ETV Bharat / bharat

চেনিটাইজাৰ পান কৰি অন্ধ্ৰ প্ৰদেশত ৯জনৰ মৃত্যু - প্ৰকাশম জিলাৰ আৰক্ষী অধীক্ষ্যক সিদ্ধাৰ্থ কৌশল

অন্ধ্ৰ প্ৰদেশত চেনিটাইজাৰ পান কৰাৰ ফলত নজনকৈ লোকৰ মৃত্যু ঘটিছে । ক'ৰণাৰ ভয়াৱহ সংক্ৰমণ ৰোধৰ বাবে ৰাজ্যখনৰ বহুকেইখন জিলাত প্ৰশাসনে জাৰি কৰা ১০ দিনৰ লক ডাউনৰ পৰিপেক্ষিতত জিলা সমূহৰ বহুকেইখন চহৰকে ধৰি গাঁওসমূহতো বন্ধ হৈ আছে সুৰাৰ বিপনীসমূহ । ফলত সুৰা নাপাই একাংশ নিয়মীয়া সুৰাপায়ীয়ে চেনিটাইজাৰকে পান কৰিবলৈ আৰম্ভ কৰিছে ।

চেনিটাইজাৰ পান কৰি অন্ধ্ৰ প্ৰদেশত ৯জনৰ মৃত্যু

author img

By

Published : Jul 31, 2020, 4:42 PM IST

নিউজ ডেস্ক,৩১ জুলাই: ৰাজ্যখনৰ আৰক্ষী সূত্ৰে জানিব পৰা মতে,ক'ৰণাৰ ভয়াৱহ সংক্ৰমণ ৰোধৰ বাবে ৰাজ্যখনৰ বহুকেইখন জিলাত স্থানীয় প্ৰশাসনে জাৰি কৰা ১০ দিনৰ লক ডাউনৰ সময়চোৱাত প্ৰকাশম জিলাত চহৰ সমূহকে ধৰি গ্ৰাম্যাঞ্চলতো সুৰাৰ বিপনীসমূহ বন্ধ হৈ আছে । ফলত জিলাখনৰ একাংশ নিয়মীয়া সুৰাপায়ীয়ে সুৰা নাপাই চেনিটাইজাৰকে পান কৰাৰ ফলত ৯জনকৈ ব্যক্তিৰ মৃত্যু ঘটিছে ।

এই শোকাৱহ ঘটনাৰ ফলত জিলাখনত বৃহস্পতিবাৰে তিনিজন আৰু শুকুৰবাৰে ছয়জন ব্যক্তিৰ মৃত্যু ঘটিছে । শোকাৱহ ঘটনাটো সংঘটিত হৈছে প্ৰকাশম জিলাৰ কুৰিছেদু সদৰত । জিলাখনৰ সদৰকে ধৰি গ্ৰামাঞ্চলতো লক ডাউনৰ বাবে সকলো সুৰা বিপনী বন্ধ থকাৰ ফলত একাংশ নিয়মীয়া সুৰাপায়ীয়ে সুৰা নাপাই হাত ধুবৰ বাবে ব্যৱহাৰ কৰা বীজাণু নাশক চেনিটাইজাৰকে পান কৰিছিল ।

মৃত্যু হোৱা এই কেইগৰাকীৰ ব্যক্তিৰ তিনিজন আছিল মগনীয়া লোক । স্থানীয় এটা মন্দিৰৰ সন্মুখত ভিক্ষা কৰি জীৱন অতিবাহিত কৰিছিল । চেনিটাইজাৰ পান কৰা পিছতে পেটত অধিক জ্বলা পোৰা আৰম্ভ হৈ ইয়াৰে এজনৰ ঘটনাস্থলীতে মৃত্যু হোৱাৰ বিপৰীতে আন দুজন ব্যক্তি চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়।

তাৰোপৰি আন এজন ২৮ বছৰীয়া যুৱকে সুৰাৰ লগত চেনিটাইজাৰ মিহলি কৰি পান কৰাৰ ফলত নিজ ঘৰতেই অচেতন হৈ পৰাৰ পিছত চিকিৎসালয়লৈ নি থকা অৱস্থাতে যুৱকজনৰ মৃত্যু ঘটে ।

আনহাতে শুকুৰবাৰে পুৱাই চেনিটাইজাৰ পান কৰাৰ ফলত অসুস্থ হৈ পৰা ছয়জনকৈ ব্যক্তিক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও আটাইকেইগৰাকীৰে মৃত্যু ঘটিছে । এতিয়া জিলাখনৰ আৰক্ষীয়ে চেনিটাইজাৰ পান কৰি আৰু অধিক লোক চিকিৎসাধীন হৈছে নেকি তাক লৈ অনুসন্ধান আৰম্ভ কৰিছে ।

ইতিমধ্যে প্ৰকাশম জিলাৰ আৰক্ষী অধীক্ষক সিদ্ধাৰ্থ কৌশলে জিলাখনত সংঘটিত এই শোকাৱহ ঘটনাৰ তদন্তৰ বাবে জাৰি কৰিছে নিৰ্দেশ । তাৰোপৰি এই ঘটনা সংঘটিত অঞ্চল সমূহত অৱস্থিত চেনিটাইজাৰ বিক্ৰী কৰা দোকান সমূহৰ পৰা চেনিটাইজাৰ সমূহ জব্দ কৰি পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰাৰ কথা অৱগত কৰিলে আৰক্ষী অধীক্ষক গৰাকীয়ে ।

মৃত ব্যক্তিকেইগৰাকীয়ে কেৱল চেনিটাইজাৰকে পান কৰিছিল নে অন্য কোনো ৰসায়নিক দ্ৰব্য মিহলি কৰিছিল তাক লৈ আৰক্ষীয়ে আৰম্ভ কৰিছে অনুসন্ধান । উল্লেখ্য যে, ক'ৰণাৰ ভয়াৱহ সংক্ৰমণ হোৱাৰ ফলত সংক্ৰমণৰ চেইনডাল চিঙিবৰ বাবে জাৰি কৰা ১০ দিনৰ লক ডাউনৰ সময়চোৱাত প্ৰকাশম জিলাৰ কুৰিছেদু সদৰকে ধৰি গ্ৰাম্যাঞ্চল সমূহত বন্ধ হৈ আছিল সুৰাৰ বিপনী সমূহ ।

ইতিমধ্যে আৰক্ষীয়ে চিনাক্ত কৰা মৃত ব্যক্তিকেইজন ক্ৰমে এ শ্ৰীনু(২৫), তিৰুপাটাইয়া(৩৭), জি ৰামিৰেড্ডি(৬০), কাডিয়াম ৰামনাইয়া(২৯), ৰামনাইয়া(৬৫), ৰাজিৰেড্ডি(৬৫), বাবু(৪০), চাৰ্লিছ(৪৫) আৰু আগষ্টিন(৪৭) ।

লগতে চাওকঃ ৰাজস্থান ৰাজনৈতিক সংকট : জয়শালমেৰলৈ স্থানান্তৰিত হ'ব অশোক গেহটল শিবিৰৰ বিধায়কক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.