ETV Bharat / bharat

এগৰাকী পুৰুহিতৰ প্লাষ্টিকৰ বিৰুদ্ধে সংগ্ৰাম

author img

By

Published : Dec 18, 2019, 2:21 PM IST

দেওগড়ৰ এগৰাকী পুৰুহিতে যোৱা 5বছৰৰ পৰা নিজৰ মটৰ চাইকেলখনত প্লষ্টিক বিৰোধী শ্লোগান লগাই ৰাইজক সচেতন কৰাৰ চেষ্টা কৰি আহিছে ৷ তেওঁ চহৰখনত বাইকেৰে প্লাষ্টিকৰ অপকাৰিতা আৰু অপব্যৱহাৰৰ বিষয়ে সচেতনতা প্ৰদান কৰে ৷

dangers of plastic waste
dangers of plastic waste

নিউজ ডেস্ক, 18 ডিচেম্বৰ : হিন্দুসকলৰ অন্যতম পবিত্ৰ স্থান ঝাৰখণ্ডৰ দেওগড় ৷ য'ত শাওন মাহত একক ব্যৱহৃত প্লাষ্টিকেৰে একপ্ৰকাৰ প্লাৱিত হৈ পৰে ৷ সেই সময়ত বহু লোকৰ পদাগমন হয়, যাৰ বাবে দেওগড়ৰ পুৰোহিত সকলে প্লাষ্টিকজাতীয় জাবৰৰ ভয়াৱহতাৰ বিষয়ে লোকৰ মাজত শিক্ষা আৰু সচেতনতা প্ৰদানৰ বাবে এক প্ৰত্যাহ্বান গ্ৰহণ কৰে ৷

2017 চনতে ঝাৰখণ্ড চৰকাৰে পলিথিন ব্যৱহাৰত প্ৰতিবন্ধতা আৰোপ কৰিছিল ৷ কিন্তু লোকসকলে পলিথিনৰ ব্যৱহাৰ অব্যাহত ৰাখিছিল ৷

সেয়েহে এই পুৰোহিত গৰাকীয়ে নেতৃত্ব বহন কৰি চহৰখনক প্লাষ্টিকৰ অপব্যৱহাৰৰ পৰা মুক্তি দিয়াবলৈ উদ্যোগ লৈছিল ৷ পুৰোহিত মহেশ পণ্ডিতে প্লাষ্টিকৰ অপকাৰিতাৰ বিষয়ে শ্লোগান লিখি নিজৰ মটৰ চাইকেলত লগায় আৰু এই বিষয়ে সচেতনতা জাগ্ৰত কৰিবলৈ চহৰখনত পাক লগাইছিল ৷

এগৰাকী পুৰুহিতৰ পাঁচ বছৰীয়া সংগ্ৰাম

তিনি বছৰে মহেশ পণ্ডিতে অকলেই এই অভিযান চলাইছিল ৷ স্থানীয় লোকসকলে লাহে-লাহে তেওঁৰ কথাবোৰ বুজিবলৈ আৰম্ভ কৰিলে আৰু প্লাষ্টিক ব্যৱহাৰত কিছু পৰিমাণে বিৰাম লগালে ৷ লগতে বহু কম পৰিমাণত একক ব্যৱহৃত প্লাষ্টিক ব্যৱহাৰ কৰে ৷ মহেশ পণ্ডিতৰ এনে প্ৰচেষ্টাত সন্তুষ্ট হৈ জিলা জনসম্পৰ্কৰক্ষী বিষয়াই তেওঁক একক ব্যৱহৃত প্লাষ্টিক নিৰ্মূলকৰণৰ ব্ৰেণ্ড এম্বেচাদৰ হিচাপে উপস্থাপন কৰিবলৈ বিচাৰ কৰিছে ৷

লগতে পঢ়ক : নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ পুনৰ উত্তাল জি এছ ৰোড

Intro:Body:

18 dec plastic story

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.