ETV Bharat / bharat

ঋণলৈ লোৱা ধন পৰিশোধ নকৰাৰ বাবে গুলিয়াই হত্যা কৰিলে যুৱকক - A Man Shot Dead in Ahmedabad

আহমেদাবাদৰ বাস্ত্ৰাল অঞ্চলৰ ৰাধা চেম্বাৰত বছৰৰ অন্তিম দিনটোত দুৰ্বৃত্তই গুলিয়াই হত্যা কৰিলে এজন যুৱকক ৷ আৰপন পাণ্ডে আৰু সুশীল সিং ঠাকুৰ নামৰ দুজন লোকে হত্যা কাণ্ড সংঘটিত কৰাৰ তথ্য পোহৰলৈ আহিছে ৷

A Man Shot Dead in Ahmedabad in Money issue on 31st night.
ঋণলৈ লোৱা ধন পৰিশোধ নকৰাৰ বাবে গুলিয়াই হত্যা কৰিলে যুৱকক
author img

By

Published : Jan 1, 2021, 10:56 AM IST

Updated : Jan 1, 2021, 1:15 PM IST

আহমেদাবাদ,1 জানুৱাৰী: বছৰৰ অন্তিম দিনটোত আহমেদাবাদত সংঘটিত হৈছে এক হত্যা কাণ্ড ৷ ধনৰ বিনিময়ত এজন যুৱকক গুলিয়াই হত্যা কৰিলে দুৰ্বৃত্তই। ইতিমধ্যে আৰক্ষীয়ে এই ঘটনা সম্পৰ্কত দুজন অভিযুক্তক আটক কৰিছে। আৰপন পাণ্ডে আৰু সুশীল সিং ঠাকুৰ নামৰ দুজন লোকক আটক কৰিছে আৰক্ষীয়ে ৷

বাস্ত্ৰাল অঞ্চলৰ ৰাধা চেম্বাৰত নিশা প্ৰায় ৮ বজাত জশ্ৱান্ত সিং ৰাজপুত নামৰ এজন যুৱকজনক গুলিয়াই হত্যা কৰে । ছয় ৰাউন্দ গুলীৰে থকাসৰকা কৰে যুৱকজনৰ শৰীৰ ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ থিতাতে প্ৰাণ হেৰুওৱা যুৱকজনৰ মৃত দেহ উদ্ধাৰ কৰে আৰু দুই অভিযুক্তক আটক কৰে আৰক্ষীয়ে ৷

আটক কৰা দুজনৰ বিৰুদ্ধে চলোৱা তদন্তত পোহৰলৈ আহে হত্যা কাণ্ডৰ প্ৰকৃত কাৰণ ৷ মৃত যুৱকজনে ঋণলৈ লোৱা ধন পৰিশোধ নকৰাৰ বাবে সংঘটিত হ'ল এই হত্যা কাণ্ড ৷ ইতিমধ্যে আৰক্ষীয়ে দুই অভিযুক্তক আটক কাৰৰ লগতে হত্যা কাণ্ডত ব্যৱহৃত ৰিভ'লভাৰটো জব্দ কৰিছে ৷ জব্দ কৰা ৰিভ'লভাৰটো আন এজন লোকৰ নামত পঞ্জীয়ন হৈ আছে ৷

লগতে পঢ়ক: পিতৃয়ে 70 হাজাৰ টকাত বিক্ৰী কৰে কন্যাক

Last Updated : Jan 1, 2021, 1:15 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.