ETV Bharat / bharat

গান্ধী পৰিয়ালৰ সদস্য এগৰাকীয়েই কংগ্ৰেছৰ নেতৃত্ব বহন কৰা উচিত : মণি শংকৰ আয়াৰ

author img

By

Published : Sep 4, 2020, 10:19 AM IST

Updated : Sep 4, 2020, 11:23 AM IST

মণি শংকৰ আয়াৰৰ সৈতে এক বিশেষ সাক্ষাৎকাৰ...

A Gandhi should lead Congress, find friends to fight BJP, says Mani Shankar Aiyar
মণি শংকৰ আয়াৰৰ সৈতে এক বিশেষ সাক্ষাৎকাৰ

অমিত অগ্নিহোত্ৰী

প্ৰশ্নঃ কংগ্ৰেছ দলৰ ভিতৰচৰাত এখন প্ৰবীণ বনাম নবীনৰ বিতৰ্ক আৰু নেতৃত্ব সংকটৰ উদয় হোৱা যেন অনুমান হয় ৷ প্ৰকৃত সমস্যাটো কি ?

ঠিকেই কৈছে, কিন্তু ই অকল নেতৃত্বৰ প্ৰশ্ন নহয় ৷ ই ঘটনাক্ৰমেহে হৈছে৷ আনকি ২৩ গৰাকী জ্যেষ্ঠ নেতাইও (যি সকলে ছোনিয়া গান্ধীলৈ এখন অসন্তুষ্টি পত্ৰ প্ৰেৰণ কৰিছিল) তেওঁলোকৰ পৰামৰ্শত নেতৃত্বত সালসলনি ঘটালেই কংগ্ৰেছ দলৰ সমস্যাসমূহৰ মৌলিক সমাধান হৈ যাব বুলি কোৱা নাই ৷ যি নহওক, তেওঁলোকে যদি নেতৃত্বই সমস্যাসমূহৰ মূল বুলি বিশ্বাস কৰিছে; তেনেহ’লে তেওঁলোকৰ যিকোনো এজনেই যেতিয়া এ আই চি চি অধিৱেশন অনুষ্ঠিত হ’ব তাত প্ৰতিদ্বন্দিতা আগবঢ়াব পাৰিব ৷ মই মাত্ৰ আশা কৰিব পাৰোঁ যে তেওঁলোকৰ ভাগ্য ছোনিয়া গান্ধীৰ ৯৪০০ টা ভোটৰ বিৰুদ্ধে মাত্ৰ ৯৪ টা ভোট পোৱা জিতেন্দ্ৰ প্ৰসাদৰ দৰে নহ’লেই হ’ল ৷

সমস্যা অন্য কৰ’বাতহে আছে ৷ স্বাধীনতা আন্দোলনৰ সময়ত আৰু স্বাধীনতাৰ পৰৱৰ্তী কালৰ প্ৰথম ২০ বছৰত আমাৰ লগত থকা আমাৰ সামাজিক গোটসমূহ ১৯৬৭ চনৰ ৰাষ্ট্ৰীয় নিৰ্বাচনৰ পৰা সংযুক্ত ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছ দলৰ পৰা পৃথক হৈ নিজৰ নিজৰ ভাগ্যৰ সন্ধানৰ চেষ্টা কৰিবলৈ ধৰে ৷ বিশেষকৈ, ১৯৯০ চনৰ মণ্ডলৰ পাচত, অনেক পিচপৰা শ্ৰেণীয়ে নিজকে এক পৃথক গোট ৰূপে গঠন কৰে ৷ আৰু তেতিয়াই য়াদৱসকলে নিজকে আন আন পিচপৰা শ্ৰেণীবোৰতকৈ বহু আগবঢ়া বুলি আৱিস্কাৰ কৰে লগতে অনুসূচিত জাতিসমূহৰ ভিতৰত জাতৱসকলে নিজকে সকলোতকৈ আগবঢ়া বুলি আৱিস্কাৰ কৰে ৷ ১৯৯২ চনৰ বাবৰি মছজিদ ধ্বংসৰ পাচত এক ধৰণৰ খেলিমেলিৰ সৃষ্টি হৈছিল ৷ মুছলিমসকলে ব্যাপক হাৰত কংগ্ৰেছ দল ত্যাগ কৰিছিল ৷

নেতৃত্বত থকা সমস্যালৈ ধ্যান নিদিব ৷ সমস্যাটো ইয়াতকৈ বহু গভীৰ ৷ মোৰ দৃষ্টিত ইয়াক সমাধান কৰিবলৈ হ’লে এই সমূহ সামাজিক গোটক কংগ্ৰেছলৈ পুনৰ আদৰি অনাৰ পৰিৱৰ্তে অতি গুৰুত্বপূৰ্ণ কথাটো হ’ল; আঞ্চলিক তথা জাতিগত তথা সম্প্ৰদায় ভিত্তিত গঠিত হোৱা দলসমূহক; কেৰালা আৰ্হিৰ লেখীয়াকৈ, য’ত জোটবন্ধনৰ সদস্যতাৰ বাবে বিগত নিৰ্বাচনবোৰৰ ঠিক পাচতেই সিদ্ধান্ত লোৱা হৈছিল; তেওঁলোক যিধৰণে আছে তেনেকৈয়ে থাকিবলৈ দি জোটবন্ধনৰ বাবে আমন্ত্ৰণ জনাব লাগে ৷ এই সংস্থানসমূহে নিজস্ব পৰিচয় বজাই ৰাখে আৰু এইটো ভালদৰে জানে যে যদি জোটবন্ধন ক্ষমতালৈ আহে তেনেহ’লে তেওঁলোকে কেনে ধৰণৰ দপ্তৰবোৰ পাব ৷

প্ৰশ্নঃ কিন্তু কোনো এক জোটবন্ধনৰ প্ৰয়োজনীয়তা কি ? এই আঞ্চলিক দলসমূহে কংগ্ৰেছৰ ছত্ৰছায়াৰ অধীনত কাম কৰিবলৈ বিচাৰিব নে ?

ভাৰতীয় জনতা দলক পৰাস্ত কৰিবলৈ হ’লে; একমাত্ৰ কাৰ্যাকৰী পথ হ’ব এক জোটবন্ধন গঠন কৰা ৷ মই আঞ্চলিক দলসমূহক কংগ্ৰেছৰ সহযোগীতাৰে কাৰ্যপন্থা হাতত ল’বলৈ পৰামৰ্শ আগবঢ়াইছোঁ ৷

যদিহে আমি বিনম্ৰ হওঁ, তেতিয়াহে আমি বিজয়ী হোৱাৰ সম্ভাৱনা আছে ৷ যদি আমি ক’বলৈ আৰম্ভ কৰি দিওঁ যে তোমালোক আমাৰ নেতৃত্বৰ অধীনলৈ আহিলা; তেনেহ’লে তেওঁলোলকে এইটো অগ্ৰায্য কৰাৰ সম্ভাৱনীয়তা আছে ৷ যদিহে আমাৰ এক সাধাৰণ বুজাবুজি থাকে যে আটাইতকৈ সৰহ সংখ্যক আসন অধিকাৰ কৰা দলটোৱে পূৰ্ৱ নিৰ্দ্ধাৰিত চুক্তি অনুযায়ী জোটবন্ধনটোৰ নেতৃত্ব বহন কৰিব বা সেই স্তৰত গ্ৰহণযোগ্য অন্য কোনো ধৰণৰ সুত্ৰ; তেনে ক্ষেত্ৰত জোটবন্ধনৰ নেতৃত্ব কোনে বহন কৰিব সেই বিষয়টোক একাষৰীয়া কৰি থৈ এইটো সুনিশ্চিত কৰিব লাগিব যে এই মিত্ৰতাই জোটবন্ধন গঠন কৰিব পাৰিব ৷ মই কৈছোঁ যে এতিয়াই প্ৰধান মন্ত্ৰীত্বৰ আসনখন নিবিচাৰিবা ৷ যদি ই আমাৰ হাতলৈ আহে তেনেহ’লে ভাল কথা ৷ কিন্তু কোন প্ৰধান মন্ত্ৰী হ’ব তাক লৈ যুঁজ কৰাৰ এইয়া উচিত সময় নহয় ৷ মোৰ বোধেৰে ২০২৪ চনত বি জে পিক পৰাস্ত কৰিবলৈ হ’লে আমাক কেৰালাৰ আৰ্হিত অখিল ভাৰতীয় সংযুক্ত মৰ্চাৰ প্ৰয়োজন হ’ব ৷

প্ৰশ্নঃ একাদিক্ৰমে দুটাকৈ ৰাষ্ট্ৰীয় নিৰ্বাচনত দলটোৱে লোক সভাত বিপক্ষৰ দলপতি যোগ্যতা অৰ্জন কৰিব পৰাকৈ নূন্যতম দহ শতাংশ (৫৪ খন) আসনো দখল কৰিবলৈ সক্ষম নহ’ল ৷ আপোনাৰ মতামত ?

অৱশ্যেই ই এক ডাঙৰ প্ৰত্যাহ্বান ৷ এনেকুৱা সময় কিছুমানো আছিল যেতিয়া আমি পিচ পৰি থাকিব লগা হৈছিল ৷ যদি নেতৃত্বৰ বিষয়টো উত্থাপিত হয় তেনেহ’লে আমি ইয়াক কাৰ্যোত্তৰভাৱে গ্ৰহণ কৰিব লাগিব ৷ মোৰ গৃহ ৰাজ্য তামিলনাডুত আমি ১৯৬৭ চনৰ পৰাই ক্ষমতাত নাই আৰু অন্ততঃ অহা ৬০০ বছৰমান লৈকে ক্ষমতা দখল কৰিবলৈ নাপাম ৷ কিন্তু তামিলনাডুত এনে এখন গাওঁ নাই য’ত কোনোৱেই কংগ্ৰেছক সমৰ্থন জনাবলৈ প্ৰস্তুত হৈ থকা নাই ৷ এইটোৱেই আমাক ডি এম কে আৰু এ আই এ ডি এম কেৰ মাজত ভাৰসাম্য ভূমিকা বজাই ৰখাত সুবিধা প্ৰদান কৰিছে আৰু আমি বাচি গ’লোঁ ৷ মই যেতিয়া ১৯৯১ চনত সংসদলৈ আহিছিলোঁ তেতিয়া তামিলনাডুত এ আই এ ডি এম দলৰ সৈতে থকা আমাৰ জোটবন্ধনে সমগ্ৰ ৩৯ খন আসনত জয়ী হৈছিল ৷ সংসদীয় ৰাজনীতি পৰিৱৰ্তনশীল ৷ আমি কেনে স্থিতি ল’ব লাগিব তাক চিনাক্ত কৰিব লাগিব আৰু মই আশা কৰোঁ যে সামাজিক গোটসমূহক পুনৰ ঘূৰাই পাম ৷

প্ৰশ্নঃ এইটো বাৰু এক দীৰ্ঘকালিন সমাধান ৷ কিন্তু সম্প্ৰতি, কংগ্ৰেছক এজন নিৰ্বাচিত সভাপতিৰ প্ৰয়োজন আছে নে কি ?

যদি বৰ্তমানৰ নেতৃত্বই অংশ লোৱা বিষয়বোৰৰ ক্ষেত্ৰত নিজকে সমৰ্পিত কৰিবলৈ সক্ষম হয় তেনেহ’লে ই আৰু অধিক ভাল হ’ব ৷ মই নাভাৱো যে উলুৱনি চাফা কৰিবলৈ বগৰী কেইজোপাতো জুই লগাই দিলে সদোত্তৰটো পাম ৷ ৰাহুল গান্ধীয়ে কংগ্ৰেছক এজন বিকল্প বিচাৰি উলিয়াবলৈ অনেক সুযোগ দিছে ৷ তেওঁ দুমাহ জুৰি কৈ আহিছিল যে মই নেতৃত্ব ত্যাগ কৰিম আৰু মোৰ মাতৃকো (ছোনিয়া গান্ধী) নাইবা মোৰ ভগ্নীকো (প্ৰিয়ংকা গান্ধী ৱাদ্ৰা) নেতৃত্ব বহনৰ অনুমতি প্ৰদান নকৰিম ৷ কিন্তু কংগ্ৰেছৰ কোনো এজনেই দলটোক অকলষৰীয়াকৈ আগুৱাই নিবলৈ প্ৰাৰ্থী হিচাপে আগবাঢ়ি নাহিল ৷ বি জে পিৰ কংগ্ৰেছ মুক্ত ভাৰতৰ যি লক্ষ্য; সেই লক্ষ্যত তেওঁলোক তেতিয়াহে সফল হ’ব যেতিয়া কংগ্ৰেছ দল এক গান্ধী মুক্ত কংগ্ৰেছ দল হ’ব ৷ আমাৰ সময়বোৰ নেতৃত্ব কোনে বহন কৰিব বা নকৰিব সেই বিষয়ত অপচয় কৰাটো উচিত নহ’ব ৷

প্ৰশ্নঃ তেনেহ’লে আপুনি কৈছে যে গান্ধী পৰিয়াল অপৰিহাৰ্য ? দলটোক শক্তিশালী কৰা বিষয়টোৰ কি হ’ব ?

মোৰ মনত এই কথাটোত কোনো প্ৰশ্ন নাই যে তিনিজন গান্ধীৰ ভিতৰত কোনো এজন পৰিচালনাত থাকিবই লাগিব ৷ সেইজন হয়তো ৰাহুল গান্ধীও হ’ব পাৰে… যিহেতু তেওঁ বাৰম্বাৰ কৈছে যে তেওঁ দলৰ বাবে সদা উপলব্ধ… আমি কেনেকৈ অনিচ্ছুক ব্যক্তি এজনক নেতৃত্ব বহন কৰিবলৈ হেঁচা প্ৰয়োগ কৰিব পাৰোঁ… হয়তো তেওঁ মন সলনি কৰিবও পাৰে ৷ নাইবা প্ৰিয়ংকাই খোজ দিব পাৰে বা নিজৰ অসুস্থতাৰ স্বত্বেও ছোনিয়া গান্ধীয়ে চলাই নিব পাৰে ৷ এটা দল হিচাপে আমি সুদৃঢ় সংকল্প লব লাগিব যে বি জে পি আৰু গেৰুৱা ভাতৃত্ববোধ হ’ল আমাৰ একমাত্ৰ শত্ৰু ৷ বাকী সকলো বিষয়েই গৌণ ৷ আমি আমাৰ হেৰাই যোৱা সামাজিক গোটসমূহক ঘূৰাই আনিবলৈ সুদৃঢ় জোটবন্ধন গঠন কৰিব লাগিব ৷ আমি গান্ধী পৰিয়ালৰ কোনো এজনৰ অধীনত একগোট হ’ব লাগিব আৰু অনাগত চাৰিটা বছৰ যুঁজ দি এইটো লক্ষ্য কৰিব লাগিব যে আমি কোনো ভাল ফলাফল উলিয়াব পাৰিলোনে নাই ৷ লোকসভা নিৰ্বাচনত দলটো দূৰ্বল হোৱাৰ বাবে আমাৰ আসনৰ সংখ্যা ৫২ খনলৈ নামি অহা নাছিল, বৰঞ্চ সম্পূৰ্ণৰূপে বিভক্ত হৈ পৰা অনা বি জে পি ভোটাৰসকলৰ বাবেহে এইয়া হৈছিল; ২০১৯ চনত যাৰ হাৰ আছিল ৬৩ শতাংশ ৷ আমি তেওঁলোকক একগোট কৰি তুলিব লাগিব ৷ কংগ্ৰেছ দলে তেতিয়াহে বিশ্বাসযোগ্যতা অৰ্জন কৰিব পাৰিব যেতিয়া আমি এক সবল নেতৃত্বৰ অধীনত এক শক্তিশালী আৰু ঐক্যবদ্ধ দল হিচাপে নিজকে প্ৰতিস্থা কৰিব পাৰিম ৷ মই বিশ্বাস কৰোঁ গান্ধী পৰিয়ালৰ এজনেহে তেনে নেতৃত্ব বহন কৰিব পাৰিব ৷ পাঁচটা প্ৰজন্ম ধৰি গান্ধী পৰিয়ালে কংগ্ৰেছ দলৰ নেতৃত্ব লৈ আহিছে আৰু যদি দলৰ ভিতৰচৰাত সহমত নাই; তেনেহ’লে হয়তো এইয়াই সময় নতুন কোনোবা এনে এজনক নেতৃত্বৰ ভাৰ দি চেষ্টা কৰি চোৱাৰ; যিজনে দলৰ উচ্চ পদত অধিস্থিত হৈ থকা নাই ৷

প্ৰশ্নঃ তেন্তে প্ৰিয়ংকা গান্ধী ৱাদ্ৰা আপোনাৰ পচন্দৰ ?

নহয়, মোৰ পচন্দ হ’ল এজন গান্ধী; পৰিয়ালে যাকেই নিৰ্বাচিত কৰে ৷

প্ৰশ্নঃ ২০১৯ চনৰ পৰাই এজন অনা-গান্ধী কংগ্ৰেছ সভাপতিৰ বিষয়ে কথা ওলাই আছে ? এইটো কোনো এক উপযুক্ত বিকল্প হ’বনে ?

যুৱাৱস্থাত মোৰ এটা ইচ্ছা আছিল যে হিন্দী চিনেমাৰ জনপ্ৰিয় অভিনেত্ৰী মধুবালাক মই বিয়া কৰাম ৷ কিন্তু সেইটো নহ’ল ৷ অনা-গান্ধী এজন কংগ্ৰেছ দলৰ প্ৰধান হোৱা বিষয়টোৰ মোৰ সেই পুৰণি ইচ্ছাটোৰ লগত বহুখিনি মিল আছে ৷ গান্ধী পৰিয়াল থকালৈকে এনে কোনো অনা-গান্ধী নোলাব যিজনে সেই আসনত বহিব পাৰিব ৷

প্ৰশ্নঃ আভ্যন্তৰীণ নিৰ্বাচনৰ বিষয়ে কি ক’ব ?

১৯৯০ চনত প্ৰাক্তন (স্বৰ্গীয়) প্ৰধান মন্ত্ৰী ৰাজীৱ গান্ধীয়ে এইটো কৈছিল আৰু ২০০৭ চনৰ পৰা ৰাহুল গান্ধীয়ে কৈ আহিছে ৷ তেওঁ আনকি ভাৰতীয় যুৱ কংগ্ৰেছ আৰু ভাৰতীয় ছাত্ৰ সন্থাতো এইটো কৰিবলৈ চেষ্টা কৰিছিল ৷ অৱশ্যে কিছুমান বিতৰ্ক আছে ৷ কিন্তু সেইবোৰ প্ৰাথমিক বিষয় নহয় ৷ এইবোৰ আছিল অভিনৱ ধাৰণা ৷ মই আশা কৰোঁ যে দলে ২৩ গৰাকী নেতাই আগবঢ়োৱা প্ৰস্তাৱসমূহৰ কিছু সংখ্যক নাইবা সমগ্ৰ প্ৰস্তাৱখিনিকে গ্ৰহণ কৰিব ৷

লগতে পঢ়ক : ইচ্ছা মৃত্যু বিচাৰি ৰাজ্যপাললৈ আবেদন এজন অসহায় ব্যক্তিৰ

Last Updated : Sep 4, 2020, 11:23 AM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.