দিছে। বহু অনুন্নত দেশৰ পৰা ইণ্টাৰনেট সেৱা ব্যৱহাৰ কৰি বিশ্বৰ বিভিন্ন দেশৰ আইছিছৰ প্ৰতি সহানুভূতিশীল লোকসকলক আকৰ্ষিত কৰিবলৈ সন্ত্ৰাসবাদী সংগঠনটোৱে বিভিন্ন পদ্ধতি অৱলম্বন কৰিছে। তাৰ পাছত ইণ্টাৰনেটৰ পূৰ্ণ ব্যৱহাৰ কৰি বাৰ্তাবোৰ বিলাই দি বা ৰি-টুইট কৰি সম্পূৰ্ণ উন্নত ৰাষ্ট্ৰসমূহক ই লক্ষ্য কৰে। এনেবোৰ পদ্ধতিৰ ফলত বিশ্বৰ চোৰাংচোৱা সংস্থাসমূহে প্ৰপাগাণ্ডা বিয়পোৱাসকলক ধৰিলেও তাৰ আঁৰত থকা মূল খলনায়ক সকলক ধৰিবলৈ সক্ষম নহয়। এই প্ৰপাগাণ্ডাই বহু যুৱক-যুৱতীক ছিৰিয়াত গৈ সন্ত্ৰাসবাদী কাৰ্যকলাপত লিপ্ত হ’বলৈ উৎসাহিত কৰাৰ ফলত অসংখ্যজনৰ মৃত্যু হৈছে। এবাৰ ইণ্টাৰনেট সেৱাৰ লগত কম্পিউটাৰ বা স্মাৰ্টফোনৰ সংযোগ স্থাপন হ’লে বিশ্বৰ যিকোনো ঠাইৰ যিকোনো বাৰ্তা লাভ কৰিবলৈ নিৰ্বিঘ্নে সুবিধা প্ৰদান কৰে। যাৰ ফলত সন্ত্ৰাসবাদীয়ে প্ৰেৰণ কৰা একোটা ক্ষুদ্ৰ বাৰ্তাই দেশসমূহৰ নিৰাপত্তা আৰু আন্তঃৰাষ্ট্ৰীয় শান্তিৰ প্ৰতি বৃহৎ ভাবুকি কঢ়িয়াই আনে।

ছ’চিয়েল মিডিয়াৰ জৰিয়তে যুৱ প্ৰজন্মৰ বহুতে সন্ত্ৰাসবাদী কাৰ্যকলাপৰ প্ৰতি আক্ৰান্ত হৈছে

এই বৰ্ষৰ মাৰ্চ মাহত নিউজিলেণ্ডৰ খ্ৰীষ্ট চাৰ্চ চিটীৰ এটা মছজিদত এগৰাকী শ্বেতাংগ লোকে নিৰ্বিচাৰে গুলীচালনা কৰাৰ ফলত ৫১ জন লোকৰ মৃত্যু হয়। আততায়ীজনৰ ছ’চিয়েল মিডিয়া একাউণ্টত এই আক্ৰমণ পোনপটীয়াকৈ সম্প্ৰচাৰিত হয়। এই ঘটনাক 'Christ Church Calling' আখ্যা দিয়া হৈছে। নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী জেকিণ্ডা আৰডাৰ্ন আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে ইতিমধ্যে তেনেধৰণৰ জঘন্য কাৰ্যকলাপ নিয়ন্ত্ৰণ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে। প্ৰাৰম্ভিক পৰ্যায়ত ইণ্টাৰনেটত উপলব্ধ সন্ত্ৰাসবাদৰ লগত জড়িত তেনেধৰণৰ উচটনিমূলক বাৰ্তাবোৰ নিঃশেষ কৰিবলৈ ১৭খন দেশে এখন চুক্তিত স্বাক্ষৰ কৰিবলৈ আগবা়ঢ়ি আহে। পাছত আন ৩১খন দেশেও তাৰ বাবে মান্তি হয়। ফেচবুক,মাইক্ৰচফট,টুইটাৰ,ইউটিউব আদি কৰ্পৰেটে জি আই এফ চি টি অৰ্থাৎ গ্ল’বেল ইণ্টাৰনেট ফৰাম টু কাউণ্টাৰ টেৰ’ৰিজম্ গঠন কৰিছে। এই প্লেটফ’ৰ্মে সন্ত্ৰাসবাদী সংগঠনবোৰৰ প্ৰপাগাণ্ডাজড়িত বিষয়বোৰৰ বাট ৰুদ্ধ কৰে। সমাজবিৰোধী তথ্য,ফটো বা ভিডিঅ’ প্ৰচাৰৰ বিৰুদ্ধে ই সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰে। ৰাষ্ট্ৰসংঘৰ সন্ত্ৰাসবাদ বিৰোধী সংস্থাৰ লগত এই অনুষ্ঠানটোৱে কাম কৰি আছে। চাৰিটা লক্ষ্যৰে জি আই এফ চি টিয়ে ইণ্টাৰনেটত সন্ত্ৰাসবাদীৰ প্ৰপাগাণ্ডা বন্ধ কৰিবলৈ আগবাঢ়ি আহিছে। ইয়াৰ ভিতৰত ডাঙৰ প্ৰযুক্তিৰ কোম্পানীসমূহক সন্ত্ৰাসবাদ বিৰোধী যুঁজখনৰ অংশীদাৰ কৰা,সমাজৰ বাবে অনলাইন আলোচনা আয়োজন কৰা,সন্ত্ৰাসবাদ বিৰোধী সজাগতা অভিযানত সাধাৰণ লোকসকলক অংশীদাৰ কৰা। এমাজন,লিংকডিন আৰু হোৱাটছ্ এপৰ দৰে প্ৰতিষ্ঠানবোৰে জি আই এফ চি টিক সমৰ্থন জনাইছে। বৰ্তমান ইণ্টাৰনেট ব্যৱহাৰকাৰীসকলে বহুলভাৱে ব্যৱহাৰ কৰা হেচটেগ মেজেছ ফৰৱাৰ্ডৰ ক্ষেত্ৰত বিশেষভাৱে দৃষ্টি নিক্ষেপ কৰা হৈছে।

ইছলামিক ষ্টেট ইন ইৰাক-ছিৰিয়াই সন্ত্ৰাসবাদী কাৰ্যকলাপ সংঘটিত কৰিছিল

নতুন উদ্ভাৱন,তথ্য বিতৰণ বা গৱেষণা প্ৰচাৰ কৰি জি আই এফ চি টিয়ে ইণ্টাৰনেটত সন্ত্ৰাসবাদ বিয়পোৱাৰ বিৰুদ্ধে কাম কৰি আছে। খ্ৰীষ্ট-চাৰ্চৰ দৰে ঘটনাৰ বাবে অনলাইন আপলোড নকৰাকৈ তথ্য সৰবৰাহ কৰিব পৰা ব্যৱস্থাৰ বাবে সন্ত্ৰাসবাদী সংগঠনবোৰে অবিৰত চেষ্টা চলাইছে। আপত্তিজনক ফটো বা ভিডিঅ’ বাতিল কৰিবলৈ বৰ্তমান বিভিন্ন ছফটৱেৰ আছে। বিশেষকৈ সন্ত্ৰাসবাদৰ সমৰ্থনত পোষ্ট কৰা প্ৰতিহত কৰিবলৈ এক ডাটাবেছ প্ৰস্তুত কৰা হৈছে। ভাৰতত সন্ত্ৰাসসবাদীবোৰে নিজৰ প্ৰপাগাণ্ডা প্ৰচাৰ কৰিবলৈ ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰ কৰে। হিজবুল মুজাহিদীন নামৰ সংগঠনটোৰ কাশ্মীৰী সন্ত্ৰাসবাদী বুহৰান ৱানিয়ে যুৱ প্ৰজন্মক সন্ত্ৰাসবাদৰ প্ৰতি আকৰ্ষিত কৰিবলৈ ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰিছিল। জইচ,লস্কৰ ই-তৈয়বাৰ দৰে সংগঠনেও ভাৰতত ইণ্টাৰনেটৰ সুবিধা গ্ৰহণ কৰিছে। যাৰ বাবে ভাৰতীয় চোৰাংচোৱা সংস্থাই এই কাৰ্য বন্ধ কৰিবলৈ কাশ্মীৰত কেইবাবাৰো ইণ্টাৰনেট সেৱা বন্ধ কৰাৰ নজিৰ আছে। সন্ত্ৰাসবাদীৰ যোগাযোগ ব্যৱস্থাক চিনাক্ত আৰু প্ৰতিহত কৰিবলৈ জি আই এফ চি টিয়ে প্ৰস্তুত কৰা বহু ছফটৱেৰ সক্ষম হৈছে। ইয়াৰ ফলত অনাগত দিনত ইণ্টাৰনেট সেৱা বন্ধ কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ নহ’ব পাৰে। চৰকাৰী চোৰাংচোৱা সংস্থাসমূহ আৰু সাধাৰণ সমাজখনেও সন্ত্ৰাসবাদ নিয়ন্ত্ৰণ কৰিবলৈ আগবাঢ়ি আহিব লাগে। সাম্প্ৰতিক পৃথিৱীত ই-কমাৰ্ছ,পৰিবহণ,ই-মেইল,ছ’চিয়েল নেটৱৰ্ক বা ইণ্টাৰনেটৰ আন সেৱাসমূহ অতি প্ৰয়োজন। যিহেতু আমাৰ দৈনন্দিন জীৱন এইবোৰ সেৱাৰ ওপৰতেই নিৰ্ভৰশীল সেয়ে এই সেৱাবোৰ স্তব্ধ নোহোৱাকৈ সন্ত্ৰাসবাদক সম্পূৰ্ণৰূপে নিৰ্মূল কৰিব লাগিব। এয়া সম্ভৱ হ’ব যদিহে সমাজখনো সন্ত্ৰাসবাদৰ বিৰুদ্ধে এই বৃহৎ যুঁজখনৰ অংশীদাৰ হৈ পৰে।

-কলকালুৰি শ্ৰীধৰ

Intro:Body:

A Threatening Terror: A new challenge to world peace

 ইণ্টাৰনেটৰ সম্প্ৰসাৰণৰ লগে লগে যোগাযোগ আৰু প্ৰযুক্তি উদ্যোগৰ জগতখনত বৈপ্লৱিক পৰিৱৰ্তনৰ সূচনা হৈছে । আধুনিক প্ৰযুক্তিয়ে কেৱল আমাক সহায় কৰাই নহয়, অসামাজিক চক্ৰকো সহায় কৰাৰ ফলত দেশৰ সুৰক্ষা আৰু নাগৰিকৰ নিৰাপত্তাৰ প্ৰতি গভীৰ প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে ।  

    দেশত কাৰিকৰী বিকাশৰ পূৰ্বে সন্ত্ৰাসবাদীয়ে সমাজত প্ৰেৰণ কৰা বাৰ্তাবোৰ জানিবলৈ পৃথিৱীখনক সময় লাগিছিল । কোনো এক খবৰ লাভ কৰাৰ পাছত সেই প্ৰতিষ্ঠানটোৱে তাৰ সত্যাসত্য বিশ্লেষণ কৰাৰ পাছতহে সংবাদ প্ৰতিষ্ঠানসমূহে এই বাৰ্তা সমাজলৈ প্ৰেৰণ কৰে । কিন্তু বৰ্তমান ছ’চিয়েল মিডিয়াৰ অবিৰত প্ৰসাৰৰ ফলত ছেকেণ্ডৰ ভিতৰতে পৃথিৱীয়ে খবৰটো বা বাৰ্তা লাভ কৰে । সন্ত্ৰাসবাদীবোৰে এই ব্যৱস্থা নিজৰ সুবিধাৰ বাবে ব্যৱহাৰ কৰি আহিছে । 

 ইছলামিক ষ্টেট ইন ইৰাক-ছিৰিয়াই কিদৰে সন্ত্ৰাসবাদী কাৰ্যকলাপ বিশ্বজুৰি প্ৰসাৰ কৰিবলৈ ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰিছে সেয়া সৰ্বজন জ্ঞাত । শ্ৰী লংকাৰ ইষ্টাৰ বোমা বিস্ফোৰণৰ মূল খলনায়ক জাহৰান হাছমিয়ে ছ’চিয়েল মিডিয়াৰ জৰিয়তে যুৱ প্ৰজন্মৰ বহুতকে সন্ত্ৰাসবাদী কাৰ্যকলাপত লিপ্ত হ’বলৈ নিৰ্দেশনা দিছিল । এনেদৰে ইৰাক আৰু ছিৰিয়াৰ সীমা পাৰ হৈ আইছিছক নিজৰ কাৰ্যকলাপ পৃথিৱীজুৰি সম্প্ৰসাৰণ কৰিবলৈ ইণ্টাৰনেটে দুৱাৰ মুকলি কৰি দিছে । বহু অনুন্নত দেশৰ পৰা ইণ্টাৰনেট সেৱা ব্যৱহাৰ কৰি বিশ্বৰ বিভিন্ন দেশৰ আইছিছৰ প্ৰতি সহানুভূতিশীল লোকসকলক আকৰ্ষিত কৰিবলৈ সন্ত্ৰাসবাদী সংগঠনটোৱে বিভিন্ন পদ্ধতি অৱলম্বন কৰিছে । তাৰ পাছত ইণ্টাৰনেটৰ পূৰ্ণ ব্যৱহাৰ কৰি বাৰ্তাবোৰ বিলাই দি বা ৰি-টুইট কৰি সম্পূৰ্ণ উন্নত ৰাষ্ট্ৰসমূহক ই লক্ষ্য কৰে । এনেবোৰ পদ্ধতিৰ ফলত বিশ্বৰ চোৰাংচোৱা সংস্থাসমূহে প্ৰপাগাণ্ডা বিয়পোৱাসকলক ধৰিলেও তাৰ আঁৰত থকা মূল খলনায়কসকলক ধৰিবলৈ সক্ষম নহয় ।এই প্ৰপাগাণ্ডাই বহু যুৱক-যুৱতীক ছিৰিয়াত গৈ সন্ত্ৰাসবাদী কাৰ্যকলাপত লিপ্ত হ’বলৈ উৎসাহিত কৰাৰ ফলত অসংখ্যজনৰ মৃত্যু হৈছে । এবাৰ ইণ্টাৰনেট সেৱাৰ লগত কম্পিউটাৰ বা স্মাৰ্টফোনৰ সংযোগ স্থাপন হ’লে বিশ্বৰ যিকোনো ঠাইৰ যিকোনো বাৰ্তা লাভ কৰিবলৈ নিৰ্বিঘ্নে সুবিধা প্ৰদান কৰে । যাৰ ফলত সন্ত্ৰাসবাদীয়ে প্ৰেৰণ কৰা একোটা ক্ষুদ্ৰ বাৰ্তাই দেশসমূহৰ নিৰাপত্তা আৰু আন্তঃৰাষ্ট্ৰীয় শান্তিৰ প্ৰতি বৃহৎ ভাবুকি কঢ়িয়াই আনে । 

  এই বৰ্ষৰ মাৰ্চ মাহত নিউজিলেণ্ডৰ খ্ৰীষ্ট চাৰ্চ চিটীৰ এটা মছজিদত এগৰাকী শ্বেতাংগ লোকে নিৰ্বিচাৰে গুলীচালনা কৰাৰ ফলত ৫১ জন লোকৰ মৃত্যু হয় । আততায়ীজনৰ ছ’চিয়েল মিডিয়া একাউণ্টত এই আক্ৰমণ পোনপটীয়াকৈ সম্প্ৰচাৰিত হয় । এই ঘটনাক 'Christ Church Calling' আখ্যা দিয়া হৈছে ।নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী জেকিণ্ডা আৰডাৰ্ন আৰু ফ্ৰাণ্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে ইতিমধ্যে তেনেধৰণৰ জঘন্য কাৰ্যকলাপ নিয়ন্ত্ৰণ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে । প্ৰাৰম্ভিক পৰ্যায়ত ইণ্টাৰনেটত উপলব্ধ সন্ত্ৰাসবাদৰ লগত জড়িত তেনেধৰণৰ উচটনিমূলক বাৰ্তাবোৰ নিঃশেষ কৰিবলৈ ১৭খন দেশে এখন চুক্তিত স্বাক্ষৰ কৰিবলৈ আগবা়ঢ়ি আহে ।পাছত আন ৩১খন দেশেও তাৰ বাবে মান্তি হয় । ফেচবুক, মাইক্ৰচফট, টুইটাৰ, ইউটিউব আদি কৰ্পৰেটে জি আই এফ চি টি অৰ্থাৎ গ্ল’বেল ইণ্টাৰনেট ফৰাম টু কাউণ্টাৰ টেৰ’ৰিজম্ গঠন কৰিছে । এই প্লেটফ’ৰ্মে সন্ত্ৰাসবাদী সংগঠনবোৰৰ প্ৰপাগাণ্ডাজড়িত বিষয়বোৰৰ বাট ৰুদ্ধ কৰে । সমাজবিৰোধী তথ্য, ফটো বা ভিডিঅ’ প্ৰচাৰৰ বিৰুদ্ধে ই সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰে । ৰাষ্ট্ৰসংঘৰ সন্ত্ৰাসবাদ বিৰোধী সংস্থাৰ লগত এই অনুষ্ঠানটোৱে কাম কৰি আছে । চাৰিটা লক্ষ্যৰে জি আই এফ চি টিয়ে ইণ্টাৰনেটত সন্ত্ৰাসবাদীৰ প্ৰপাগাণ্ডা বন্ধ কৰিবলৈ আগবাঢ়ি আহিছে । ইয়াৰ ভিতৰত ডাঙৰ প্ৰযুক্তিৰ কোম্পানীসমূহক সন্ত্ৰাসবাদ বিৰোধী যুঁজখনৰ অংশীদাৰ কৰা, সমাজৰ বাবে অনলাইন আলোচনা আয়োজন কৰা, সন্ত্ৰাসবাদ বিৰোধী সজাগতা অভিযানত সাধাৰণ লোকসকলক অংশীদাৰ কৰা । এমাজন, লিংকডিন আৰু হোৱাটছ্ এপৰ দৰে প্ৰতিষ্ঠানবোৰে জি আই এফ চি টিক সমৰ্থন জনাইছে। বৰ্তমান ইণ্টাৰনেট ব্যৱহাৰকাৰীসকলে বহুলভাৱে ব্যৱহাৰ কৰা হেচটেগ মেজেছ ফৰৱাৰ্ডৰ ক্ষেত্ৰত বিশেষভাৱে দৃষ্টি নিক্ষেপ কৰা হৈছে ।

  নতুন উদ্ভাৱন, তথ্য বিতৰণ বা গৱেষণা প্ৰচাৰ কৰি জি আই এফ চি টিয়ে ইণ্টাৰনেটত সন্ত্ৰাসবাদ বিয়পোৱাৰ বিৰুদ্ধে কাম কৰি আছে ।   খ্ৰীষ্ট-চাৰ্চৰ দৰে ঘটনাৰ বাবে অনলাইন আপলোড নকৰাকৈ তথ্য সৰবৰাহ কৰিব পৰা ব্যৱস্থাৰ বাবে সন্ত্ৰাসবাদী সংগঠনবোৰে অবিৰত চেষ্টা চলাইছে । আপত্তিজনক ফটো বা ভিডিঅ’ বাতিল কৰিবলৈ বৰ্তমান বিভিন্ন ছফটৱেৰ আছে । বিশেষকৈ সন্ত্ৰাসবাদৰ সমৰ্থনত পোষ্ট কৰা প্ৰতিহত কৰিবলৈ এক ডাটাবেছ প্ৰস্তুত কৰা হৈছে । ভাৰতত সন্ত্ৰাসসবাদীবোৰে নিজৰ প্ৰপাগাণ্ডা প্ৰচাৰ কৰিবলৈ ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰ কৰে । হিজবুল মুজাহিদীন নামৰ সংগঠনটোৰ কাশ্মীৰী সন্ত্ৰাসবাদী বুহৰান ৱানিয়ে যুৱ প্ৰজন্মক সন্ত্ৰাসবাদৰ প্ৰতি আকৰ্ষিত কৰিবলৈ ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰিছিল । জইচ, লস্কৰ ই-তইবাৰ দৰে সংগঠনেও ভাৰতত ইণ্টাৰনেটৰ সুবিধা গ্ৰহণ কৰিছে । যাৰ বাবে ভাৰতীয় চোৰাংচোৱা সংস্থাই এই কাৰ্য বন্ধ কৰিবলৈ কাশ্মীৰত কেইবাবাৰো ইণ্টাৰনেট সেৱা বন্ধ কৰাৰ নজিৰ আছে । সন্ত্ৰাসবাদীৰ যোগাযোগ ব্যৱস্থাক চিনাক্ত আৰু প্ৰতিহত কৰিবলৈ জি আই এফ চি টিয়ে প্ৰস্তুত কৰা বহু ছফটৱেৰ সক্ষম হৈছে । ইয়াৰ ফলত অনাগত দিনত ইণ্টাৰনেট সেৱা বন্ধ কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ নহ’ব পাৰে । চৰকাৰী চোৰাংচোৱা সংস্থাসমূহ আৰু সাধাৰণ সমাজখনেও সন্ত্ৰাসবাদ নিয়ন্ত্ৰণ কৰিবলৈ আগবাঢ়ি আহিব লাগে । সাম্প্ৰতিক পৃথিৱীত ই-কমাৰ্ছ, পৰিবহণ, ই-মেইল, ছ’চিয়েল নেটৱৰ্ক বা ইণ্টাৰনেটৰ আন সেৱাসমূহ অতি প্ৰয়োজন । যিহেতু আমাৰ দৈনন্দিন জীৱন এইবোৰ সেৱাৰ ওপৰতেই নিৰ্ভৰশীল সেয়ে এই সেৱাবোৰ স্তব্ধ নোহোৱাকৈ সন্ত্ৰাসবাদক সম্পূৰ্ণৰূপে  নিৰ্মূল কৰিব লাগিব । এয়া সম্ভৱ হ’ব যদিহে সমাজখনো সন্ত্ৰাসবাদৰ বিৰুদ্ধে এই বৃহৎ যুঁজখনৰ অংশীদাৰ হৈ পৰে ।

-কলকালুৰি শ্ৰীধৰ

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.