ETV Bharat / bharat

ৰাজস্থানৰ এখন কাৰাগাৰক কোভিড-১৯ হট্ স্পট হিচাপে ঘোষণা

author img

By

Published : Jul 1, 2020, 9:12 PM IST

ৰাজস্থানৰ প্ৰতাপগড় জিলাত থকা ২৮ গৰাকী কোভিড-১৯ ৰোগীৰ আটাইকেইগৰাকীয়ে জিলা কাৰাগাৰৰ কয়দী বুলি স্বাস্থ্য বিভাগে প্ৰকাশ কৰিছে। প্ৰথম অৱস্থাত দুজন কয়দীৰ দেহত কোভিড-১৯ৰ অৱস্থিতি লাভ কৰাৰ পাছতেই আন কয়দীসকলৰ কোভিড-১৯ নমুনা পৰীক্ষা কৰা হৈছিল।

কাৰাগাৰ
ৰাজস্থানৰ এখন কাৰাগাৰক কোভিড-১৯ হ'টস্পট হিচাপে ঘোষণা

নিউজ ডেস্ক, ১ জুলাই : ৰাজস্থানৰ কোভিড-১৯ ফ্ৰী প্ৰতাপগড় জিলাস্থিত এখন কাৰাগাৰক কোভিড-১৯ হট্ স্পট হিচাপে ঘোষণা কৰে প্ৰশাসনে। এজনো কোভিড-১৯ ৰোগী নথকা জিলাখনৰ উক্ত কাৰাগাৰত এদিনত এই ভাইৰাছত আক্ৰান্ত হৈছে ২৬ গৰাকী কয়দী।

সম্প্ৰতি প্ৰতাপগড় জিলাত থকা ২৮ গৰাকী ৰোগীৰ আটাইকেইগৰাকীয়ে জিলা কাৰাগাৰৰ কয়দী বুলি স্বাস্থ্য বিভাগে প্ৰকাশ কৰিছে। প্ৰথম অৱস্থাত দুজন কয়দীৰ দেহত কোভিড-১৯ৰ অৱস্থিতি লাভ কৰাৰ পাছতেই আন কয়দীসকলৰ কোভিড-১৯ নমুনা পৰীক্ষা কৰা হৈছিল। ইয়াৰ পাছতে মুঠ ২৬ জন কয়দীৰ ফলাফল পজিটিভ পোৱা গৈছে।

A prison in Rajasthan becomes COVID-19 hotspot in virus free district

স্বাস্থ্য বিভাগে প্ৰকাশ কৰা অনুসৰি, গুলীচালনাৰ ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত কাৰাগাৰলৈ অহা এজন অভিযুক্ত প্ৰথমে কোভিড-১৯ ত আক্ৰান্ত হৈছিল বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, এসপ্তাহ পূৰ্বে প্ৰতাপগড় জিলাত কোভিড-১৯ ত আৰোগ্য লাভ কৰা লোকৰ হাৰ ১০০ শতাংশ আছিল ।

ইফালে, নতুনকৈ ২৬ গৰাকী কয়দীৰ কোভিড-১৯ পজিটিভ পোৱাৰ পাছতেই স্বাস্থ্য বিভাগে কাৰাগাৰত থাৰ্মেল স্ক্ৰীণিঙৰ ব্যৱস্থা কৰিছে। তদুপৰি কোভিড-১৯ৰ সংক্ৰমণ ৰোধৰ বাবে কাৰাগাৰ কৰ্তৃপক্ষই কয়দীসকলক আন আন স্থানলৈ স্থানান্তৰিত কৰাৰ পৰিকল্পনা কৰিছে ।

লগতে পঢ়ক : উড়ান 4.0 : 24 টা বিমানবন্দৰত এতিয়াও বিমানৰ চলাচল হ'বলৈ বাকী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.