ETV Bharat / bharat

‘ডিজিটেল ইণ্ডিয়া’লৈ এক নতুন গতি !

author img

By

Published : Jul 18, 2020, 1:31 PM IST

এই ডিজিটেল স্বপ্নক বাস্তবায়িত কৰিবলৈ আৰু ইয়াৰ গতিক প্ৰয়োজনীয় ইন্ধনৰ যোগান ধৰিবলৈ এক সোণালী সুযোগে আহি ভাৰতৰ দুৱাৰদলিত টুকৰ মাৰিছেহি ৷ শেহতীয়াকৈ গুগুল্‌ৰ চি ই অ’ সুন্দৰ পিচাইয়ে কৰা এক উল্লেখযোগ্য ঘোষণাত প্ৰকাশ যে তেওঁৰ প্ৰতিস্থানটোৱে অনাগত পাঁচৰ পৰা সাত বছৰৰ ভিতৰত ভাৰতীয় সকলৰ ঘৰলৈ তেওঁলোকৰ আপোন ভাষাত তথ্য কঢ়িয়াই নিয়াৰ বাবে আৰু ডিজিটেলকৰণক সমগ্ৰ দেশখনতে এক ন স্তৰলৈ লৈ যাবৰ বাবে ৭৫,০০০ কোটি টকা বিনিয়োগ কৰিব !

Digital India
Digital India

নিউজ ডেস্ক, 18 জুলাইঃ আজিৰ পৃথিৱীত ইন্টাৰনেট প্ৰতিজন ব্যক্তি আৰু প্ৰতিখন ঘৰলৈ তথ্য-প্ৰযুক্তি বিপ্লৱৰ সুফলসমূহ কঢ়িয়াই লৈ যোৱাৰ ক্ষেত্ৰত অতি প্ৰয়োজনীয় যুগসুত্ৰ আৰু মাধ্যম হৈ পৰিছে ডিজিটেল মনোৰঞ্জণ, বিজ্ঞানৰ ন ন উদ্ভাৱন আৰু প্ৰযুক্তিবিদ্যা ইত্যাদি ৷ ‘ডিজিটেল ইণ্ডিয়া’, যাৰ লক্ষ্য হৈছে ইন্টৰনেট সেৱাক প্ৰতিজন নাগৰিকৰ কাষলৈ লৈ যোৱা, কিন্তু যোৱা কিছু বছৰ ধৰি ই এক শামুকীয়া গতিৰেহে আগুৱাই আছে ৷ এই ডিজিটেল স্বপ্নক বাস্তবায়িত কৰিবলৈ আৰু ইয়াৰ গতিক প্ৰয়োজনীয় ইন্ধনৰ যোগান ধৰিবলৈ এক সোণালী সুযোগে আহি ভাৰতৰ দুৱাৰদলিত টুকৰ মাৰিছেহি ৷ শেহতীয়াকৈ গুগুল্‌ৰ চি ই অ’ সুন্দৰ পিচাইয়ে কৰা এক উল্লেখযোগ্য ঘোষণাত প্ৰকাশ যে তেওঁৰ প্ৰতিস্থানটোৱে অনাগত পাঁচৰ পৰা সাত বছৰৰ ভিতৰত ভাৰতীয় সকলৰ ঘৰলৈ তেওঁলোকৰ আপোন ভাষাত তথ্য কঢ়িয়াই নিয়াৰ বাবে আৰু ডিজিটেলকৰণক সমগ্ৰ দেশখনতে এক ন স্তৰলৈ লৈ যাবৰ বাবে ৭৫,০০০ কোটি টকা বিনিয়োগ কৰিব ! গুগুলে চলিত বৰ্ষৰ শেষলৈ প্ৰায় ১০ লাখ শিক্ষকক বিশেষ প্ৰশিক্ষণ প্ৰদান কৰাৰ বাবে চি বি এছ ই (Central Board of Secondary Education)ৰ লগত এক ঐতিহাসিক চুক্তি সম্পাদন কৰে ৷

ফে’চবুক, যিয়ে ৰিলায়েন্স জিঅ’ত ৪২,০০০ কোটি টকা বিনিয়োগ কৰিছে, তাৰেই পদচিহ্ণক অনুসৰণ কৰি গুগুলেও এতিয়া ৩০,০০০ কোটি টকাৰো অধিক ধন বিনিয়োগ কৰাৰ আগ্ৰহ দেখুৱাইছে ৷ নিৰাশাবাদৰ উত্থানৰ সময়তে আৰু ক’ৰোনা মহামাৰীয়ে সৃষ্টি কৰা হতাশাৰ মাজতে দিকগ্বজ প্ৰতিস্থানটোৱে ভাৰতীয় বৃহৎ প্ৰতিস্থানসমূহ আৰু ষ্টাৰ্ট-আপ সমূহত ইকুইটি বিনয়োগ আৰু অংশিদাৰীত্বৰ প্ৰতি দেখুওৱা আগ্ৰহ সঞ্জীৱনি হৈ দেখা দিছে ৷ আজি অনলাইন প্ৰশাসন ব্যৱাস্থা, শিক্ষা আৰু ব্যৱসায়িক লেনদেনৰ গুৰুত্ব সৰ্বাধিক ৷ আমি লক্ষ্য কৰিব লাগিব গুগুলৰ শেহতীয়া পদক্ষেপে বৰ্তমানৰ ভাৰতৰ প্ৰতিখন ঘৰতে ইন্টাৰনেট সেৱা সুনিশ্চিত কৰাৰ লক্ষ্যৰে লেহেমীয়া গতিৰে চলি থকা ‘ডিজিটেল ইণ্ডিয়া’ লৈ ন উচাহৰ ঢল কেনেকৈ কঢ়িয়াই আনিব ৷ ৱাশ্বিংটন আৰু বেইজিনঙৰ মাজত দিনক দিনে বাঢ়ি গৈ থকা উত্তেজনাৰ পৰিপেক্ষিতত গুগুল্‌, ফে’চবুক, নেটফ্লিক্স আৰু টুইটাৰ আদিৰ দৰে প্ৰতিস্থানসমূহৰ ওপৰত চীনত ব্যৱসায় কৰাৰ বাবে নিষেধাজ্ঞা জাৰি কৰা হৈছে ৷

স্বাভাৱিকভাৱেই তেওঁলোকৰ দৃষ্টি চীনৰ পাচতেই সকলোতকৈ অধিক ৫৬ কোটিৰ বৃহৎ সংখ্যক ইন্টাৰনেট ব্যৱহাৰকাৰীৰ দেশ ভাৰতত নিবদ্ধ হয় ৷ এই সংখ্যা হ’ল ভাৰতৰ আধা সংখ্যক জনসংখ্যাতকৈও কম আৰু ভৱিষ্যতে যে নিশ্চিতভাৱে ব্যৱসায়ৰ সুযোগ বৃ্দ্ধি হ’ব ই তাৰেই সূচক ৷ গালৱান উপত্যকাত বৃদ্ধি পোৱা সংঘাত আৰু ক্ৰমবৰ্দ্ধমান উত্তেজনাৰ মাজতে ভাৰতে টিক-টককে ধৰি চীনৰ ৫৯ টা এপৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰে ৷ গুগুল আৰু আন প্ৰতিস্থান সমূহক ই ভাৰতৰ বজাৰত সুপ্ত অৱস্থাত থকা বৃহৎ সুযোগ খিনি দুয়োখন হাতেৰে খামুচি ধৰিবলৈ সুবিধা কৰি দি লাভান্বিত কৰিব, ঠিক একেদৰেই দেশৰ ডিজিটেল উপস্থিতিক ত্বৰান্বিত কৰাৰ এই সুযোগ ভাৰতৰ বাবেও লাভজনক ৷

সত্য নাদেলা, অৰৱিন্দ কৃষ্ণ আৰু লক্ষ্মী মিট্টল, এওঁলোকে ইউ এছ, কানাডা আৰু ছিংগাপুৰত তেওঁলোকৰ কোম্পেনীৰ বাবে মুঠ ৰাজহ এক লক্ষ্য ড’লাৰ কৰাত মূখ্য ভূমিকা লৈ আহিছে আৰু এতিয়া এওঁলোকেও ইয়াত বিনিয়োগ কৰাৰ প্ৰতি আগ্ৰহ দেখোৱাইছে… যিটো ভাৰতৰ অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত এক ডাঙৰ সহযোগিতাৰ বিষয় বুলিব পাৰি ৷ যি সময়ত ফে’চবুক আৰু গুগুলে উচ্চাকাংক্ষী পৰিকল্পনাৰে আগুৱাই আহিছে সেই সময়তে কেন্দ্ৰই তাৎক্ষণিকভাৱে ‘ডাটা গোপনীয়তা আৰু ব্যৱহাৰকাৰীৰ ব্যক্তিগত তথ্যৰ সুৰক্ষা’ ৰ প্ৰতি ধ্যান দিব লাগিব ৷ বহু বিশেষজ্ঞই সাৱধান কৰি কৈছে যে তথ্য-প্ৰযুক্তি আইন, যিখন দুটা দশক পূৰ্ৱে সংসদত অনুমোদন দিয়া হৈছিল আৰু ২০০৮ ত সংশোধন কৰা হৈছিল, সেইখন কাৰ্যকৰীভাৱে উপভুক্তাৰ স্বাৰ্থ ৰক্ষা কৰাত ব্যৰ্থ ৷

যুটীয়া সংসদীয় সমিতিয়ে ইউৰোপীয় ইউনিয়নৰ সাধাৰণ তথ্য সুৰক্ষা নিয়মাৱলীৰ আৰ্হিত এখন ব্যক্তিগত তথ্য সুৰক্ষা খছৰাৰ কথা বিবেচনা কৰিছে ৷ পৰিৱৰ্তিত পৰিস্থিতিত ভাৰতীয় জনগণৰ সপোনবোৰ তেতিয়াহে দিঠকত পৰিণত হ’ব যেতিয়া ইন্টাৰনেট সেৱাক মৌলিক অধিকাৰ হিচাপে স্বীকৃতি দি শক্তিশালী আইন প্ৰণয়ন কৰি যথাৰিতি বলৱৎ কৰিব লাগিব আৰু ব্যৱহাৰকাৰীৰ গোপনীয়তা আৰু সুৰক্ষাৰ কোনো হানি হ’ব নোৱাৰিব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.